অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমত মহাত্মা

অসমত মহাত্মা (Asomat Mahatma) মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ কাহিনী। গান্ধীয়ে চাৰিবাৰকৈ অসম ভ্ৰমণ কৰিছিল। এই ঐতিহাসিক ভ্ৰমণ কাহিনীৰ বিভিন্ন তথ্য অসমৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি অমিয়কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই অসমত মহাত্মা শীৰ্ষক সংকলনটি যুগুতাই উলিয়াইছিল।

হালনাগাদ: ১ জুলাই ২০২৪ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

অসমত মহাত্মা (Asomat Mahatma) মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ কাহিনী। গান্ধীয়ে চাৰিবাৰকৈ অসম ভ্ৰমণ কৰিছিল।১ এই ঐতিহাসিক ভ্ৰমণ কাহিনীৰ বিভিন্ন তথ্য অসমৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি অমিয়কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই অসমত মহাত্মা শীৰ্ষক সংকলনটি যুগুতাই উলিয়াইছিল। সংকলনটি সম্পাদনা কৰিছে চন্দ্ৰপ্ৰসাদ শইকীয়াই আৰু প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে।১১৯৬৯ চনত কিতাপখন প্ৰথমবাৰৰ বাবে প্ৰকাশ হয়, দ্বিতীয় প্ৰকাশ হয় ২০০৭ চনৰ ডিচেম্বৰ মাহত।

বিষয়

জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধী চাৰিবাৰকৈ অসম ভ্ৰমণলৈ আহিছিল। প্ৰথমবাৰ ১৯২১ চনৰ আগষ্ট মাহত, অসহযোগ আন্দোলনৰ সময়ত অসমলৈ আহোঁতে গান্ধীয়ে গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ ভ্ৰমণ কৰি ছিলেট হৈ কলিকতালৈ গৈছিল। দ্বিতীয়বাৰ তেওঁ আহিছিল ১৯২৬ চনৰ ডিচেম্বৰ মাহত। সেইবাৰ তেওঁ গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত অংশগ্ৰহণ কৰিছিল। ১৯৩৪ চনত হৰিজন ছফৰলৈ ওলাওঁতে গান্ধীয়ে অসমকো ভ্ৰমণ তালিকাৰ অন্তৰ্ভুক্ত কৰিছিল আৰু এই ভ্ৰমণ কালত গান্ধীয়ে যোৰহাটৰ গান্ধীবাদী নেতা কৃষ্ণনাথ শৰ্মাৰ পৰিয়ালৰ ব্যক্তিগত নামঘৰটি হৰিজনসকলৰ বাবে মুকলি কৰিছিল। অস্পৃশ্যতা দূৰীকৰণ আন্দোলনত ই আছিল এক যুগান্তকাৰী পদক্ষেপ। ২ সেই সময়ত গান্ধী যোৰহাটৰ উপৰিও ধুবুৰী, বৰপেটা, তেজপুৰ, গুৱাহাটী, নগাঁও, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইলৈ গৈছিল। ১৯৪৬ চনত অসমলৈ অহা মহাত্মাৰ বয়স আছিল ৭৭ বছৰ। তেওঁৰ স্বাস্থ্য ক্ৰমে পৰি আহিছিল। এয়া আছিল মহাত্মাৰ শেষ অসম ভ্ৰমণ। এই চাৰিওটা ভ্ৰমণ কালতে বিভিন্ন কাকত আলোচনীত গান্ধীৰ ভ্ৰমণ সম্পৰ্কীয় বাতৰি প্ৰকাশ হৈছিল। তাৰোপৰি বিভিন্ন সংস্থা-সংগঠনে তেওঁক স্বাগতম তথা অভিনন্দন জনাই বিভিন্ন পত্ৰ প্ৰেৰণ কৰিছিল আৰু গান্ধীয়েও বিভিন্ন ৰাজহুৱা সভাত বক্তৃতা প্ৰদান কৰাৰ লগতে অসম তথা অন্য ৰাজ্যৰ তেওঁৰ সুহৃদলৈ এই ভ্ৰমণকালতে অসমৰ পৰা পত্ৰাদি প্ৰেৰণ কৰিছিল। এই সকলোবোৰ সমল আছিল অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাসৰ নিৰ্ভৰযোগ্য দলিল। সেয়ে অসমৰ বিভিন্ন জিলাৰ ভিন ভিন ঠাইলৈ গৈ অমিয়কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই এই তথ্য-পাতিবোৰ সংগ্ৰহ কৰি একো বাদ নপৰাকৈ কিতাপখনত ইয়াক সন্নিৱিষ্ট কৰিছিল। অসম ৰাজ্যিক গান্ধী জন্ম-শতবাৰ্ষিকী উদযাপন সমিতিৰ সিদ্ধান্ত মতে অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা প্ৰকাশ কৰা পাঁচখন কিতাপৰ ভিতৰত অসমত মহাত্মা অন্যতম।

লেখক পৰিচয়

মূল প্ৰবন্ধ: অমিয় কুমাৰ দাস

লেখক অমিয়কুমাৰ দাস এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ আৰু লেখক আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে− শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰীও আছিল।৩ তেওঁ মহাত্মা গান্ধীৰ আত্মজীৱনী 'The Story of My Experiments with Truth' কিতাপখন 'মোৰ সত্য অন্বেষণৰ কাহিনী' নাম দি অসমীয়ালৈ অনুবাদ কৰিছিল। দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে ১৯৬৩ চনত তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰিছিল।৪

লীলাধৰ বৰুৱা অসম ৰাজ্যিক গান্ধী জন্ম-শতবাৰ্ষিকী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক আছিল। ১

সম্পাদকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: চন্দ্ৰপ্ৰসাদ শইকীয়াঅসমত মহাত্মা কিতাপখনৰ সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়া সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক। "মহাৰথী" উপন্যাসৰ বাবে তেওঁসাহিত্য অকাডেমি বঁটা৫ আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। শইকীয়া অসম প্ৰকাশন পৰিষদৰ সচিব তথা "অসমীয়া" (বাতৰি কাকত), "প্ৰকাশ" আৰু "গৰীয়সী" আলোচনীৰ সম্পাদক আছিল। ১৯৯৯ আৰু ২০০০ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ অমিয়কুমাৰ দাস, লীলাধৰ বৰুৱা. (২০০৭). অসমত মহাত্মা. অসম প্ৰকাশন পৰিষদ. পৃ. ১৭৮
  2. ↑ Tora Agarwala. (3 October, 2019). This Naamghar in Assam’s Jorhat marked an epochal moment in Mahatma Gandhi’s fight against untouchability. indianexpress.com/
  3. ↑ (5 February 2003). Lokanayak Omeo Okumar Das on Free India. Free India
  4. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি
  6. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত মহাত্মা” প্ৰবন্ধৰ সংশোধন ৪২৪৪৬৭ (১ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।