অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত

১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত:৭৮ বছৰীয়া ইতিহাসৰ এক ৰেঙণি (Exo Oxomiya Chalachitrar Kahini aru Geet: Athsottor Bosoriya Itihaasar Ek Rengoni) অসমীয়া চিত্ৰ সাংবাদিক অৰুণলোচন দাসৰ অসমীয়া চলচ্চিত্ৰ বিষয়ক এখন গৱেষণামূলক গ্ৰন্থ।

হালনাগাদ: ২৬ অক্টোবৰ ২০২৩ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত:৭৮ বছৰীয়া ইতিহাসৰ এক ৰেঙণি (Exo Oxomiya Chalachitrar Kahini aru Geet: Athsottor Bosoriya Itihaasar Ek Rengoni) অসমীয়া চিত্ৰ সাংবাদিক অৰুণলোচন দাসৰ১২ অসমীয়া চলচ্চিত্ৰ বিষয়ক এখন গৱেষণামূলক গ্ৰন্থ। কিতাপখনত ১০০ খন অসমীয়া চলচ্চিত্ৰৰ প্ৰতিখনৰে কাহিনী, গীত, কলা-কুশলী, মুক্তি সম্বন্ধীয় তথ্যৰে বিতং আলোচনা প্ৰকাশ পাইছে। কিতাপখন প্ৰকাশ কৰিছে শিশু-শশী প্ৰকাশনৰ হৈ জোনালী দাসে। ২০১৩ চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশ হোৱা ৫২০ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ৩৭০ টকা আৰু ই অসমীয়া চলচ্চিত্ৰ জগতৰ ৭৮ বছৰৰ ইতিহাসক ধৰি ৰাখিছে।

লেখক পৰিচয়

গুৱাহাটীৰ উজানবজাৰৰ এম চি ৰোডত ১৯৫৪ চনৰ ২৯ মে’ তাৰিখে অৰুণলোচন দাসৰ জন্ম হৈছিল।২১ ১৯৭৬ চনত ‘জোনবিৰি’ আলোচনীৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা দাসে পবিত্ৰ কুমাৰ দাস সম্পাদিত ‘ৰূপকাৰ’ আলোচনীৰ যোগেদি চিত্ৰ সাংবাদিক হিচাপে আপোন পৰিচয় গঢ়ে। ১৯৭৯ চনত তেওঁ চলচ্চিত্ৰীয় আলোচনী ‘অৱকাশ’ৰ সম্পাদক আছিল। তেতিয়া দাসৰ বয়স আছিল মাত্ৰ ২৫ বছৰ। ১৯৯০ চনত চলচ্চিত্ৰ আৰু দূৰদৰ্শন সম্পৰ্কীয় সাপ্তাহিক কাকত ‘চিত্ৰ-সংবাদ’ৰ দায়িত্ব লয়। ১৯৭৯ চনত ‘লাইমলাইট’ নামে প্ৰচাৰ সংস্থা এটিৰ জন্ম দি দাসে ১০০খনতকৈও অধিক অসমীয়া আৰু জনগোষ্ঠীয় ছবিৰ প্ৰচাৰৰ দায়িত্ব লৈছিল।১ ইউৰোপ ভ্ৰমণক লৈ লিখা ‘উইণ্ডমিল আৰু টিউলিপ ফুলৰ দেশত’ গ্ৰন্থখনিকে ধৰি দাসে বহুসংখ্যক গ্ৰন্থও লিখি উলিয়াইছে। তেওঁ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ৩

বিষয়বস্তু

‘১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত:৭৮ বছৰীয়া ইতিহাসৰ এক ৰেঙণি’ কিতাপখনত ১০০খন অসমীয়া চিনেমাৰ কাহিনী, গীত, কলা-কুশলী আৰু মুক্তি সম্পৰ্কীয় তথ্য সনিৱিষ্ট কৰা হৈছে। দাসে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰপৰা ২০১২ বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত মুক্তি পোৱা চিনেমাসমূহৰ ভিতৰত ‘নিমিলা অংক (চলচ্চিত্ৰ)’, ‘ৰঙা পুলিচ’, ‘মমতা (চলচ্চিত্ৰ)’, ‘ককাদেউতা নাতি আৰু হাতী’, ‘আৱৰ্তন (চলচ্চিত্ৰ)’, ‘বুকুৰ মাজত জ্বলে’, ‘জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)’ আদি ১০০খন উল্লেখযোগ্য চলচ্চিত্ৰৰ বিষয়ে কিতাপখনত লিখিছে।৪

প্ৰকাশন

চিত্ৰ সাংবাদিক দাসে ১৯৭৯ চনত পিতৃ-মাতৃৰ নামেৰে ‘শিশু-শশী প্ৰকাশন’ নামে প্ৰকাশন প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল১ আৰু এই প্ৰকাশনৰপৰাই তেওঁ নিজৰ চলচ্চিত্ৰ বিষয়ক কিতাপখিনি প্ৰকাশ কৰিছে। ৪

তথ্যসূত্ৰ

  1. ↑ (২৫ অক্টোবৰ, ২০২৩). সাংবাদিক, চিত্ৰ সমালোচক অৰুণলোচন দাসৰ দেহাৱসান. দৈনিক অসম. পৃ. ১/৬
  2. ↑ (২৫ অক্টোবৰ, ২০২৩). বিশিষ্ট সাংস্কৃতিক-সাংবাদিক অৰুণলোচন দাসৰ অকাল মৃত্যু. নিয়মীয়া বাৰ্তা. পৃ. ১/ ১৩
  3. ↑ (23 October 2023). প্ৰবীণ সাংস্কৃতিক সাংবাদিক-বিশিষ্ট লেখক অৰুণলোচন দাসৰ দেহাৱসান. www.etvbharat.com/
  4. ↑ অৰুণলোচন দাস. (২০১৩). অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শিশু-শশী প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত” প্ৰবন্ধৰ সংশোধন ৩৮৮৯৫৭ (২৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।