উৰণীয়া হাঁহৰ মাত হীৰেন গোহাঁইৰ উৰণীয়া হাঁহৰ মাত গ্ৰন্থখন প্ৰকৃতি সংৰক্ষণ আৰু সজাগতা বিষয়ক এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰকাশ হয় ১৯৯৮ চনত বুক হাইভ প্ৰকাশনৰপৰা৷ গোহাঁয়ে প্ৰকৃতিৰ সৈতে কটোৱা সান্নিধ্য, গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত আবাসত থাকোতে লাভ কৰা প্ৰকৃতৰ মনোৰম অভিজ্ঞতা সম্পৰ্কে এই গ্ৰন্থখনত লিখিছে৷১
লেখকৰ পৰিচয়
অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক আৰু সমালোচক।২ ইয়াৰ উপৰিও তেওঁ এগৰাকী কবি,৩ সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেওঁ ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। গোহাঁইৰ পিতৃ মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।৪ উত্তৰ গুৱাহাটীত তেখেতৰ পৈতৃক ঘৰ আছিল। ড॰ গোহাঁয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুবছৰ পূৰ্বে অৱসৰ লৈছে। তেখেতৰ জ্যেষ্ঠা ভগ্নী কমলা গোহাঁই চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক আছিল।৫
বিষয়বস্তু
উৰণীয়া হাঁহৰ মাত গ্ৰন্থৰ মূল বিষয়বস্তু হৈছে অসমৰ প্ৰকৃতি জগতলৈ আহি পৰা সংকট আৰু সমস্যাৰ বিচাৰ-বিশ্লেষণ৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ চাৰিওকাষৰ পৰিৱেশ-পৰিস্থিতিৰ বৰ্ণনাৰ লগতে প্ৰকৃতিৰ প্ৰতি লেখকৰ সংবেদনশীলতা, প্ৰকৃতিৰ প্ৰতি থকা ভালপোৱাৰ প্ৰতিফলন ঘটিছে৷ চহৰীয়া জীৱন আৰু উচ্চাকাংক্ষাই প্ৰকৃতি জগতখনলৈ কঢ়িয়াই অনা পৰিৱৰ্তন আৰু ইয়াৰ ভৱিষ্যত সম্ভাৱনীয়তাৰ কথা গ্ৰন্থখনত আলোচনা কৰা হৈছে৷ গ্ৰন্থখনৰ লেখাবোৰত জীৱ-জন্তুৰ প্ৰত হীৰেন গোহাঁইৰ অকৃ্ত্ৰিম মৰম, আদৰ-স্নেহ, দুখবোধৰ প্ৰতিফলন ঘটিছে৷ জালুকবাৰী অঞ্চলত এটা সময়ত এটা সুস্থিৰ পৰিৱেশ তন্ত্ৰ বৰ্তি আছিল, কিন্তু লাহে-লাহে আধুনিকীকৰণৰ ফলশ্ৰুতিত জালুকবাৰীৰ প্ৰাকৃতিক পৰিৱেশটোলৈয়ো সংকট নামি আহিল, এই সংকটৰ প্ৰসংগবোৰ গ্ৰন্থখনত উল্লেখ আছে৷ গ্ৰন্থখনৰ কেইটামান লেখাৰ শিৰোণাম এনেধৰণৰ- এক বীৰৰ মৃত্যু, চৰাইৰ চাল-চলন, এটা খেদোক্তি, বনৰীয়া হাঁহৰ পোৱালী, জীৱনৰ ছন্দ, জালুকবাৰীত চৰাই চিৰিকটি, বন্যপ্ৰাণীৰ ভাষা, দুৰন্ত নিমাখিত, চৰাইৰ মাত, দাৰ্শনিক বিড়ালী, প্ৰকৃতিৰ পদধ্বনি, পুঁজি আৰু প্ৰকৃতি, নিৰ্জনতাৰ প্ৰয়োজন, পৰিব্ৰাজকৰ ডায়েৰী, জীৱ আচৰণ আৰু বৃদ্ধি, জীৱ-জন্তুৰ কথা আদি৷৬
তথ্যসূত্ৰ
- ↑ হীৰেন গোহাঁই. (১৯৯৮). অসম বুক হাইভ. পৃ. সূচীপত্ৰ
- ↑ (23 February 2010). Assamese Intellectuals Angry Over 'Injustice' to Gohain. Outlook (magazine)
- ↑ Jotwani, Motilal Wadhumal. (1979). Contemporary Indian literature and society. Heritage. পৃ. 6
- ↑ সমীন কলিতা. (২০০৮). সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া. পৃ. ১৩৭
- ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
- ↑ হীৰেন গোহাঁই. (২০২২). উৰণীয়া হাঁহৰ মাত. পূৰ্বায়ণ প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰণীয়া হাঁহৰ মাত” প্ৰবন্ধৰ সংশোধন ৬১৬৩৫০ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।