অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লোক কল্পদৃষ্টি

লোক কল্পদৃষ্টি নীলমণি ফুকন ৰচিত এখন গ্ৰন্থ৷ ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদে গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰিছে৷ গ্ৰন্থখনত অসমীয়া লোক কলাসম্পদৰ ঐতিহ্য, চৰ্চা আৰু আধুনিক চিত্ৰকলাৰ সন্দৰ্ভত আলোচনা কৰা হৈছে৷ তেখেতে এই গ্ৰন্থখনত অসমৰ বিভিন্ন প্ৰান্তত সিচৰতি হৈ থকা লোক সম্পদ সমূহৰ সংগ্ৰহ কৰি তাৰ অধ্যয়ন…

হালনাগাদ: ৫ মে’ ২০২৬ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লোক কল্পদৃষ্টি নীলমণি ফুকন ৰচিত এখন গ্ৰন্থ৷ ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদে গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰিছে৷ গ্ৰন্থখনত অসমীয়া লোক কলাসম্পদৰ ঐতিহ্য, চৰ্চা আৰু আধুনিক চিত্ৰকলাৰ সন্দৰ্ভত আলোচনা কৰা হৈছে৷ তেখেতে এই গ্ৰন্থখনত অসমৰ বিভিন্ন প্ৰান্তত সিচৰতি হৈ থকা লোক সম্পদ সমূহৰ সংগ্ৰহ কৰি তাৰ অধ্যয়ন আৰু সংৰক্ষণ কৰিছে৷১

লেখকৰ পৰিচয়

নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। তেওঁ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। নীলমণি ফুকনৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’ আৰু ‘গোলাপী জামুৰ লগ্ন’ আদি।

‘কবিতা’ শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হয়।২৩ কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে। নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।৪ এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।

বিৱৰণ

লোক কল্পদৃষ্টি৫ গ্ৰন্থখনত অসমৰ বিভন্ন অঞ্চলৰ লোক সম্পদসমূহৰ বিৱৰণ, বৈশিষ্ট্য আৰু তাৰ ইতিহাস সম্পৰ্কে উল্লখে আছে৷ গ্ৰন্থখনৰ শেষৰফালে লোক সম্পদসমূহৰ আলোকচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে৷ মানৱ জীৱনত শিল্পকলাৰ গুৰুত্ব, ইয়াৰ ব্যৱহাৰিক আৰু প্ৰায়োগিক দিশ, গুৰুত্ব, লোক সা-সঁজুলি নিৰ্মাণৰ ধৰণ-কৰণ, গ্ৰাম্য অনাখৰী লোকৰ সৃষ্টিশীল প্ৰতিভাৰ প্ৰসংগ গ্ৰন্থখনত আলোচনা কৰা হৈছে৷ বিভিন্ন জাতি-জনগোষ্ঠী অঞ্চল ভেদে লোক শিল্পৰ বৈচিত্ৰ্য আৰু পৃথকতাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লোক শিল্পকলাৰ সৈতে অসমৰ শিল্পকলাৰ সাদৃশ্য-পাৰ্থক্য আদিৰ সন্দৰ্ভতো গ্ৰন্থখনত আলোচনা কৰা হৈছে৷৬

তথ্যসূত্ৰ

  1. ↑ নীলমণি ফুকন. (১৯৮৭). লোক কল্পদৃষ্টি. অসম প্ৰকাশন পৰিষদ. পৃ. আগকথা
  2. ↑ মৃদুল হালৈ. (২০ জানুৱাৰী, ২০২৩). কাব্যঋষি: ১৯৩৩-২০২৩. অসমীয়া প্ৰতিদিন
  3. ↑ জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  4. ↑ (7 December 2021). Damodar Mauzo, critic of ‘right-wing terror’ & Nilmani Phookan win Jnanpith award. thefederal.com/
  5. ↑ নীলমণি ফুকন. (১৯৮৭). Loka Kalpadrishti (Folk Vision) লোক কল্পদৃষ্টি, অসম প্ৰকাশন পৰিষদ. অসম প্ৰকাশন পৰিষদ
  6. ↑ নীলমণি ফুকনৰ শিল্প সমালোনাৰ বিষয়ে যৎকৃঞ্চিত. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোক কল্পদৃষ্টি” প্ৰবন্ধৰ সংশোধন ৬০৪৫১৫ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।