অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আন্দোলন আলোচনী আৰু ব্যক্তি

আন্দোলন আলোচনী আৰু ব্যক্তি এখন অসমীয়া গ্ৰন্থ। এই গ্ৰন্থখনৰ লেখক উপেন্দ্ৰ বৰকটকী আৰু প্ৰকাশক অসম প্ৰকাশন পৰিষদ। গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল ডিচেম্বৰ ২০০৮ ত। গ্ৰন্থখন ‘ক’, ‘খ’, ‘গ’ নামেৰে তিনিটা অংশত বিভক্ত।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৩ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

আন্দোলন আলোচনী আৰু ব্যক্তি এখন অসমীয়া গ্ৰন্থ। এই গ্ৰন্থখনৰ লেখক উপেন্দ্ৰ বৰকটকী আৰু প্ৰকাশক অসম প্ৰকাশন পৰিষদ। গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল ডিচেম্বৰ ২০০৮ ত। গ্ৰন্থখন ‘ক’, ‘খ’, ‘গ’ নামেৰে তিনিটা অংশত বিভক্ত। ‘ক’ অংশত গ্ৰন্থকাৰে অসমীয়া সাহিত্যত ভাৰতৰ স্বাধীনতা আন্দোলন, অসম আন্দোলন আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেইগৰাকীমান বীৰাংগনা আদি বিষয়ক ৫টা প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে। ‘খ’ অংশত অসমীয়া সাহিত্য আৰু জাতীয় জীৱনলৈ ঊষা, বিজুলী, বাঁহী, চেতনা, আৱাহন, অসম সাহিত্য সভা পত্ৰিকা আদিৰ অৱদান সম্পৰ্কীয় ৬টা প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে। ‘গ’ অংশত মাণিক চন্দ্ৰ বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱাকে ধৰি কেইবাগৰাকীয়ো ব্যক্তিয়ে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অৱদান সম্পৰ্কীয় ৪টা প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে।১

প্ৰবন্ধসমূহ

‘ক’ অংশ

  1. অসমীয়া সাহিত্যত স্বাধীনতা আন্দোলনৰ প্ৰতিফলন
  2. অসমীয়া সাহিত্যত অসম আন্দোলনৰ প্ৰভাৱ
  3. লভিতা আৰু ডাৱৰ আৰু নাইত দ্বিতীয় মহাসমৰ আৰু স্বাধীনতা আন্দোলনৰ প্ৰতিফলন
  4. ভাৰতৰ স্বাধীনতা আন্দোলনত নগাঁৱৰ অৱদান
  5. স্বাধীনতা আন্দোলনৰ কেইগৰাকীমান বীৰাংগনা'‘খ’ অংশ'
  6. পদ্মনাথ গোহাঞি বৰুৱাৰ ঊষা আৰু বিজুলীৰ অৱদান
  7. বেজবৰুৱাৰ বাঁহী আৰু বাঁহীৰ পাতত বেজবৰুৱা
  8. অম্বিকাগিৰীৰ চেতনা: অসমীয়া জাতীয়তাৰ নৱদূত
  9. অসমৰ জাতীয় জীৱনলৈ আৱাহনৰ অৱদান
  10. অসমীয়া সাহিত্যত অসম সাহিত্য সভা পত্ৰিকাৰ স্থান
  11. চাহ জনগোষ্ঠীৰ উত্তৰণত অসম সাহিত্য সভাৰ ভূমিকা'‘গ’ অংশ'
  12. অসমৰ জাতীয় জীৱনলৈ মাণিক চন্দ্ৰ বৰুৱাৰ অৱদান
  13. অসম সাহিত্য সভাৰ তিনিগৰাকী প্ৰধান সম্পাদকৰ কীৰ্তি আৰু কৃতিত্ব
  14. অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ বিৰিঞ্চি কুমাৰ বৰুৱাৰ অৱদান
  15. ব্যক্তি আৰু সমাজৰ মনোমোহা চিত্ৰৰ আত্মজীৱনী--বিদ্যুতচ্চলং জীৱনমঃ

তথ্যসূত্ৰ

  1. ↑ উপেন্দ্ৰ বৰকটকী, আন্দোলন আলোচনী আৰু ব্যক্তি, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ডিচেম্বৰ ২০০৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্দোলন আলোচনী আৰু ব্যক্তি” প্ৰবন্ধৰ সংশোধন ৩৭৭১৯৬ (৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।