উভতি যাবৰ মন (ইংৰাজী: Ubhati Jabar Man) কবি ফৰিদা আহমেদৰ অসমীয়া কবিতা-সংকলন৷ ২੦২৩ চনত গুৱাহাটীৰ ইলয়ড কমিউনিকেচনে কবিতা-সংকলনটি প্ৰকাশ কৰে৷১
বিষয়বস্তু
সংকলনটিত মুঠ তেত্ৰিছটা কবিতা সন্নিৱিষ্ট হৈছে৷ কবিতাবোৰৰ বিষয়বস্তু মূলতঃ প্ৰেম, একাকিত্ব, নাৰী চেতনা, প্ৰকৃতি চেতনা আদি৷ সংকলনটিৰ আগকথা লিখিছে সমালোচক আনন্দ বৰমুদৈয়ে৷ আগকথাত সমালোচকগৰাকীয়ে কৈছে, “ফৰিদা আহমেদ আত্মসচেতন আৰু স্বতঃপ্ৰণোদিত৷ সৃষ্টিশীল কল্পনাৰ সমানে তেওঁৰ সমালোচনাত্মক দৃষ্টিও ক্ৰিয়াশীল৷”১ সংকলনটিৰ কবিতাবোৰৰ আলোচনা কৰি সাহিত্যিক নগেন শইকীয়াই লিখিছে, “ড੦ আহমেদৰ কবিতাত দুটা নতুনত্ব লক্ষ্য কৰিছোঁ—এটা স্বাভাৱিকভাৱেই এৰি অহা অতীত আৰু আনটো হ’ল কাব্যগাঁথনিৰ ৰীতিটো৷”২
কবিৰ পৰিচয়
কবি ফৰিদা আহমেদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক৷ পলমকৈ কবিতা লিখিবলৈ আৰম্ভ কৰা আহমেদৰ কবিতা গৰীয়সীকে মুখ্য কৰি অসমৰ বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ উভতি যাবৰ মন তেওঁৰ প্ৰথম কবিতা-সংকলন৷ তেওঁৰ কবিতাৰ আনন্দ বৰমুদৈয়ে কৰা ইংৰাজী অনুবাদ দ্য হেভেনলী স্কাই (২੦২৪) নামেৰে প্ৰকাশ পাইছে৷১
তথ্যসূত্ৰ
- ↑ উভতি যাবৰ মন, ফৰিদা আহমেদ, ইলয়ড কমিউনিকেচন, গুৱাহাটী, ২੦২৩, ISBN 978-93-93281-76-0
- ↑ poetrywithoutfear.com/farida-ahmedar-ubhati-jaba
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উভতি যাবৰ মন” প্ৰবন্ধৰ সংশোধন ৪৯৩৫১৭ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।