অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আগলি বাঁহৰে লাহৰী গগনা

আগলি বাঁহৰে লাহৰী গগনা (১৯৬৪, ইংৰাজী: Agali Bahare Lahari Gagana) অসমীয়া ভাষাৰ গীতৰ সংকলন৷ ৰচক ড੦ ভূপেন হাজৰিকা৷

হালনাগাদ: ২৬ জুলাই ২০২৫ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

আগলি বাঁহৰে লাহৰী গগনা (১৯৬৪, ইংৰাজী: Agali Bahare Lahari Gagana) অসমীয়া ভাষাৰ গীতৰ সংকলন৷ ৰচক ড੦ ভূপেন হাজৰিকা৷১

বিষয়বস্তু

সংকলনটিত মুঠ বাৰটি গীত সন্নিৱিষ্ট হৈছে৷ সন্নিৱিষ্ট হোৱা গীতসমূহ হ’ল: ‘আগলি বাঁহৰে লাহৰী গগনা’, ‘যায় যদি যায় জীৱনটো যাক’, ‘হেজাৰজনৰ বেজাৰ দেখি’, ‘তোমাৰ লিখা: মিছা’, ‘দুঃসহ বেদনাত ভুগিলেও’, ‘লাগে পিচে বহাগতে ৰং’, ‘হংসকাপেৰে বুৰঞ্জী লিখে’, ‘খুবলেই শ্বিবুন’, ‘দুয়োটি বাঁহী বাঁহৰে বাঁহী’, ‘ৰঙাকৈ গোলাপৰ কলি হীৰালালে’, ‘গীত গাই কঁপাম দিগন্ত’ আৰু ‘বৈধ কি অবৈধ কি: প্ৰশ্ন হ’ব’৷১ লেখকে প্ৰতিটো গীতৰে বিষয়বস্তুৰ একোটাকৈ চিত্তাকৰ্ষক চমু পৰিচয় সন্নিৱিষ্ট কৰিছে৷ চমু পৰিচয়বোৰে পঢ়ুৱৈক গীতকেইটাৰ বিষয়বস্তুৰ ভিতৰত সোমোৱাত সহায় কৰিব৷ উদাহৰণস্বৰূপে সংকলনটোৰ প্ৰথম গীত ‘আগলি বাঁহৰে লাহৰী গগনা’ৰ পৰিচয়টো উল্লেখ কৰা হ’ল:

“গভীৰ নিশা ন কইনাক গগনা বজাই শুনাব খোজা ন দৰা আছে, যদি কইনাই শুনিব খোজে৷ সি আৰু নো কি দিব? কুবেৰৰো পো নহয় যে সি ধন-সোণ দিব৷ আনৰ ধন চান কাঢ়িবলৈ বা মিঠা তেলত বিহ ঢালিবলৈ পিতায়ে শিক্ষা নিদিলে যে৷ সি কংসবধৰ ভাওনা দেখুৱাব পাৰে— যদি তাই বিচাৰে!”১

প্ৰকাশন ইতিহাস

এইখন ভূপেন হাজৰিকাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰথম তাঙৰণটি ১৯৬৪ চনৰ অক্টোবৰ মাহত প্ৰকাশ পায়৷ প্ৰকাশৰ পিছৰ মাহটোতে সংকলনটিৰ দ্বিতীয় তাঙৰণো প্ৰকাশ পায়৷ ১৯৬৭ চনত সংকলনটিৰ তৃতীয় তাঙৰণটি প্ৰকাশ পায়৷ সংকলনটিৰ প্ৰথম প্ৰকাশক আছিল গতি প্ৰকাশ৷ দ্বিতীয় তাঙৰণটি লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰে৷১

গ্ৰন্থখনৰ বেটুপাতৰ পৰিকল্পনা আৰু ভিতৰৰ ৰেখাচিত্ৰবোৰ অংকন কৰিছে ও. চি. গাংগুলীয়ে৷ প্ৰথম আৰু শেষৰ গীতটোৰ লগত থকা ৰেখাচিত্ৰ দুটা লেখকে নিজে অঁকা৷ বেটুপাতত ব্যৱহৃত আলোকচিত্ৰখন আছিল মান্নাৰ৷১

তথ্যসূত্ৰ

  1. ↑ আগলি বাঁহৰে লাহৰী গগনা, ভূপেন হাজৰিকা, ১৯৬৪, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী৷

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগলি বাঁহৰে লাহৰী গগনা” প্ৰবন্ধৰ সংশোধন ৫২৭৫৩৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।