ঋতুসংহাৰম্ মহাকবি কালিদাসৰ এখন মহাকাব্য। কালিদাসে ঋতুসংহাৰম্ কাব্যখন সংস্কৃত ভাষা ভাষাত ৰচনা কৰিছিল। কাব্যগ্ৰন্থখন অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
ঋতুসংহাৰমৰ বিষয়বস্তু
ঋতু' শব্দৰ লগত উত্তৰপদ হিচাপে যুক্ত হৈছে 'সংহাৰ' নাইবা 'সমহাৰ' শব্দ। 'হাৰ'ৰ অৰ্থ ইয়াত সংগ্ৰহ, থুপ, বা মালা। এই সমাসবদ্ধ পদৰ অৰ্থ হ'ল ঋতুসমূহৰ সমাৱেশ, সংগ্ৰহ নাইবা ঋতুৰ মালা- 'A gathering of seasons or garland of seasons'(—অমলেন্দু চক্ৰৱৰ্তী)। ১ঋতুসংহাৰম্ গ্ৰন্থত ছয় ঋতুৰ বৰ্ণনা আৰু ঋতু কেন্দ্ৰীক প্ৰকৃতিৰ অপৰূপ মাধুৰ্যক উদ্দীপন - বিভাৱ আৰু কামমোহিত পুৰুষ - মহিলা আলম্বন-বিভাৱ হিচাপে শৃংগাৰ তথা আদিৰসাত্মাক কাব্যিক বৰ্ণনা। ঋতুসংহাৰম্ গ্ৰন্থত ১৫৩টা শ্লোকৰ দ্বাৰা ছটা সৰ্গত বিভাজিত কৰি বিভিন্ন ছন্দত ৰচনা কৰিছে।
- গ্ৰীষ্ম বৰ্ণনা
- বৰ্ষা বৰ্ণনা
- শৰৎ বৰ্ণনা
- হেমন্ত বৰ্ণনা
- শীত বৰ্ণনা
অনুবাদকৰ পৰিচয়
কৌস্তুভমণি শইকীয়া দত্ত এগৰাকী কবি, অনুবাদক। ১৯৭৩ চনৰ ৩ জুলাই তাৰিখে যোৰহাটজিলাত তেখেতৰ জন্ম।

অনুবাদকৰ সাহিত্য-কৰ্ম
স্বৰচিত কবিতা পুথি
- ৰ’দ - বনফুল প্ৰকাশন, ২০১৩
- কথা- কস্তুৰী প্ৰকাশন, ২০১৪
- নীৰৱতাৰ বেলাড- চন্দ্ৰ প্ৰকাশ, ২০১৫
- পাখি আৰু কাঁড়- আঁক-বাক প্ৰকাশন, ২০১৭
- শব্দ আৰু অৰ্থ একত্ৰ - বি আৰ পাব্লিকেচন, ২০২২
অনুবাদ সাহিত্য
- মহাকবি কালিদাসৰ মেঘদূতম -সম্পূৰ্ণ অসমীয়া অনুবাদ - পাঞ্চজন্য প্ৰকাশন, ২০২০২
- মহাকবি কালিদাসৰ ৰঘুৱংশম্ (অনুবাদ ), শংকৰদেৱ প্ৰকাশন, ২০২৩
- মহাকবি কালিদাসৰ ঋতুসংহাৰম্ (অনুবাদ ), পূৰ্বায়ন প্ৰকাশন, ২০২৪
আৰু চাওক
তথ্যসূত্ৰ
- ↑ দত্ত শইকীয়া কৌস্তুভমণি. (২০২৫). মহাকবি কালিদাসৰ ঋতুসংহাৰম্. পূৰ্বায়ণ প্ৰকাশন. পৃ. ১. ISBN 978-93-5860-577-8
- ↑ (৪ ডিচেম্বৰ ২০২২). মহাকবি কালিদাসে ১৭শ বছৰ পূৰ্বে সংস্কৃত ভাষাত লিখি থৈ গৈছিল কাব্যগ্ৰন্থ ‘মেঘদূতম’।. প্ৰতিদিন টাইম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋতুসংহাৰম্ (অসমীয়া অনুবাদ)” প্ৰবন্ধৰ সংশোধন ৫১১৭৭৪ (২৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।