শান্তনুকুলনন্দন হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস।১ অসমীয়া সাহিত্য ক্ষেত্ৰত গৱেষণাধৰ্মী দৃষ্টিকোণেৰে এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসখনে ২০০৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১ এই গ্ৰন্থখনত প্ৰাচীন কামৰূপৰ মূলাধাৰ নদী ব্ৰহ্মপুত্ৰ নদৰ উৎপত্তি আৰু ইয়াৰ নামকৰণৰ সন্দৰ্ভত লেখিকাই ব্যাখ্যা আগবঢ়াইছে। লেখিকাই ইতিহাস চেতনা আৰু বৰ্ণনীয় উপস্থাপন শৈলীৰে এই উপন্যাসখন ৰচনা কৰিছে।১
লেখিকাৰ পৰিচয়
মূল প্ৰবন্ধ: পূৰবী বৰমুদৈ
পূৰবী বৰমুদৈ (১৯৫০ – ২০১৯) অসমৰ এগৰাকী সাহিত্যিক। তেখেত মূলতঃ বুৰঞ্জীমূলক উপন্যাসৰ ৰচয়িতা। তেখেত সাহিত্য অকাডেমি বঁটা২ আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।
গ্ৰন্থ পৰ্যালোচনা
শান্তনুকুলনন্দন গ্ৰন্থখনত লেখিকাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন সভ্যতাত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষিক, ৰাজনৈতিক, সাংস্কৃতিক তথা ধৰ্মীয় সমন্বয়ৰ কিদৰে এক সৰ্বজনীন আৰু আদৰ্শ সংস্কৃতিৰ সৃষ্টি হৈছে তাক যুক্তি সহকাৰে নিখুঁত ৰূপে অংকন কৰাৰ প্ৰয়াস কৰিছে। লেখিকাই উপন্যাসখনৰ চৰিত্ৰৰ মাজত হোৱা বাৰ্তালাপেৰে কাহিনীভাগ আগুৱাই নিছে। বিস্তৃত বৰ্ণনাই কিছুমান ক্ষেত্ৰত যি একঘেয়ামী অৱস্থাৰ সৃষ্টি কৰে তাৰ তুলনাত বাৰ্তালাপ বা যুক্তিতৰ্কই পাঠকৰ হৃদয়ত বিষয়বস্তু সম্পৰ্কে সহজতে সাঁচ বহুৱাব সক্ষম হয়। লেখিকাই উপৰোক্ত কৌশলৰ জৰিয়তে মনোগ্ৰাহীকৈ উপন্যাসখনৰ বিষয়বস্তু পাঠকৰ বোধগম্য কৰি তোলাত সফল হৈছে। সবল শব্দমালা আৰু অৰ্থগভীৰ বাক্যবিন্যাসে উপন্যাসখনৰ গাম্ভীৰ্য ৰক্ষা কৰিছে।১
ব্ৰহ্মপুত্ৰ নদ (লৌহিত্য) আৰু ইয়াৰ আলমত গঢ় লৈ উঠা সভ্যতাৰ কথা উল্লেখ কৰোঁতে ঔপন্যাসিকে কেইবাটাও উপ-কাহিনীৰ সংযোগ কৰিছে। লেখিকাই উপন্যাসখনত লৌহিত্যৰ পাৰত অৱস্থিত ভাৰ্গৱ মুনিৰ আশ্ৰমৰ বৰ্ণনা, উজ্জ্বয়িনী, নালন্দা বিশ্ববিদ্যালয়ৰ পৰিৱেশৰ চিত্ৰ সুন্দৰভাৱে অংকন কৰিছে। সেইসময়ত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ শীলভদ্ৰ, মহাচীন দেশীয় বিধি বিশাৰদ হিউ-ৱেন-চাং আদি ঐতিহাসিক চৰিত্ৰবোৰৰ ক্ৰিয়া-কলাপৰ মাজেৰে সেই সময়ৰ ভৌগোলিক, ঐতিহাসিক, ৰাজনৈতিক, সাংস্কৃতিক আদি দিশবোৰৰ কথা অনুধাৱন কৰিব পাৰি। আচাৰ্য শান্তিৰক্ষিত নামৰ চৰিত্ৰৰ জৰিয়তে লেখিকাই সেই সময়ৰ তীব্বতীয় সমাজ ব্যৱস্থা তথা ভাৰত, নেপাল আৰু তিব্বত স্বায়ত্তশাসিত অঞ্চলত সেইসময়ৰ বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ এটি সম্যক চিত্ৰ দাঙি ধৰাৰ প্ৰয়াস কৰিছে। ব্ৰহ্মপুত্ৰৰ সৃষ্টি কাহিনী ক’বলৈ গৈ লেখিকাই নিজস্ব ৰচনাশৈলীৰে উপন্যাসখনক বলিষ্ঠতা প্ৰদান কৰিছে। উপন্যাসখনত মহাভাৰতীয় কথনশৈলী আধুনিক সম্পৰীক্ষাৰে উপস্থাপিত কৰিছে, আনহাতে ইতিহাস আৰু মৌলিকতাৰ মণিকাঞ্চন সংযোগ ঘটাইছে। বিষয় বস্তুৰ প্ৰতি লক্ষ্য ৰাখি লেখিকাই সংস্কৃত শব্দৰ ব্যৱহাৰ অধিক কৰিছে।১
তথ্যসূত্ৰ
- ↑ সুস্মিতা বৰা. শান্তনুকুলনন্দন: গ্ৰন্থবীক্ষণ. আমি অসমীয়া
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তনুকুলনন্দন” প্ৰবন্ধৰ সংশোধন ৩৮২৯১৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।