অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আমাক কিতাপ লাগে

আমাক কিতাপ লাগে (Aamak Kitap Lage) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৩ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।

হালনাগাদ: ২৩ মে’ ২০২১ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আমাক কিতাপ লাগে (Aamak Kitap Lage) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৩ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন তেওঁ শ্ৰী বিজয় কুমাৰ দত্তৰ কৰকমলেষুত আগবঢ়াই একেবাৰে আদিতে এনেদৰে লিখিছে, "মৰমৰ বিজয়, তোমাৰ লগত চিনাকি হ'বৰ দিন ধৰি তুমি মোৰ লেখক-জীৱনত এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছা। মোৰ যোৱা সাত বছৰৰ সাহিত্য-চৰ্চাৰ লগত তোমাৰ নামটো অবিচ্ছেদ্যভাৱে জড়িত। আন্তৰিক প্ৰীতি আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন তোমাৰ নামত উছৰ্গা কৰিলো।"১

বিৱৰণ

কিতাপখনত ২৫ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে,আমাক কিতাপ লাগে; অসমত কিতাপ প্ৰকাশৰ সমস্যা; অসম সাহিত্য সভাৰ ভৱিষ্যত; হতাশাৰ বিষণ্ণ ঋতু; সুখ স্মৃতি; তুমি আৰু আপুনি; গোলাপ বৰবৰাৰ লগত এটা সন্ধিয়া; শিশুৰ কাৰণে; জীৱনৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ; এখন অলিখিত উপন্যাসৰ নায়কৰ কথা; ডাঃ প্ৰসাদ বৰদলৈ; শিক্ষাগুৰু; গান্ধীজীৰ তাবিজ; শুচি-বায়ু; খৈনি; সতী আৰু অসৎ; কথা নোকোৱাৰ তত্ব-কথা; ঢকুৱাখনাৰ ফাট-বিহু/ ধৰ্ম আৰু আফিং; টি ভিৰ পৰা সাৱধান; অসমীয়াই কিয় পৰিশ্ৰম কৰিব নোখোজে; অপৰাজিত; ভয়ঙ্কৰ সুন্দৰ; মানসিক পুষ্টিহীনতা; আৰু জ্ঞানাৰ্জনৰ কাৰণে পঢ়িবলগীয়া এশখন কিতাপ।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (জানুৱাৰী,১৯৯৩). আমাক কিতাপ লাগে. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাক কিতাপ লাগে” প্ৰবন্ধৰ সংশোধন ২৭৮৪৯২ (২৩ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।