অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
পাফু ছিৰিজ
পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ। ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড ‘দিন ডকাইত’ লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত।
-
পাৰিপাৰ্শ্বিক কবিতা
পাৰিপাৰ্শ্বিক কবিতা (২০২৩, ইংৰাজী: Pariparshik Kabita) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন। সংকলনখনৰ সম্পাদক কবি, অনুবাদক আৰু লেখক প্ৰকল্প ৰঞ্জন ভাগৱতী।
-
প্ৰতিভাৰ উৎস (গ্ৰন্থ)
প্ৰতিভাৰ উৎস (Pratibhar Utsho) এখন অনুপ্ৰেৰণামূলক প্ৰবন্ধৰ সংকলন। কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই। এইখন লেখকৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। সঞ্জীৱন প্ৰকাশনৰ পৰা, ২০১৭ চনৰ নৱেম্বৰ মাহত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়। গ্ৰন্থখনৰ মূল্য ১৩০ টকা।
-
প্ৰত্যাশাৰ প্ৰতিলিপি
প্ৰত্যাশাৰ প্ৰতিলিপি(Protyashaar Protilipi) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০২১ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ পোৱা কিতাপখনৰ মূল্য হৈছে ১২০ টকা। লেখকে কিতাপখন "ৰণী, ৰিয়ন আৰু ৰিয়াৰ হাতত" উছৰ্গা কৰিছে।
-
প্ৰেমত পৰিলো নেকি
প্ৰেমত পৰিলো নেকি গ্ৰন্থখন অসমীয়া ভাষাত কম্পিউটাৰেৰে ডিটিপি কৰি প্ৰস্তুত কৰা প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনৰ লিখক দিলীপ কুমাৰ দত্ত। ১৯৮৭ চনৰ ডিচেম্বৰ মাহত এই গ্ৰন্থখন প্ৰকাশক নাৰায়ণ ডেকাৰ ‘অসমী প্ৰকাশন’ৰ পৰা প্ৰকাশ হৈছে। গ্ৰন্থখনত লিখকৰ শৈশৱ জীৱনৰ প্ৰেম আৰু অভিজ্ঞতাৰ বৰ্ণনা আছে।
-
বনফুল
বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।
-
বলধাৰোহী
বলধাৰোহী (ইংৰাজী: Baladharohi) (২০২১) প্ৰকল্প ৰঞ্জন ভাগৱতীৰ একমাত্ৰ অসমীয়া কবিতা-সংকলন। ২০২১ চনৰ জানুৱাৰী মাহত অসম পাবলিচিং কোম্পানীয়ে সংকলনটি প্ৰকাশ কৰে।
-
বাণীকান্ত ৰচনাৱলী
বাণীকান্ত ৰচনাৱলী (Banikanta Rachanavali) হৈছে ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত লিখা ৰচনাসমূহৰ সংকলন। ড° মহেশ্বৰ নেওগে এই ৰচনাৱলীখন সম্পাদনা কৰিছে আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। ৰচনাৱলীখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনৰ নৱেম্বৰ মাহত।
-
বিজ্ঞান লেখকৰ হাতপুথি
বিজ্ঞান লেখকৰ হাতপুথি গ্ৰন্থখনৰ লিখক আৰু সম্পাদক দীনেশ চন্দ্ৰ গোস্বামী৷ গ্ৰন্থখন ২০০৩ চনৰ নৱেম্বৰ মাহত অসম বিজ্ঞান সমিতি যোৰহাট শাখাৰ সহযোগত প্ৰকাশ হৈছে। গ্ৰন্থখন অসমীয়া ভাষা-সাহিত্যৰ শিকাৰুৰ বাবে এখন ব্যৱহাৰিক শিক্ষা বিষয়ক হাতপুথি।
-
বিজ্ঞানৰ ইতিহাস
বিজ্ঞানৰ ইতিহাস (২੦২৩, Bigyanar Itihas – A Comprehensive history of science) ২੦২৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই প্ৰকাশ কৰা বিজ্ঞানৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ গ্ৰন্থখন সম্পাদনা কৰিছে যোগেন্দ্ৰনাথ শৰ্মাই৷
-
বিপন্ন সময়
বিপন্ন সময় (Biponno Xomoi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
বেংছতা
বেংছতা (Bengsata) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক অপূৰ্ব কুমাৰ শইকীয়াৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হৈছিল। প্ৰকাশন গোষ্ঠী আছিল আঁক-বাক। গ্ৰন্থখনে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান (গ্ৰন্থ)
ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান নামৰ ব্যাকৰণ আৰু ৰূপতত্ত্বৰ তাত্ত্বিক ধাৰণাৰ মৌলিক গ্ৰন্থখনৰ ৰচক হ'ল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮৮ চনৰ মাৰ্চ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল বীণা লাইব্ৰেৰীৰ মনোৰঞ্জন দে। গ্ৰন্থখনৰ ভাষা সহজ-সৰল আৰু পোনপোটীয়া, প্ৰকাশভংগীও সাৱলীল।
-
ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম
ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম(Brahmonyobaador Koliyaa Daawor Aaru Assam) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনে ২০১২ চনত প্ৰথম প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ পৰিৱৰ্ধিত সংস্কৰণ ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰে ৰেখা প্ৰকাশনে।
-
ভক্তি প্ৰদীপ
ভক্তি-প্ৰদীপ গ্ৰন্থখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক ৰচনাৰ অন্যতম পুথি। এই শাস্ত্ৰখনি গুৰুজনাই গৰুড় পুৰাণৰ আধাৰত বিৰচন কৰিছিল আৰু গ্ৰন্থখনত মুঠ আঠটা অধ্যায় আছে।
-
ভাবনাৰ স্বৰলিপি
ভাবনাৰ স্বৰলিপি(Vaabonaar Sworlipi) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা গ্ৰন্থখনৰ প্ৰকাশন আঁক-বাক আৰু মূল্য হৈছে ডেৰশ টকা। লেখকে কিতাপখন আগবঢ়াইছে, "প্ৰীতি আৰু শুভেচ্ছাৰে মুন (মফিজুৰ ৰহমান) আৰু মালতীৰ (মালা বৰা) হাতত।"
-
ভাষা-বিজ্ঞান (গ্ৰন্থ)
ভাষা-বিজ্ঞান (Bhasha Vijnan) হৈছে লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থ। ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন।
-
মই ডেচডিম’না হ’ব খোজোঁ
মই ডেচডিম’না হ’ব খোজোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত মণিকুন্তলা ভট্টাচাৰ্য ৰচিত এখন উপন্যাস। লেখিকাই এই উপন্যাসৰ বাবে ২০০৭-২০০৯ বৰ্ষৰ অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০৭ চনৰ ডিচেম্বৰত।
-
মক্ড্ৰিল (গল্প সংকলন)
মক্ড্ৰিল (Mockdril) গল্পকাৰ, কলা সমালোচক তথা গৱেষক মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ২০১০ চনত এই সংকলনখনি প্ৰথমবাৰলৈ প্ৰকাশ পায়। বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই সংকলনখনিত লেখিকাৰ মুঠ ১০টা গল্প সন্নিৱিষ্ট হৈছে। এই গল্পসমূহ ২০০৭ চনৰ পৰা ২০১০ চনৰ ভিতৰত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে।
-
মহৎ ঐতিহ্য
মহৎ ঐতিহ্য (ইংৰাজী: Mahat Oitijya) এখন সাহিত্য সমালোচনামূলক প্ৰবন্ধৰ সংকলন। গ্ৰন্থখনৰ লেখক হ’ল কবি, সমালোচক নলিনীধৰ ভট্টাচাৰ্য। গ্ৰন্থখনে ২০০২ চনত সমালোচনা শিতানত সাহিত্য অকাদেমি বঁটা লাভ কৰে।
-
মান্দালয় (গ্ৰন্থ)
মান্দালয় হৈছে লেখক-সাংবাদিক মৃণাল তালুকদাৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ। অসমৰ গঁড়ৰ খড়্গৰ বজাৰ আৰু চোৰাংচিকাৰীৰ আতিগুৰি বিচাৰি লেখকে বিভিন্ন ঠাই ঘূৰিছে আৰু ভ্ৰমণৰ যোগেদি হোৱা অভিজ্ঞতাসমূহৰ পৰা বিষয়টোৰ ওপৰত এক বিশ্লেষণ কিতাপখনত দাঙি ধৰিছে।
-
মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা
মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা(Maarksei Bojaaleneki Communismor Ruprekhaa) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰথম প্ৰকাশ হয় ২০১৩ চনৰ ডিচেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা।
-
মিলেনিয়ামৰ সপোন (গ্ৰন্থ)
মিলেনিয়ামৰ সপোন (Millennimar Sapon) হৈছে অসমীয়া সাহিত্যিক আৰু গল্পকাৰ অৰূপা পটংগীয়া কলিতাৰ এখনি গল্পপুথি৷ ২০০২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত গ্ৰন্থখন ২০১৯ চনত কেঁচাবন্ধা ৰূপত দ্বিতীয়বাৰৰ বাবে প্ৰকাশিত হয়৷ গ্ৰন্থখনিত মুঠ বাৰটা গল্প সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন তেখেতে পিতৃ শৈলেন্দ্ৰনাথ পটংগীয়ালৈ…
-
মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ
মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ (Mora hridaya ekhana yuddhakshetra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনী। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৬ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০০৯ চনত।
-
মোৰো এটা সপোন আছে
মোৰো এটা সপোন আছে (Moro Eta Sapon Ase) হৈছে ৰুবুল মাউতৰ দ্বাৰা লিখিত এখনি আত্মজীৱনী। শৈশৱ-কৈশোৰৰ নানান প্ৰতিঘাত আৰু সংঘাত অতিক্ৰম কৰি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰা জীৱবিজ্ঞানী আৰু গৱেষক ৰুবুল মাউতৰ জীৱন-কাহিনীৰে এই আত্মজীৱনীখন সমৃদ্ধ হৈছে।
-
যথাৰীতি (গ্ৰন্থ)
যথাৰীতি হৈছে সমালোচক প্ৰভাত বৰাৰ এখন অতিশয় গুৰুত্বপূৰ্ণ সাহিত্য-সমালোচনাধৰ্মী প্ৰবন্ধ সংকলন। প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যতত্ত্বৰ আলোকত অসমীয়া সাহিত্যৰ লগতে বিশ্বসাহিত্যৰ বিবিধ প্ৰসংগই এই গ্ৰন্থখনত ঠাই পাইছে।
-
যুদ্ধভূমিৰ কবিতা
যুদ্ধভূমিৰ কবিতা (Yudhabhumir Kabita) কিতাপখন সাহিত্য অকাডেমি বঁটা বিজয়ী কবি সমীৰ তাঁতীৰ প্ৰথমখন কাব্য সংকলন। সংকলনটিত কবিৰ ৫৩টা কবিতা সংকলিত হৈছে। সংকলনটি ১৯৮৫ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ২০০৩ চনৰ জানুৱাৰী মাহত ইয়াৰ পুনৰ মুদ্ৰণ হয়। ৮৪ পৃষ্ঠাৰ এই কিতাপখনৰ দাম ৩৩ টকা।
-
যোগাযোগ কলা
যোগাযোগ কলা গ্ৰন্থখনৰ লিখক নীৰাজনা মহন্ত বেজবৰা। বনলতা প্ৰকাশনৰ পৰা ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত এই গ্ৰন্থখনত যোগাযোগৰ সামগ্ৰিক ধাৰণা, সংজ্ঞা, ইয়াৰ বিভাজন, পদ্ধতি, ভাষিক যোগাযোগ, ভাষাভিন্ন যোগাযোগ, জনসম্পৰ্ক ৰক্ষাৰ লগতে আনুষ্ঠানিক, অনানুষ্ঠানিক যোগাযোগৰ উদাহৰণ, গৱেষণা-পত্ৰ আৰু প্ৰবন্ধ লিখাৰ…
-
লক্ষ্য এক মনুষ্যত্ব (গ্ৰন্থ)
লক্ষ্য এক মনুষ্যত্ব (Lakhya Ek Manushyatwa) হৈছে অসমীয়া ৰসায়নবিদ, লেখিকা, অধ্যাপিকা ড০ নিৰ্মলা দেৱীৰ দ্বিতীয়খন গ্ৰন্থ। এইখন এখন প্ৰৱন্ধ সংকলন। কিতাপখনৰ মুখবন্ধ লিখিছে হোমেন বৰগোহাঞিয়ে। আৰম্ভণিত হোমেন বৰগোহাঞিয়ে এনেদৰে লিখিছে,"নিৰ্মলা দেৱীৰ এইখন দ্বিতীয় কিতাপ।
-
লাচিত বৰফুকন (গ্ৰন্থ)
লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) হৈছে ড° সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত লিখা লাচিত বৰফুকনৰ জীৱনী। কিতাপখন ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছিল। ২০১০ চনলৈকে কিতাপখনৰ মুঠ ৭টা সংস্কৰণ প্ৰকাশ পাইছে।