অসমৰ লোক-সংস্কৃতি গ্ৰন্থখনৰ লিখক বিৰিঞ্চি কুমাৰ বৰুৱা৷ গ্ৰন্থখনত অসমীয়া লোক-সংস্কৃতিৰ স্বৰূপ, অসমৰ ভৌগোলিক পৰিৱেশ, লোক-সাহিত্য, লোক-বিশ্বাসত সাপ, মাছ, কুুকুৰা চৰাই, তামোল-পাণ, নগ্নতা, অশ্লীলতা, আৰু শাও-শপনি, নামঘৰ নিৰ্মাণৰ নীতি-নিয়ম, সাজ-পাৰ, খোৱা-বোৱা, বেজ-বেজালি, উৎসৱ-অনুষ্ঠান, ধৰ্মীয় পৰম্পৰা, বাদ্য-যন্ত্ৰ, লোক-শিল্প আদি বিষয়বস্তুবোৰৰ সন্দৰ্ভত আলোচনা কৰা হৈছে৷ এই গ্ৰন্থখনৰ একে বিষয়বস্তুকে কেন্দ্ৰ কৰি ইংৰাজী ভাষাত Popular culture of Assam শীৰ্ষক এখন গ্ৰন্থ প্ৰস্তুত কৰা হৈছে৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছে ১৯৬১ চনৰ মাৰ্চ মাহত৷১
লেখক পৰিচয়
বিৰিঞ্চি কুমাৰ বৰুৱা (Birinchi Kumar Barua; ১০ নৱেম্বৰ, ১৯০৮ – ৩০ মাৰ্চ, ১৯৬৪), অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক।২ অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত 'বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ'ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।
‘আৱাহন’, জয়ন্তী, সুৰভি, সাহিত্য সভা পত্ৰিকা, Journal of the Assam Research Society আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ-পাতি লিখাৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱা ৰামধেনু আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ ‘অকণ’ আৰু ‘সুৰভি’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল।২ কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰখনো তেওঁ কিছু বছৰ সম্পাদনা কৰিছিল।
তথ্যসূত্ৰ
- ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (২০১২). অসমৰ লোক-সংস্কৃতি. বীণা লাইব্ৰেৰী. পৃ. আগকথা
- ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ লোক-সংস্কৃতি (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৭৮২৮৪ (১৬ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।