অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)

অসমীয়া ভাষাৰ ব্যাকৰণ (Asomiya Bhakhar Byakoron ) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাত লিখা প্ৰথম ব্যাকৰণ। ১৮৫৯ চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা এই ব্যাকৰণখন প্ৰকাশ হয়। ব্যাকৰণখনৰ দ্বিতীয় তাঙৰণ 'অসমীয়া ব্যাকৰণ' নামেৰে ১৮৭৩ চনত পুনৰ সংশোধিত ৰূপত প্ৰকাশ পায়।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৪ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অসমীয়া ভাষাৰ ব্যাকৰণ (Asomiya Bhakhar Byakoron ) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাত লিখা প্ৰথম ব্যাকৰণ। ১৮৫৯ চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা এই ব্যাকৰণখন প্ৰকাশ হয়। ব্যাকৰণখনৰ দ্বিতীয় তাঙৰণ 'অসমীয়া ব্যাকৰণ' নামেৰে ১৮৭৩ চনত পুনৰ সংশোধিত ৰূপত প্ৰকাশ পায়। ১৮৫৯ চনৰ পৰা ১৯৫৯ চনলৈকে এই ব্যাকৰণৰ ২৪টা সংস্কৰণ প্ৰকাশ হয়। 'অসমীয়া ভাষাৰ ব্যাকৰণ ' ৰ দুষ্প্ৰাপ্য প্ৰথম সংস্কৰণ অধ্যাপক যোগেন্দ্ৰ নাৰায়ণ ভূঞা আৰু নগেন শইকীয়াৰ সহযোগত ১৯৯৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে প্ৰকাশ কৰিছে।

উপস্থাপন ৰীতি

অসমীয়া ব্যাকৰণৰ ৰচনা ৰীতি, আৰম্ভণি, সামৰণি সংস্কৃত আৰ্হিত কৰা হৈছে। যেনে - 'অথ সমাস প্ৰকৰণাৰম্ভ', 'সমাস প্ৰকৰণং সম্পূৰ্ণং' আদি। শব্দ বিভক্তি, সৰ্বনাম বুজাবলৈ সুপ, তিঙ, অস্মদ, তদ, যদ আদি পৰিভাষাবোৰ সংস্কৃতৰ পৰা গ্ৰহণ কৰা হৈছে। প্ৰতি প্ৰকৰণৰ অন্তৰ্গত উপপ্ৰকৰণৰ নামবোৰো সংস্কৃতগন্ধী। অসমীয়া ব্যাকৰণৰ ৰচনা ৰীতি সূত্ৰ প্ৰধান।

প্ৰকৰণ

ব্যাকৰণখন মুঠ এঘাৰটা প্ৰকৰণত বিভক্ত। সেইবোৰ হ'ল - বৰ্ণবিন্যাস প্ৰকৰণ, সন্ধি প্ৰকৰণ, শব্দ বৃদ্ধি প্ৰকৰণ, কৃদন্ত প্ৰকৰণ, বাক্যবিন্যাস প্ৰকৰণ, কাৰক প্ৰকৰণ, সমাস প্ৰকৰণ, তদ্ধিত প্ৰকৰণ, অন্বয় প্ৰকৰণ, পদ্য প্ৰকৰণ আৰু চিহ্ন প্ৰকৰণ।

গুৰুত্ব

ব্যাকৰণখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ -

  • অসমীয়া ভাষাৰ ব্যাকৰণৰ ক্ৰমবিকাশত এই ব্যাকৰণখনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।
  • প্ৰথম অসমীয়া লেখকে প্ৰণয়ন কৰা অসমীয়া ভাষাৰ ব্যাকৰণ।
  • ব্যাকৰণ খনত অসমীয়া ভাষাৰ এক ওজস্বী গদ্য আৰু জোঁটনি ৰীতিৰ প্ৰৱৰ্তন হয়।

সহায়ক গ্ৰন্থপঞ্জী

  1. ড° অৰ্পণা কোঁৱৰ . অসমত ভাষাৰ অধ্যয়ন . পৃষ্ঠা . ৩৮,৩৯
  2. ড° দীপক জ্যোতি মহন্ত . অসমত ভাষা সম্পৰ্কীয় অধ্যয়নৰ গতি প্ৰকৃতি . পৃষ্ঠা ১৬৯, ১৭১, ১৭২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া ব্যাকৰণব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)” প্ৰবন্ধৰ সংশোধন ৪০২১৪৬ (১৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।