অসমৰ ঐতিহ্য অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনা কৰিছে শান্তনু কৌশিক বৰুৱাই। গ্ৰন্থখনত অসমৰ ২৫০খন ঐতিহ্যপূৰ্ণ স্থান আৰু স্মাৰকৰ পৰিচয়জ্ঞাপক বৰ্ণনা দিয়া হৈছে। লগতে চিত্ৰ আৰু আলোকচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে। গ্ৰন্থখনত অসমৰ সকলো ঐহিত্যৰ কথা উল্লেখ নাই বুলি গ্ৰন্থখনৰ আৰম্ভণিতে উল্লেখ কৰা হৈছে। ইয়াত উল্লিখিত ঐতিহ্যৰ কথাসমূহ আলোকচিত্ৰসহ উল্লেখ আছে। ১
বিৱৰণ
গ্ৰন্থখনত অসমৰ উল্লেখযোগ্য মঠ-মন্দিৰ, দৌল-দেৱালয়-থান, সত্ৰ আৰু নামঘৰ, মচজিদ-গীৰ্জা-গুৰুদ্ধাৰ-বৌদ্ধ বিহাৰ, ঐতিহ্যপূৰ্ণ তোৰণ আৰু স্তম্ভ, মৈদাম আৰু সমাধিক্ষেত্ৰ, বিল-পুখুৰী আৰু জলপ্ৰপাত, ৰজাদিনীয়া গড়, শিলালিপি আৰু পৌৰাণিক ভগ্নাৱশেষ, ঐতিহ্যপূৰ্ণ স্থান, উদ্যান, ঐতিহ্য ক্ষেত্ৰ, সংগ্ৰহালয়, ঐতিহ্যপূৰ্ণ বাট-পথ, সেতু-দলং, ঐতিহাসিক কীৰ্তিচিহ্ন, মেলা আৰু সভা, বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ঐতিহ্যময় লোককলা আদি বিষয়বোৰ সন্নিৱিষ্ট কৰা হৈছে। সেইদৰে গ্ৰন্থখনৰ শেষৰফালে এখন নিৰ্ঘণ্ট দিয়া হৈছে। অসমৰ বহুতো লুপ্ত হ’বলৈ ধৰা বা কালৰ ইতিহাসত হেৰাই যাবলৈ ধৰা প্ৰসিদ্ধ স্থান, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বিষয়ে এইখন গ্ৰন্থত তথ্য আছে। অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধিয়ে এই তথ্যবোৰ যুগুত কৰিছে। গ্ৰন্থখন প্ৰথম প্ৰকাশ হয় ২০১৮ চনত। মূল্য- ২৫০ টকা। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-৩১২ ১
তথ্যসূত্ৰ
- ↑ অৰবিন্দ ৰাজখোৱা, ভাস্কৰ ভূঞা. (২০২০). অসমীয়া শিশু সাহিত্য কোষ, প্ৰস্তাৱনা খণ্ড. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃ. ৫৬৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ঐতিহ্য (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৬৬৭৯৬ (২২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।