অসমকোষ অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ সংকলক আৰু সম্পাদক– হেমন্ত কুমাৰ ভৰালী। গ্ৰন্থখনত অসম বুৰঞ্জী, ভূগোল, জাতি-জনগোষ্ঠী, সমাজ-ব্যৱস্থা, কৃষি-শিল্প-সংস্কৃতি, ভাষা-সাহিত্য-সংবাদপত্ৰ, স্থাপত্য-ভাস্কৰ্য, থিয়েটাৰ-নাটক-ৰংগমঞ্চ-চিনেমা, সমাজ জীৱনৰ বিশিষ্ট ব্যক্তিসকল, অনুষ্ঠান-প্ৰতিষ্ঠান, ঐতিহাসিক স্মৃতি-চিহ্ন আদি–অসম বিষয়ক বিবিধ প্ৰসংগৰ তথ্যসমৃদ্ধ বৰ্ণানুক্ৰমিক লেখা আছে। লেখাবোৰৰ লগত প্ৰাসংগিক ফটো আৰু আলোকচিত্ৰও আছে। ১
বিৱৰণ
প্ৰায় ২০০০টা বিভিন্ন বিষয়ক লেখা এই গ্ৰন্থখনত সংকলিত হৈছে। গ্ৰন্থখনৰ শেষৰফালে অসম সাহিত্য সভাৰ সভাপতিসকলৰ নাম, অসমত ক’ত কি প্ৰথমবাৰৰ বাবে হৈছিল তাৰ বিৱৰণ, বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়াসকলৰ তালিকা, অসমীয়া ভাষা সাহিত্যত প্ৰথমসকলৰ তালিকা, মঞ্চ তথা চলচ্চিত্ৰ জগতত প্ৰথমসকলৰ তালিকা, ভাৰত চৰকাৰৰ পদ্ম সন্মান লাভ কৰাসকলৰ তালিকা, তমল কুমাৰী, শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা লাভ কৰাসকলৰ তালিকা, সৰস্বতী সন্মান লাভ কৰা ব্যক্তিসকলৰ তালিকা, অসম ৰত্ন লাভ কৰা ব্যক্তিসকলৰ তালিকা, জাতীয় সংগীত আদি বিভিন্ন গুৰুত্বপূৰ্ণ তালিকাসমূহ সংলগ্ন হৈ আছে। গ্ৰন্থখনত অসমৰ জাতীয় জীৱনৰ বাবে সেৱা আগবঢ়াই থৈ যোৱা গৰিষ্ঠসংখ্যক মহান ব্যক্তিৰ বিষয়ে পৰিচয়মূলক টোকা আছে। তেওঁলোকৰ ফটো জীৱন পৰিক্ৰমা, সামাজিক, সাহিত্যিক অৱদান আদিৰ বিষয়ে আছে। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশৰ চন– ২০০৫ ডিচেম্বৰ। এতিয়ালৈকে গ্ৰন্থখনৰ ৩টা সংস্কৰণ প্ৰকাশ পাইছে। তৃতীয় সংস্কৰণটো পৰিবৰ্ধিতৰূপত প্ৰকাশ হৈছে ২০১৬ চনত। মূল্য– ৪০০ টকা। মুঠ পৃষ্ঠা- ৫৩২। ১
তথ্যসূত্ৰ
- ↑ অৰবিন্দ ৰাজখোৱা, ভাস্কৰ ভূঞা. (২০২০). অসমীয়া শিশু সাহিত্য কোষ, প্ৰস্তাৱনা খণ্ড. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃ. ৫৬৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম কোষ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৯৮৯০৬ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।