অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
জীৱনৰ মধুৰতম সময়
জীৱনৰ মধুৰতম সময় (Jibonor Modhurotom Homoi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০১২ চনত।
-
জীৱনৰ সাধনা
জীৱনৰ সাধনা (Jibonor Hadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। লেখকে গ্ৰন্থখন ভবানী দত্ত খৰ্কৱালৰ কৰকমলেষুত আগবঢ়াইছে।
-
জীৱনৰ সৰাপাত
জীৱনৰ সৰাপাত (Jiwanar Sarapat) অসমীয়া লেখক তথা সমাজকৰ্মী কিৰণময়ী বৰাৰ স্মৃতিকথা। কিতাপখন অসমৰ এটি পুৰণি প্ৰকাশন গোষ্ঠী বাণী মন্দিৰে প্ৰকাশ কৰিছে আৰু পৰিৱেশন কৰিছে উজ্জ্বল হাজৰিকা, বাণী মন্দিৰ আৰু মনাস্মৃতা হাজৰিকা, লাৱণ্য প্ৰকাশে। ২০১১ চনত কিতাপখন প্ৰথম প্ৰকাশ হৈছিল।
-
জ্যোতিপ্ৰসাদ ৰচনাৱলী
জ্যোতিপ্ৰসাদ ৰচনাৱলী (Jyotiprasad Rachanavali) হৈছে ২০০৭ চনৰ নৱেম্বৰ মাহত প্ৰকাশ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাসমূহৰ পৰিমাৰ্জিত আৰু পৰিবৰ্ধিত সংকলন। এই ৰচনাৱলীখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। ১৯৮১ চনত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থখনৰ সপ্তমটো সংস্কৰণ ২০০৭ চনত প্ৰকাশ পায়।
-
টাই সংস্কৃতিৰ ৰূপৰেখা
টাই সংস্কৃতিৰ ৰূপৰেখা (Tai Sanskritir Ruprekha) অসমীয়া সাহিত্যিক, বুৰঞ্জীবিদ ড° লীলা গগৈয়ে ৰচনা কৰা এখন অসমীয়া গ্ৰন্থ। এই গ্ৰন্থখনত টাই সংস্কৃতিৰ বিষয়ে থূলমূলকৈ আলোচনা কৰা হৈছে। ১৯৬১ চনত টাই সংস্কৃতিৰ কোনো কোনো দিশ সামৰি গগৈৰ ৰচনাৰ এক সংকলন প্ৰকাশন পৰিষদৰ অৰ্থ সাহায্যত প্ৰকাশিত হয়।
-
ডাৰউইন (গ্ৰন্থ)
ডাৰউইন (Darwin ) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।
-
তপত দিন দীঘল ৰাতি
তপত দিন দীঘল ৰাতি আফ্ৰিকাৰ কেইটামান নিৰ্বাচিত চুটিগল্পৰ অনুবাদ সংকলন। মূল 'Hot Days Long Nights' গ্ৰন্থখনৰ সম্পাদক নাদেঝডা অবৰাড’ভিচ্ছ। গ্ৰন্থখনৰ গল্পবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছে অমৃত জ্যোতি মহন্তই। গ্ৰন্থখন প্ৰকাশ কৰিছে নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই।
-
তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ
তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ (Tar Pora Ubhoti Ahiso Ami Jot Nasilo) কবি মৃদুল হালৈয়ে ৰচনা কৰা অসমীয়া কবিতাৰ এক সংকলন। এই সংকলনটো আঁক-বাক প্ৰকাশনে ২০২২ চনৰ জুলাই মাহত প্ৰকাশ কৰে। এইখন হালৈৰ তৃতীয় কাব্য সংকলন। ইয়াত মুঠ ৩৫টা কবিতা সন্নিৱিষ্ট কৰা হৈছে।
-
ত্ৰিপুৰা বুৰঞ্জী (গ্ৰন্থ)
ত্ৰিপুৰা বুৰঞ্জী (Tripura Buranji) হৈছে সূৰ্য্যকুমাৰ ভূঞাই সম্পাদনা কৰা এখন বুৰঞ্জীমূলক গ্ৰন্থ৷ ১৯৩৮ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ মূল লেখক হ’ল ৰত্নকন্দলী আৰু অজুৰ্ন দাস কটকী৷ সূৰ্যকুমাৰ ভূঞাই পাতনিত উল্লেখ কৰিছে যে গ্ৰন্থখনৰ সাঁচিপাতৰ পাণ্ডুলিপিটোৰ ফটোষ্টেট কপি এটা ব্ৰিটিছ মিউজিয়ামৰপৰা ১৯৩৬ চনত লাভ…
-
দন্দুৱা দ্ৰোহ (উপন্যাস)
দন্দুৱা দ্ৰোহ (Danduwa Droh) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত এখনি বুৰঞ্জীনিৰ্ভৰ উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে অসম বুৰঞ্জীৰ এটি উল্লেখযোগ্য বিদ্ৰোহ দন্দুৱা দ্ৰোহ। গ্ৰন্থখনত ১৯০৯ চনত প্ৰকাশিত হৈছিল।
-
দলিপুৰাণ
দলিপুৰাণ বা পাথৰিঘাটৰ ৰণ (Doli Puran) কবি নৰোত্তম ৰচিত এটা ঐতিহাসিক বেলাড। ইয়াত ১৮৯৪ চনত দৰং জিলাত সংঘটিত হোৱা পথৰুঘাটৰ ৰণৰ ঘটনাৱলী বিবৃত হৈছে, য’ত ব্ৰিটিছ আৰক্ষীৰ হাতত শতাধিক কৃষকৰ মৃত্যু হৈছিল। অনাখৰী কবি নৰোত্তমে সমস্ত ঘটনাৱলী পদ্যৰ ৰূপত মুখেমুখে ৰচনা কৰিছিল।
-
দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প
দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প হ'ল দীনেশ চন্দ্ৰ গোস্বামী বিৰচিত অসমীয়া কল্পবিজ্ঞান গল্পৰ এক সংকলন। এই সংকলনখনিত জনপ্ৰিয় বিজ্ঞানৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত লেখকগৰাকীৰ কুৰিটা কল্পবিজ্ঞান গল্প অন্তৰ্ভুক্ত কৰা হৈছে।
-
নন্দনতত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য
নন্দনতত্ত্ব: প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্যনাথ গোস্বামী। মুঠ বাৰটা অধ্যায়ত বিভক্ত বৃহৎ কলেৱৰৰ গ্ৰন্থখনে অসমীয়া সাহিত্যত সততে নোপোৱা এক বিষয় নন্দনতত্ত্বৰ বিষয়ে পুংখানুপুংখকৈ আলোচনা কৰিছে।
-
নিঃসঙ্গতা (গ্ৰন্থ)
নিঃসঙ্গতা (Nisongota) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। ২০০০ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ ২০০৮ চনলৈকে পাঁচটা সংস্কৰণ প্ৰকাশ পায়।
-
নিবন্ধ ঊনবিংশ (গ্ৰন্থ)
নিবন্ধ ঊনবিংশ এখন প্ৰবন্ধধৰ্মী সমালোচনামূলক গ্ৰন্থ৷ গ্ৰন্থখনৰ লিখক যোগেন্দ্ৰনাৰায়ণ ভূঞা৷ ২০০৭ চনৰ নৱেম্বৰ মাহত অসম প্ৰকাশন পৰিষদৰপৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয়৷ গ্ৰন্থখনত সৰ্মমুঠ ১৯ টা প্ৰবন্ধ আছে৷
-
নিৰ্বাচিত সমালোচনা
নিৰ্বাচিত সমালোচনা (Nirbachit Samalochana) হৈছে অসমৰ সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু অসম প্ৰকাশন পৰিষদৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২১ টা ভিন্নধৰ্মী বিষয়ত আলোকপাত কৰা গ্ৰন্থখনত লেখকে অসমৰ কলা-সাহিত্য আৰু সাংস্কৃতিক জগতৰ বহুকেইগৰাকী লেখত…
-
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা (Nilomani Phookanar Xampurna Kabita) হৈছে অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি-সাহিত্যিক নীলমণি ফুকনৰ দ্বাৰা লিপিবদ্ধ কবিতাৰ একত্ৰ সংকলন৷ এই সংকলনত কবিৰ আটাইবোৰ কবিতা সংৰক্ষিত হৈছে৷ ২০০৬ চনত অৰ্থাৎ সংস্কৰণে সম্পূৰ্ণ কবিতা নামেৰে প্ৰকাশিত কৰা এই সংকলকখন আঁক-বাক প্ৰকাশনে ২০১৩ চনত…
-
পাঠকৰ টোকাবহী
পাঠকৰ টোকাবহী(Pathokor Tokabohi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৪৭ টা প্ৰবন্ধ আছে।
-
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি (গ্ৰন্থ)
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি শীৰ্ষক গ্ৰন্থখন মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত। ১৯৫৭ চনত বাণী মন্দিৰ প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনত অসমৰ সামাজিক-সাংস্কৃতিক জীৱনৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে।
-
পোহৰৰ সাধনা
পোহৰৰ সাধনা (Puhoror Hadhona ) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। বিজ্ঞানী টমাছ আলভা এডিছনৰ জীৱনক লৈ গ্ৰন্থখন ৰচিত। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।
-
প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ (গ্ৰন্থ)
প্লেন্টাৰ ৰাজৰপৰা স্বৰাজলৈ-অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি, ১৮২৬-১৯৪৭ হৈছে অমলেন্দু গুহ ৰচিত ঔপনিৱেশিক কালৰ অসমৰ এক সামগ্ৰিক ইতিহাস।। কিতাপখন অন্বেষা প্ৰকাশে প্ৰকাশ কৰিছে। কিতাপখনৰ আইএছবিএন নম্বৰ হৈছে- ৮১-৮৯০০৩-৮৭-৯ আৰু মূল্য: ৪৮০ টকা।
-
প্ৰতিমা (কাব্য গ্ৰন্থ)
প্ৰতিমা (Pratima) হৈছে অসমৰ কবি, সাহিত্যিক আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কাব্য গ্ৰন্থ। সংকলনটি ১৯১৩ চনত প্ৰকাশিত হৈছিল। সংকলনটিত সন্নিৱিষ্ট হোৱা প্ৰায়বোৰ কবিতাই জোনাকী আলোচনীত পূৰ্বতে প্ৰকাশিত হৈছিল।
-
প্ৰাচীন কামৰূপৰ ইতিহাস (গ্ৰন্থ)
প্ৰাচীন কামৰূপৰ ইতিহাস হৈছে কনকলাল বৰুৱাৰ দ্বাৰা ৰচিত Early History of Kamarupa শীৰ্ষক বুৰঞ্জীখনৰ অঞ্জন শৰ্মাই অসমীয়ালৈ কৰা অনুবাদ। ১৯৩৩ চনত প্ৰথম প্ৰকাশ পোৱা মূল ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰকাশ হয় ২০২০ চনত।
-
প্ৰেম অমৃতৰ নদী
প্ৰেম অমৃতৰ নদী (Prem Amritoro Nodi) হৈছে অসমৰ গল্পকাৰ, সাহিত্যিক, নাট্যকাৰ, ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজীৰ আখ্যানেই এই গ্ৰন্থখনৰ মূল আধাৰ। ১৯৯৯ চনত এই উপন্যাসখন প্ৰকাশিত হৈছিল।
-
পৰিচয় (গ্ৰন্থ)
পৰিচয় (ইংৰাজী: Parichay) হৈছে অসমৰ সাহিত্যিক দণ্ডিনাথ কলিতাৰ দ্বাৰা লিখিত এখন সামাজিক উপন্যাস৷ উপন্যাসখন পোনপ্ৰথমবাৰৰ বাবে ১৯৫০ চনত প্ৰকাশিত হৈছিল৷
-
পৰিৱেশৰ বাবে সামান্য কাম (গ্ৰন্থ)
পৰিৱেশৰ বাবে সামান্য কাম (Pariveshar babe xamanya kam) ড° দীনেশ চন্দ্ৰ গোস্বামীৰ পৰিৱেশ বিষয়ক জনপ্ৰিয় বিজ্ঞানৰ এখন প্ৰবন্ধ সংকলন। ২০১৭ চনৰ আগষ্ট মাহত অসম বুক ট্ৰাষ্ট, গুৱাহাটী -১, অসমৰ পৰা সংকলনটি প্ৰকাশিত হয়।
-
পৱিত্ৰ অসম
পৱিত্ৰ অসম অসমৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে মহেশ্বৰ নেওগৰ দ্বাৰা সংকলিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় অক্টোবৰ ১৯৬০ চনত। প্ৰকাশক অসম সাহিত্য সভা। গ্ৰন্থখনত অসমৰ প্ৰতিখন জিলাৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে।
-
ফুখাও চাম ৱা মটক
ফুখাও চাম ৱা মটক ড° কৰবী বৰুৱা গগৈয়ে ৰচনা কৰা এখন গৱেষণামূলক গ্ৰন্থ। টাই ভাষাৰ শব্দৰে গ্ৰন্থখনৰ নামকৰণ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হ'ল ফুখাও অথবা মটক। গ্ৰন্থখনত মটক জনগোষ্ঠীৰ বিভিন্ন দিশ সামৰি ১৮টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে (দ্বিতীয় সংস্কৰণত আৰু ২টা প্ৰবন্ধ সংযোগ কৰা হয়)।
-
বণ্ডুকা বেহাৰ
বণ্ডুকা বেহাৰ ( Banduka Behar) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। অসমীয়া সাহিত্যৰ জীৱনীমূলক ধাৰাত উল্লেখযোগ্য সংযোজন হিচাপে উপন্যাসখন তাৎপৰ্যপূৰ্ণ।
-
বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী
অসমীয়া সাহিত্যৰ লগতে ইংৰাজী সাহিত্যৰ প্ৰচুৰ জ্ঞানসম্পন্ন প্ৰাধ্যাপক, সাহিত্যিক বসন্ত কুমাৰ শৰ্মা ৰ সমগ্ৰ ৰচনাৰাজিক সামৰি বসন্ত কুমাৰ ৰচনাৱলী প্ৰকাশ পাইছে। বৰ্তমানলৈকে ইয়াৰ প্ৰকাশিত খণ্ডৰ সংখ্যা দুটা। দুয়োটা খণ্ডতে তেখেতৰ পাশ্চাত্য সাহিত্য সম্পৰ্কীয় ৰচনাৰাজি সন্নিৱিষ্ট হৈছে।