অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সহস্ৰাব্দৰ বিশ্ব (গ্ৰন্থ)

সহস্ৰাব্দৰ বিশ্ব অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনা কৰিছে শান্তনু কৌশিক বৰুৱাই৷ জ্ঞান-বিজ্ঞান, ইতিহাস, বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন দেশৰ গুৰুত্বপূৰ্ণ ঘটনাৰ বিৱৰণ এই গ্ৰন্থখনত আছে৷ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা সাম্প্ৰতিক সময়লৈকে মানৱ ইতিহাসে হাজাৰ হাজাৰ বছৰ অতিক্ৰম…

হালনাগাদ: ২২ মে’ ২০২৩ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৪১
সংশোধনৰ পৰামৰ্শ

সহস্ৰাব্দৰ বিশ্ব অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনা কৰিছে শান্তনু কৌশিক বৰুৱাই৷ জ্ঞান-বিজ্ঞান, ইতিহাস, বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন দেশৰ গুৰুত্বপূৰ্ণ ঘটনাৰ বিৱৰণ এই গ্ৰন্থখনত আছে৷ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা সাম্প্ৰতিক সময়লৈকে মানৱ ইতিহাসে হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰি আহিছে৷ এই দীৰ্ঘ সময়ছোৱাত বিশ্বব্ৰহ্মাণ্ড আৰু পৃথিৱীৰ সৃষ্টিৰ পৰা আৰম্ভ কৰি জীৱৰ উৎপত্তি, ক্ৰমবিকাশ, মানুহৰ ক্ৰমবিকাশ আৰু মানৱ ইতিহাসৰ শেহতীয়া বিজ্ঞান-প্ৰযুক্তিবিদ্যালৈকে অনেক ঘটনাই সময়ে সময়ে সংঘটিত হৈছে৷ এই গ্ৰন্থখনত সেইধৰণৰ বিষয়বোৰৰ বৰ্ণনা আছে৷ গ্ৰন্থখন মূলতঃ বিশ্ব ব্ৰহ্মাণ্ড সম্পৰ্কে এটা সামগ্ৰিক ধাৰণা ল’ব পৰা তথ্যৰ সংকলন৷ ১

বিৱৰণ

গ্ৰন্থখনত মানৱ সমাজে জুইৰ লগত চিনাকি হোৱা, ছুমেৰীয় সভ্যতাৰ পৰা গ্ৰীক সভ্যতালৈ মানৱ সভ্যতাৰ ক্ৰমবিকাশ, ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু ইয়াৰ বিকাশ, ধৰ্মৰ উৎপত্তি, সাহিত্যৰ উৎপত্তি, জ্ঞান-বিজ্ঞানৰ উৎপত্তি, শিল্প-ভাস্কৰ্যৰ উৎপত্তি আৰু ইয়াৰ চৰ্চাৰ পৰা আৰম্ভ কৰি চুলতান মামুদৰ ভাৰত আক্ৰমণ, অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা, মংগোলীয়সকলৰ চীন আক্ৰমণ, দিল্লীত কুটুবমিনাৰৰ নিৰ্মাণ, তাজমহলৰ নিৰ্মাণ, দূৰবীক্ষণৰ আৱিষ্কাৰ, প্ৰথমটো ভাৱ ইঞ্জিনৰ আৱিষ্কাৰ, মানৰ আক্ৰমণ আদিৰ দৰে হাজাৰৰো অধিক মূল্যবান প্ৰবন্ধ বৰ্ণিত হৈছে৷ প্ৰতিটো প্ৰবন্ধৰ লগত সংযোগ কৰা হৈছে বিষয় সম্পৰ্কীয় চিত্ৰ আৰু আলোকচিত্ৰ৷ বিশ্বৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীবোৰ অসমীয়া ভাষাত শৃংঘলাবদ্ধভাৱে আৰু একাদিক্ৰমে ৰচনা কৰা এইখনেই সৰ্বপ্ৰথম গ্ৰন্থ বুলি গ্ৰন্থখনৰ আগকথাত লিখা আছে৷ গ্ৰন্থখনৰ তৃতীয় অধ্যায়ত ‘কেতিয়া ক’ত কি ঘটিছিল’– শীৰ্ষক নামেৰে এখন দীঘল তালিকা দিয়া হৈছে৷ এই তালিকাত সমগ্ৰ বিশ্বৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীৰ চন, তাৰিখ আদি একাদিক্ৰমে লিখা আছে৷ সেইদৰে গ্ৰন্থখনৰ শেষৰফালে এখন বিস্তৃত নিৰ্ঘণ্ট দিয়া হৈছে, যাৰ সহায়ত পাঠকে প্ৰয়োজনীয় প্ৰসংগটো সহজে বিচাৰি পাব৷ বনলতা প্ৰকাশনে এইখন গ্ৰন্থ ২০০৪ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে৷ গ্ৰন্থখনৰ তৃতীয় সংস্কৰণ প্ৰকাশ হয় ২০১৩ চনত৷ গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মূল্য- ৩৫০ টকা৷ মুঠ পৃষ্ঠা সংখা–৪৫১ ১

তথ্যসূত্ৰ

  1. ↑ অৰবিন্দ ৰাজখোৱা, ভাস্কৰ ভূঞা. (২০২০). অসমীয়া শিশু সাহিত্য কোষ, প্ৰস্তাৱনা খণ্ড. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃ. ৫৭৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সহস্ৰাব্দৰ বিশ্ব (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৬৬৭৯৫ (২২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।