অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইতিহাসে সোঁৱৰা ছশটা বছৰ

ইতিহাসে সোঁৱৰা ছশটা বছৰ হৈছে সৰ্বানন্দ ৰাজকুমাৰৰ দ্বাৰা লিখিত এখন অসমীয়া বুৰঞ্জী। ১৯৮০ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত আহোম ৰাজত্বৰ উত্থান-পতনকে ধৰি প্ৰায়বোৰ ঘটনাক্ৰমৰ বিস্তৃত বৰ্ণনা সন্নিৱিষ্ট হৈছে।

হালনাগাদ: ২৪ অক্টোবৰ ২০২০ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ইতিহাসে সোঁৱৰা ছশটা বছৰ হৈছে সৰ্বানন্দ ৰাজকুমাৰৰ দ্বাৰা লিখিত এখন অসমীয়া বুৰঞ্জী। ১৯৮০ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত আহোম ৰাজত্বৰ উত্থান-পতনকে ধৰি প্ৰায়বোৰ ঘটনাক্ৰমৰ বিস্তৃত বৰ্ণনা সন্নিৱিষ্ট হৈছে।১ সৰ্বানন্দ ৰাজকুমাৰৰ পত্নী অমিয়া ৰাজকুমাৰীয়ে বিশেষ গ্ৰন্থখনৰ ৰচনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অষ্টম শ্ৰেণীলৈকেহে পঢ়া অমিয়া ৰাজকুমাৰীয়ে গোটেই গ্ৰন্থখনৰ খচৰা নিজৰ হাতৰ আখেৰেৰে প্ৰতিলিপি কৰিছিল। এই কাম সম্পন্ন কৰাত তেখেতক প্ৰায় দহ বছৰৰ প্ৰয়োজন হৈছিল। নশ পৃষ্ঠাৰ সুবৃহৎ গ্ৰন্থখন তাৰ পিছত তেখেতে নিজৰ ধন খৰচ কৰি ১৯৮০ চনত ছপা কৰিছিল। ২০১৮ চনত অমিয়া ৰাজকুমাৰীৰ দেহাৱসান ঘটে।২ গ্ৰন্থখন বনলতা প্ৰকাশনে পুনৰ ২০০০ চনত প্ৰকাশ কৰে।৩

লেখকৰ চমু পৰিচিতি

বুৰঞ্জীখনৰ লেখক সৰ্বানন্দ ৰাজকুমাৰৰ জন্ম হৈছিল ১৯০৯ চনত আৰু দেহাৱসান ঘটে ১৯৬৮ চনত।১

গ্ৰন্থখনৰ চমু বিৱৰণ

গ্ৰন্থখনত মুঠ অধ্যায় ২৫টা। গ্ৰন্থখনত আহোমৰ ইতিহাস, চুকাফাৰ অসম-প্ৰৱেশ, আহোম ৰাজ্য স্থাপন, আহোম-ইংৰাজৰ সম্পৰ্ক, আহোমৰ ৰাজ্য বিস্তাৰ, অসম আৰু আহোম নামৰ উৎপত্তি, আহোম স্বৰ্গদেউসকলৰ হিন্দু ধৰ্ম গ্ৰহণ আদিকে ধৰি আহোম ৰাজত্বৰ প্ৰায়বোৰ ঘটনাৱলী বৰ্ণিত হৈছে।১

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
  2. ↑ ভট্টাচাৰ্য, স্মিতা. (৬ মে' ২০১৮). নীৰৱে গুচি গ’ল ৯৭ বছৰীয়া অমিয়া ৰাজকুমাৰী: বৃহৎ ভূমিকা আছিল ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’-এ প্ৰকাশৰ মুখ দেখাত
  3. ↑ গ্ৰন্থপঞ্জী. Shodhganga

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইতিহাসে সোঁৱৰা ছশটা বছৰ” প্ৰবন্ধৰ সংশোধন ২৫০৩৫৬ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।