অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
শৰীৰ আৰু হৃদয়
শৰীৰ আৰু হৃদয়(Harir Aaru Hriday) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৩০ টা প্ৰবন্ধ আছে।
-
সঞ্চয়ন
সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷
-
সন্ধিয়াৰ সাধু
সন্ধিয়াৰ সাধু (ইংৰাজী: Sandhiyar Sadhu) ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা লিখিত এখনি সাধুকথাৰ পুথি৷ পুথিখন পোনপ্ৰথমবাৰৰ বাবে ১৯৩৭ চনত প্ৰকাশিত হৈছিল৷ পুথিখনত মুঠতে ২২টা সাধু আছে৷
-
সমাজভাষাবিজ্ঞান পৰিচয় (গ্ৰন্থ)
সমাজভাষাবিজ্ঞান পৰিচয় গ্ৰন্থখনৰ লিখক অনুৰাধা শৰ্মা। গ্ৰন্থখনত আধুনিক ভাষাবিজ্ঞানৰ এটা প্ৰধান শাখা সমাজভাষাবিজ্ঞান (Sociolinguistics)ৰ বিষয়ে আলোচনা কৰা হৈছে।
-
সাঁচিপাতৰ পুথি (উপন্যাস)
সাঁচিপাতৰ পুথি হৈছে ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭৩ চনত। গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-১৫২।
-
সাক্ষাৎকাৰ ৩০ (গ্ৰন্থ)
সাক্ষাৎকাৰ ৩০ (Sakshyatkar 30) হৈছে অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন,কৰ্ম আৰু অসমৰ জাতীয় জীৱনলৈ তেওঁলোকৰ অৱদান সম্পৰ্কে যুগুত কৰা এখনি সাক্ষাৎকাৰ-ভিত্তিক গ্ৰন্থ৷ বেদান্ত পূজাৰীৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনৰ প্ৰকাশক হৈছে বনলতা৷
-
সাগৰ দেখিছা (কবিতা সংকলন)
সাগৰ দেখিছা(Sagar Dekhisa) হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য গ্ৰন্থ। এই কবিতা সংকলনখন স্বাধীনতাৰ পিছত(১৯৪৮ চনত) প্ৰকাশ হৈছে যদিও, সৰহভাগ কবিতাই দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল। গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে ইয়াৰ প্ৰায়বিলাক কবিতা 'আৱাহন'ত প্ৰকাশিত হৈছিল।
-
সাহিত্য আলোচনা
সাহিত্য আলোচনা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্য নাথ গোস্বামী সাহিত্যৰ লগত জড়িত বিভিন্ন বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰিছে। ৰস, অলংকাৰ, দৰ্শন, ট্ৰেজেডী, অস্তিত্ববাদ ইত্যাদি সম্পৰ্কে গ্ৰন্থখনত ৬টা অধ্যায়ত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্ৰকাশক বাণী প্ৰকাশ,পাণবজাৰ,গুৱাহাটী।
-
সাহিত্য দেশী আৰু বিদেশী
সাহিত্য দেশী আৰু বিদেশী এখন অসমীয়া গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা ৷ গ্ৰন্থখন প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ২১ ডিচেম্বৰ ১৯৮৮ চনত৷ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ২৮ ফেব্ৰুৱাৰী ১৯৯৬ চনত আৰু তৃতীয় তথা বনলতা সংস্কৰণ প্ৰকাশ পাইছিল ২০০১ চনত৷ গ্ৰন্থখনত অসমীয়া সাহিত্য আৰু ভাৰতীয় সাহিত্যৰ…
-
সাহিত্য-বাদবৈচিত্ৰ্য
সাহিত্য-বাদবৈচিত্ৰ্য নগেন শইকীয়াৰ সাহিত্য-সম্পৰ্কীয় গ্ৰন্থ। গ্ৰন্থৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৭ চনত। তেতিয়া তেওঁ গ্ৰন্থখন সম্পাদনা কৰিছিল। পৰৱৰ্তী সময়ত নগেন শইকীয়াই ২০০৩ চনত নতুন বিষয়ৰ সংযোজন ঘটাই নিজাকৈ গ্ৰন্থখন লিখি উলিয়ায়। প্ৰকাশক কৌস্তুভ প্ৰকাশন।
-
সাৰাংশ
সাৰাংশ (Harangso) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০১১ চনৰ আগষ্ট মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
সুখ-দুখ
সুখ-দুখ (Hukh-Dukh) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ১৯৯২ চনৰ আগষ্ট মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনে ২০১৫ চনলৈকে মুঠ সাতটা সংস্কৰণ লাভ কৰিছে।
-
সুস্থ দেহত সুস্থ মন
সুস্থ দেহত সুস্থ মন (Hustho Dehot Hustho Mon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০১৪ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ হয়। তেতিয়াৰ মূল্য আছিল ১১০ টকা।
-
সেই সময় (গ্ৰন্থ)
সেই সময় (Sei Somoy) হ'ল এখন বাংলা ঐতিহাসিক উপন্যাস যাৰ বিষয়-বস্তু ঊনবিংশ শতিকাৰ ব্ৰিটিছ শাসনৰ সময়ৰ সমৃদ্ধিশালী কলকাতা চহৰৰ সমাজ আৰু জনসাধাৰণ। বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক সুনীল গংগোপাধ্যায় এই উপন্যাসখনৰ স্ৰষ্টা। ঊনবিংশ শতিকাৰ বংগৰ নৱ-জাগৰণ উপন্যাসখনৰ অন্যতম মূল বিষয়-বস্তু।
-
সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)
সোণ হৰিণৰ চেঁকুৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰথম প্ৰকাশিত হয় ২০১২ চনৰ এপ্ৰিল মাহত। ইয়াৰ আগতে উপন্যাসখন প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ'ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।
-
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (গ্ৰন্থ)
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (Swasthya Rakhyar Hohoj Niom) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৭ চনলৈকে সপ্তম সংস্কৰণ প্ৰকাশ পাইছে।
-
স্বৰ্ণলতা (গ্ৰন্থ)
স্বৰ্ণলতা উপন্যাসৰ ঔপন্যাসিক তিলোত্তমা মিশ্ৰ৷ উপন্যাসখনৰ পটভূমি মূলতঃ ঊনবিংশ শতিকাৰ অসম আৰু কলিকতাৰ সামাজিক অৱস্থা৷ স্বৰ্ণলতাই প্ৰায় ৯ বছৰ বয়সতেই শিক্ষা গ্ৰহণৰ বাবে অসম এৰি কলিকতালৈ গুছি যোৱা আৰু পাছলৈ সংসাৰ আৰু ব্যক্তিগত কাৰণত কলিকতাৰ নিবাসী হোৱাৰ জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনীয়েই উপন্যাসখনৰ মূল…
-
সৰল জীৱন সুখী জীৱন
সৰল জীৱন সুখী জীৱন (Horol Jibon Hukhi Jibon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। ২০১৭ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশকৰ পৰা প্ৰকাশ হোৱা ১৫২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ২৩টা প্ৰৱন্ধ আছে।
-
সৰ্বসমীক্ষা তত্ত্ব (গ্ৰন্থ)
সৰ্বসমীক্ষা তত্ত্ব(Sarbasamiksha Tattva) হৈছে অসমীয়া ভাষাত ৰচনা কৰা এখন জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ সংকলন। কিতাপখনৰ লেখক হৈছে প্ৰৱালজ্যোতি ফুকন। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন শাখাই ২০২৩ চনত কিতাপখন প্ৰথম প্ৰকাশ কৰিছে। লেখকৰো এইখন প্ৰথম গ্ৰন্থ।
-
হিন্দু-ধৰ্ম কি?
হিন্দু-ধৰ্ম কি? (Hindu-Dharma Ki?) কিতাপখন মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে প্ৰকাশ হৈছিল। ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ হৈ কিতাপখন নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছিল। সাহিত্যিক-সাংবাদিক তিলক হাজৰিকাই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে।
-
হৃদয়ৰ মানচিত্ৰ
হৃদয়ৰ মানচিত্ৰ (Hridayar Manchitra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন মূলতঃ গল্প সংকলন। এই সংকলনখনৰ ২০১২ চনৰ জানুৱাৰী মাহত নতুন সংস্কৰণ প্ৰকাশ কৰে অসম পাব্লিচিং কোম্পানীয়ে।
-
হে'লথ্ গাইড
হে'লথ্ গাইড (Health Guide) হৈছে এখন স্বাস্থ্য বিষয়ক অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক হৈছে চিকিৎসক গীতাৰ্থ বৰদলৈ। ২০১৮ চনৰ ডিচেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন লেখকৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। লেখকে গ্ৰন্থখন "স্বাস্থ্যপথৰ প্ৰতিগৰাকী সহযাত্ৰীৰ হাতত" আগবঢ়াইছে।
-
ৰজনীগন্ধাৰ চকুলো
ৰজনীগন্ধাৰ চকুলো এখন অসমীয়া উপন্যাস৷ লেখক চৈয়দ আব্দুল মালিক৷ উপন্যাসখন ৰচনা কৰা হৈছে ১৯৮০ চনত৷
-
ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা
ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা (Rohosyomoi Bikhad Aaru Jontrona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০০৯ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।২০১৪ চনৰ মাৰ্চত ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ পায়।