অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হৃদয় নিৰুপায়

হৃদয় নিৰুপায় এখন অসমীয়া ভাষাৰ উপন্যাস৷ ঔপন্যাসিক ৰীতা চৌধুৰী৷ উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৩ চনৰ মে’ মাহত৷ উপন্যাসখন পূৰ্বতে ১৯৯৬ চনত ‘জনমভূমি’ কাকতৰ পূজা সংখ্যাত ‘অন্তঃস্ৰোতা’ শীৰ্ষক নামেৰে প্ৰকাশ হৈছিল৷ ‘হৃদয় নিৰুপায়’ তাৰেই পৰিবৰ্দ্ধিত ৰূপ৷ ২০২০ চনত উপন্যাসখনৰ ষষ্ঠ প্ৰকাশ মুদ্ৰিত হৈছে৷…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

হৃদয় নিৰুপায় এখন অসমীয়া ভাষাৰ উপন্যাস৷ ঔপন্যাসিক ৰীতা চৌধুৰী৷ উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৩ চনৰ মে’ মাহত৷ উপন্যাসখন পূৰ্বতে ১৯৯৬ চনত ‘জনমভূমি’ কাকতৰ পূজা সংখ্যাত ‘অন্তঃস্ৰোতা’ শীৰ্ষক নামেৰে প্ৰকাশ হৈছিল৷ ‘হৃদয় নিৰুপায়’ তাৰেই পৰিবৰ্দ্ধিত ৰূপ৷১ ২০২০ চনত উপন্যাসখনৰ ষষ্ঠ প্ৰকাশ মুদ্ৰিত হৈছে৷ ‘হৃদয় নিৰুপায়’ কেম্পাছকেন্দ্ৰিক অসমীয়া উপন্যাস৷ উপন্যাসখন উচৰ্গা কৰা হৈছে চৌধুৰীৰ প্ৰিয় বন্ধু চম্পক বৰবৰাৰ হাতত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷ ষষ্ঠ প্ৰকাশৰ মূল্য ১০০ টকা৷

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ৰীতা চৌধুৰী

(জন্ম:১৭ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক।২৩ মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেখেতৰ উল্লেখযোগ্য সাহিত্যিক অৱদান। তেখেতে ২০১৫ চনৰ জুলাই মাহৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহলৈ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।<ref>{{cite

কাহিনৰ সাৰাংশ

উপন্যাসখনৰ কাহিনীটোৰ পটভূমি হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেম্পাছভিত্তিক৷ এই কেম্পাছটোৰ ভিতৰতে সংঘটিত হোৱা এটি ঘটনাৰ আলম লৈ উপন্যাসখন লিখা হৈছে৷ মুখ্য চৰিত্ৰ অমল, সৌৰিণ, মলয়া আদিৰ জীৱনৰ এটা বিশেষ কাহিনীয়ে উপন্যাসখনত স্থান লাভ কৰিছে৷ সোৰিণ, অমল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ৷ অমলে পঢ়ি থাকোঁতেই ঘটনাৰ পাকচক্ৰত মলয়া নামৰ চৰিত্ৰটিৰ প্ৰেমত পৰিছে আৰু তাইৰ সৈতে সম্বন্ধ স্থাপন কৰিব বিচাৰিছে৷ কিন্তু মলয়াই সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত অমলে এদিন ৰাতি তাইক বলপূৰ্বকভাৱে ধৰ্ষণ কৰি গৰ্ভৱতী কৰে৷ এনে পৰিস্থিতিত উপায়ন্তৰ হৈ মলয়া মৃত্যুমুখত পৰে৷ মলয়াৰ সেই মৃতদেহটো চিকিৎসালয়ৰ এনাটমী হ’ল বা ডিচেক্চন হ’লত অমল আৰু এম.বি.বিএছৰ শিক্ষাৰ্থীসকলে শৱ-ব্যৱচ্ছেদন কৰি শিক্ষা গ্ৰহণ কৰিবলগাত পৰিছে আৰু অমলৰ মানিসক অন্তদণ্ড আৰম্ভ হৈছে৷ এনেদৰেই ঘটনাৰ কাহিনীক্ৰম আগবাঢ়িছে৷ কাহিনীৰ পাকচক্ৰত এই কথা প্ৰতীয়মান হয় যে মলয়া আছিল সৌৰিণৰ ভনীয়েক৷ সৌৰিণৰ মাহীয়েককে সৌৰিণৰ বাপেকে এসময়ত গৰ্ভৱতী কৰাত মলয়াৰ জন্ম হয়, কিন্তু এই কথাটো গোপনে ৰখাৰ বাবে সমাজৰ আঁৰ হৈয়ে থাকি যায়৷ এই মলয়াকে হোষ্টেলত অমল, মহানন্দ আদিয়ে সৌৰিণৰ প্ৰেমিকা বুলি ভাৱে আৰু তাইৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তোলে৷ অমলৰ মানসিক দ্বন্দ্ব উপন্যাসখনত দেখুওৱা হৈছে যদিও সিয়েই যে মলয়াৰ হত্যাকাৰী, এই কথা কোনেও নজনাকৈয়ে থাকি গৈছে৷

চৰিত্ৰসমূহ

অমল, মলয়া, সৌৰিণ, মহানন্দ,নবু, অতনু, নীহাৰ, গকুল, পটংগীয়া ছাৰ, শৈবাল, তনুজা, নীলিমা মাহী আদি

তথ্যসূত্ৰ

  1. ↑ ৰীতা চৌধুৰী. (২০২০). ৰীতা চৌধুৰী. জ্যোতি প্ৰকাশন. পৃ. পাতনি
  2. ↑ ((Monday, December 29, 2008)). Literary feats lauded. The Assam Tribune
  3. ↑ ((Wednesday, February 18, 2009)). Chowdhury, Narzary given Akademi award. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৃদয় নিৰুপায়” প্ৰবন্ধৰ সংশোধন ৩৮৩৩০৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।