অৰণ্যৰ গান নীলমনি ফুকনে অসমীয়া ভাষালৈ অনুবাদ কৰা এলানি কবিতাৰ সংকলন। এই কবিতাসমূহ মূলতঃ ছত্তিশগড়ী, ৱাঞ্চু, চাঁওতাল, মিচিং, মুণ্ডা, কাৰ্বি, গাৰো, কুকি, বড়ো, আঙ্গামী, পৰাজা, কন্যাক আদি বিভিন্ন জনজাতীয় আৰু আদিবাসী ভাষাৰ। ইয়াৰে কাৰ্বি, মিচিং আৰু বড়ো কবিতাসমূহৰ বাদে বাকী কবিতাসমূহ বিভিন্নজনৰ ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হৈছে। কাব্যপুথিখনৰ আগকথা লিখিছে হীৰেন গোহাঁয়ে। সংকলনখনিৰ সন্নিৱিষ্ট প্ৰতিটো ৰেখাচিত্ৰই ভাৰতীয় জনজাতীয় চিত্ৰ-ভাস্কৰ্যক ভিত্তি কৰি সমিৰণ বৰুৱাই অংকন কৰিছে। ষ্টুডেণ্টচ্ ষ্ট'ৰচৰ বেনাৰত এই সংকলনখনি প্ৰথমবাৰলৈ প্ৰকাশ পায় ১৯৯৩ চনত। ২০০৫ চনত গ্ৰন্থখনিৰ দ্বিতীয়টো সংস্কৰণ প্ৰকাশ পায়।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: নীলমণি ফুকন (কনিষ্ঠ)
নীলমনি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেওঁক তেওঁৰ কবিতাসমূহৰ প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ বাবে জনা যায়। তেওঁৰ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন' শীৰ্ষক কাব্য সংকলন। ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ২০২১ চনত তেওঁক ভাৰতীয় জ্ঞানপীঠে সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা আগবঢ়ায়।২
বিষয়বস্তু
কাব্য সংকলনখনিত মুঠ ১০৮টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰে সিংহভাগ প্ৰেমৰ কবিতা। ইয়াৰ লগতে দুই এটা মৃত্যু আৰু দৰিদ্ৰতা বিষয়ক কবিতাও ইয়াত সন্নিৱিষ্ট হৈছে। ইয়াৰে কোনো কোনো কবিতাত আধুনিক কবিসকলে কৰাৰ দৰে ব্যক্তিগত প্ৰতীকৰো ব্যৱহাৰ লক্ষ্য কৰা যায়। ফুকনৰ নিজৰ ভাষাত, ইয়াৰ কবিতাসমূহ জনজাতিসমূহৰ জীৱন-যৌৱনৰ সৈতে গঁথা আৰু ই গোষ্ঠী জীৱনৰ সাঙ্গীতিক, কাব্যিক অভিব্যক্তি।৩ এই বিষয়ে অনুবাদকৰ কথাত তেওঁ উল্লেখ কৰিছে:
'অৰণ্যৰ গান'ৰ প্ৰায়বোৰ কবিতাই মূলতে গান; গানেই কবিতা, কবিতাই গান। এতিয়াও গান হৈয়েই আছে, এতিয়াও সিহঁতৰ একোটা জীৱন্ত শৰীৰ আছে। প্ৰায়বোৰ গানৰ লগতে আছে নাচ, দেহৰ বিভিন্ন ভঙ্গী, তাল, বাঁহী, মাদল, চাৰেণ্ডা হৰেক ৰকমৰ বাদ্যযন্ত্ৰ। ভাব হয়,— এই কবিতাবোৰৰ কিছুমান সম্পূৰ্ণকৈ ৰসোপলব্ধি কৰিবলৈ হ'লে— সিহঁতৰ সেই জীৱন্ত শৰীৰ ধাৰণ কৰিব পাৰিব লাগিব, গান গাই নাচি নাচি আনন্দত ক'ব নোৱাৰা হৈ পৰিব লাগিব।৩
সংকলনটোৰ একাধিক কবিতা ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হৈছে। এই কবিতাসমূহৰ মূল ইংৰাজী অনুবাদ কে.পি. বাহাদুৰ, কে.বি. দাস, এল.কে. মহাপাত্ৰ, তৰুণ গোস্বামী আদি।৩
সংকলনটোৰ শেষৰ ফালে টোকা হিচাপে যিসমূহ জনজাতিৰ কবিতা ইয়াত অন্তৰ্ভুক্ত হৈছে সেই জনজাতিসমূহৰ বিষয়ে একোটা পৰিচয়মূলক চমু টোকা সন্নিৱিষ্ট কৰা হৈছে। এই টোকাৰ লেখক কিশোৰ ভট্টাচাৰ্য।৩
কবিতা পুথিখনত সন্নিৱিষ্ট ৰেখাচিত্ৰসমূহৰ সন্দৰ্ভত অনুবাদকে কৈছে:
ৰেখাচিত্ৰবোৰ কবিতাবোৰৰ চিত্ৰায়ন নহয়, কিন্তু কবিতাবোৰৰ আপোন। বেটুপাতৰ ছবিখনো— মধ্যভাৰতৰ পাঞ্চমাৰশ্বিৰ (ছোট মহাদেউ) এখন ঐতিহাসিক কালৰ প্ৰস্তৰ চিত্ৰক ভিত্তি কৰি অঁকা।৩
মন্তব্য আৰু সমালোচনা
সংকলনখনিৰ কবিতাসমূহৰ সন্দৰ্ভত হীৰেন গোহাঁয়ে লিখিছে যে আদিবাসী কবিতা/গীতৰ অনুবাদ আনে কৰা আৰু নীলমণি ফুকনে কৰাৰ মাজত পাৰ্থক্য আছে। এই পাৰ্থক্যটো হৈছে যে ফুকনৰ আগ্ৰহ ঠিক নৃতাত্ত্বিক নাইবা অনুবাদকৰ অনুশীলনৰ আগ্ৰহ নহয়। তেওঁ কৈছে যে কাব্যজীৱনৰ তাগিদাতেই ফুকনে অৰণ্যৰ গান শুনিছে আৰু নিজৰ ভাষালৈ ইয়াক অনুবাদ কৰিছে।৪
তথ্যসূত্ৰ
- ↑ নীলমনি ফুকন. (২০০৫). প্ৰথম পৃষ্ঠা. ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. প্ৰথম পৃষ্ঠা. ISBN 81-85905-21-5
- ↑ (7 December 2021). Damodar Mauzo, critic of ‘right-wing terror’ & Nilmani Phookan win Jnanpith award. thefederal.com/
- ↑ নীলমনি ফুকন. (২০০৫). অনুবাদকৰ কথা. ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. ISBN 81-85905-21-5
- ↑ হীৰেন গোহাঁই. (২০০৫). বনৰীয়া নিজৰাৰ মাত. ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. ISBN 81-85905-21-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰণ্যৰ গান (কাব্য সংকলন)” প্ৰবন্ধৰ সংশোধন ৩২৮৭৫৫ (২৪ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।