অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আধুনিক অসমীয়া সাহিত্যৰ আভা

আধুনিক অসমীয়া সাহিত্যৰ আভা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ড০ বসন্ত কুমাৰ শৰ্মা।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আধুনিক অসমীয়া সাহিত্যৰ আভা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ড০ বসন্ত কুমাৰ শৰ্মা।

গ্ৰন্থৰ পৰিচয়

আধুনিক অসমীয়া সাহিত্যৰ আভা গ্ৰন্থখন এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ বসন্ত কুমাৰ শৰ্মা।গ্ৰন্থখন প্ৰথম প্ৰকাশ পায় ১০ জুলাই ২০২২ত। আধুনিক অসমীয়া সাহিত্যৰ উন্মেষ, অসমীয়া চুটিগল্পৰ উত্তৰণ, অসমীয়া ব্যংগ সাহিত্য, গীতি-কবিতা, অসমীয়া নাটক, উপন্যাস আদি বিষয়কলৈ লেখকে বিভিন্ন সময়ত লিখা ১১ টা প্ৰবন্ধ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে।। গ্ৰন্থখনৰ পৃষ্ঠাৰ সংখ্যা ৮৭।১

প্ৰবন্ধসমূহ

  • পাশ্চাত্য সাহিত্য আৰু শিক্ষাৰ প্ৰভাৱত আধুনিক অসমীয়া সাহিত্যৰ উন্মেষ
  • অসমীয়া চুটিগল্পৰ সূচনা–উত্তৰণৰ ৰূপৰেখা
  • অসমীয়া ব্যংগ সাহিত্যত অনবদ্য সংযোজন বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী
  • ভানুমতী উপন্যাসৰ ভানুমতীৰ আহ্লাদিত ৰূপত আলোকপাত
  • যুদ্ধক্ষেত্ৰত আহোম ৰমণীত জাতীয়তাবাদ
  • অপূৰ্ণ উপন্যাসৰ পূৰ্ণিমাঃ চমু অৱলোকন
  • জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীঃ জীৱন আৰু কৃতি
  • শোণিত কুঁৱৰীৰ নাৰী চৰিত্ৰৰ সংগতি-বিসংগতিৰ আলোকৰেখা
  • কাৰেঙৰ লিগিৰীৰ শেৱালিৰ আলেখ-লেখ বিচাৰ
  • ৰূপালীম নাটকৰ সংলাপঃ নিৰ্মোহ আলোচনা
  • পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ গীতি-কবিতাঃ চমু অৱলোকন১

গ্ৰন্থকাৰৰ পৰিচয়

ড০ বসন্ত কুমাৰ শৰ্মা বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক। তেখেতে নিৰৱিচ্ছিন্নভাৱে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰি আছে। গ্ৰন্থখনৰ শেষ পৃষ্ঠাত সংযোগ কৰা অসমীয়া সাহিত্য বেদীলৈ পুথি অৰ্ঘ্য শীৰ্ষক অংশটোত অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান সম্পৰ্কে উল্লেখ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ ড০ বসন্ত কুমাৰ শৰ্মা. (২০২২). আধুনিক অসমীয়া সাহিত্যৰ আভা. ISBN ৯৭৮-৯৩-৯৩৮৮১-৭৩-১

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিক অসমীয়া সাহিত্যৰ আভা” প্ৰবন্ধৰ সংশোধন ৪৬৩৯১০ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।