সোঁতৰ বিপৰীতে(Sutar Biporite) হৈছে অসমৰ লেখক, শিক্ষাবিদ, সাহিত্যিক ড০ অনিমা গুহৰ এখন প্ৰবন্ধ গ্ৰন্থ। ২০০৮ চনৰ অক্টোবৰ মাহত কোনো প্ৰকাশনে নহৈ ব্যক্তিগতভাৱে প্ৰথম প্ৰকাশ কৰে গুৱাহাটীৰ শিলপুখুৰীৰ ডঃ হেমন্ত কুমাৰ শৰ্মা আৰু মঞ্জুলাই। প্ৰকাশকদ্বয়ে এই প্ৰবন্ধ সংকলনখনিৰ কোনো মূল্য ৰখা নাছিল, বিনামূলীয়াকৈ প্ৰকাশ কৰি মানুহৰ মাজলৈ বিলাই দিছিল। কিতাপখনৰ মুঠ পৃষ্ঠা সংখ্যা ৮১। লেখকে গ্ৰন্থখনৰ আৰম্ভণিতে লিখিছে, "মানৱ সমাজক ছিৰাছিৰ কৰি শান্তি বিঘ্নিত কৰা সকলো ধৰণৰ বৈষম্যৰ উৎপাটন কৰি সমাজ ৰূপান্তৰৰ মহৎ প্ৰচেষ্টাত আত্মনিয়োগ কৰা অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতিজন উচ্চমনা,মানবদৰদী পুৰুষ-নাৰীলৈ শ্ৰদ্ধাৰে 'সোঁতৰ বিপৰীতে' আগবঢ়ালো"। কিতাপখনত কি আছে আৰু এইখন প্ৰকাশ কৰি বিনামূলীয়াকৈ বিতৰণ কৰাৰ বিষয়ে লেখিকাৰ একলমত অনিমা গুহে লিখিছে," 'অসমীয়া খবৰ' বাতৰিকাকতখনত আমাৰ নিয়মীয়া স্তম্ভত সোঁতৰ বিপৰীতে সাঁতোৰা কেইগৰাকীমান মহিলাৰ বিষয়ে লিখিছোঁ। আমাৰ উদ্দেশ্য এওঁলোকৰ আদৰ্শেৰে নাৰী সমাজক অনুপ্ৰাণিত কৰা। আজি একাংশ মহিলা যথেষ্ট আধুনিকমনস্ক হৈছে যদিও অধিকাংশই সমাজৰ ৰক্ষণশীল বেহুৰ পৰা ওলাই আহিব পৰা নাই।মঞ্জুলাৰ স'তে নাৰী মুক্তিকামী সকলো পুৰুষ-মহিলাই বিচাৰে নাৰীয়ে নিজকে চিনি পাওক, যুক্তিবাদী- বিজ্ঞানমনস্ক হওক, অন্ধবিশ্বাস-কুসংস্কাৰমুক্ত হওক,সমাজ গঠনত আগভাগ লওক, আত্মবিশ্বাসী হওক,ভাবিবলৈ শিকক যে পুৰুষৰ তুলনাত কোনো বিষয়তে তেওঁলোক হীন নহয়। আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক কটন কলেজিয়েট স্কুলৰ ইংৰাজীৰ বিষয়-শিক্ষয়িত্ৰী মেধাবী মঞ্জুলাই আদৰণি জনায়ে ক্ষান্ত থকা নাই। তেওঁৰ সুযোগ্য ভ্ৰাতৃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰ বিভাগৰ ৰীডাৰ ডঃ হেমন্ত কুমাৰ শৰ্মাৰে আলোচনা কৰি আমাৰ নিয়মীয়া স্তম্ভত প্ৰকাশিত তেৰগৰাকী সোঁতৰ বিপৰীতে সাঁতোৰা স্মৰণীয় তথা বৰণীয় মহিলাৰ চমু জীৱনী পুস্তিকা আকাৰে প্ৰকাশ কৰিবলৈ দুয়ো বায়েক-ভায়েকে মনস্থ কৰিছে। তেওঁলোকৰ উদ্দেশ্য ইমান মহৎ যে প্ৰকাশিত পুথিখনৰ কোনো মূল্য ধাৰ্য কৰা হোৱা নাই। বিনামূলীয়াকৈ, ঘাইকৈ মহিলাৰ মাজত, এইখন বিতৰণ কৰিব যাতে মহিলাৰ মনত আত্মবিশ্বাস বাঢ়ে।"প্ৰকাশকৰ একাষাৰত মঞ্জুলাই এনেদৰে লিখিছে, "পিতৃতান্ত্ৰিক সমাজৰ দুৰ্গম পথ অতিক্ৰম কৰিবলৈ নাৰীক যি সাহসৰ প্ৰয়োজন সেই সাহস আমি ব্যতিক্ৰমী পুৰুষ-নাৰীৰ জীৱনাদৰ্শৰ পৰাও পাব পাৰো। ঊনৈশ শতিকাত সোঁতৰ বিপৰীতে সাঁতুৰি কাদম্বিনী চিকিৎসক হৈছিল। কাদম্বিনীক চিকিৎসক হোৱাত সহায় কৰিছিল তেওঁৰ পিতৃ ব্ৰজ কিশোৰ বসু তথা তেওঁৰ প্ৰগতিশীল স্বামী দ্বাৰকানাথ গাংগুলিয়ে। নাৰীমুক্তি, স্ত্ৰীশিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে যিসকল পুৰুষে আত্মোৎসৰ্গ কৰিছে তেওঁলোক 'নাৰীৰ পৰম সুহৃদ'।সকলো ধৰণৰ সামাজিক বৈষম্য ওফৰাই,সমাজ ৰূপান্তৰৰ মহৎ প্ৰচেষ্টাত যিসকল নাৰী-পুৰুষে জীৱন উছৰ্গা কৰিছে, তেওঁলোকৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে অনিমা বাইদেউৰ অনুমতি লৈ তেওঁ লিখা তেৰটা প্ৰবন্ধ পুস্তিকা আকাৰে প্ৰকাশ কৰাৰ সিদ্ধান্ত লওঁ।"১
বিৱৰণ
কিতাপখনত আৰম্ভণিতে ড০ অনিমা গুহৰ সংক্ষিপ্ত জীৱন-আলেখ্য শীৰ্ষক এটি টোকা যুগুত কৰি লিখিছে অনিল কুমাৰ শৰ্মাই।১ কিতাপখনত মুঠ ১৩ টা প্ৰবন্ধ সন্নিৱিষ্ট আছে। সেইসমূহ হ'ল-
- ঊনৈশ শতিকাত সোঁতৰ বিপৰীতে সাঁতুৰি কাদম্বিনী হৈছিল চিকিৎসক
- বাঘৰ তেল খোৱা মোৰ দুগৰাকী আবু
- ঘোৰ কৃষ্ণবৰ্ণ ২৪ নৱেম্বৰ
- বিস্মৃতিৰ গৰ্ভত এগৰাকী গোৱালপৰীয়া মহিলা চিকিৎসক
- বিবাহিতা নাৰীৰ পৰম সুহৃদ-মাৰ্গাৰেট চেংগাৰ
- ৰোজা পাৰ্কছ- এগৰাকী সংগ্ৰামী কৃষ্ণাঙ্গিনী
- নাৰী দিৱস ঘোষণাৰ গুৰিৰ মানুহগৰাকী-ক্লাৰা জেটকিন
- ভূটানৰ নাৰী মুক্তিৰ ধ্বজাধাৰিণী- কুনজাং ছোডেন
- নিৰ্যাতিতা বেবী হালদাৰৰ প্ৰতিবাদী কলম
- চাব্বাচ দীপা দেৱী-কন্যা সন্তানে নিজক বচাওক
- বিজনী ৰাজ এষ্টেটৰ শাসনকৰ্তা ৰাণী অভয়েশ্বৰীৰ কথাৰে
- যুদ্ধ বিৰোধী আমেৰিকান মহিলা
- চিঠিৰ মাধ্যমেৰে চিনিলো তোমালোকক
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: অনিমা গুহ
ড° অনিমা গুহ একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ।২ তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। নাৰীৰ অধিকাৰৰ বাবে গঠিত নিৰ্যাতন বিৰোধী মঞ্চৰ সভাপতি ৰূপে তেওঁৰ কাম-কাজ সমূহে যথেষ্ট চৰ্চা লাভ কৰিছিল। দুই দশকতকৈও অধিক কাল তেওঁ অসমত মহিলাৰ সম-অধিকাৰৰ আন্দোলনৰ নেতৃত্ব দি আহিছে।৩কোনো শিক্ষাসদী অনুষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত নহ'লেও তেওঁ ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছে। ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ অনিমা গুহ কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল।২অসমৰ নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনৰ তেওঁ এগৰাকী গুৰিধৰোঁতা। ২০০২ চনৰ ১৩ জুলাই তাৰিখে গুৱাহাটীৰ নেটৱৰ্ক ট্ৰেভেলছৰ আস্থানত বৰ্ণালী নামৰ শিশুটিৰ লগত যি অমানৱীয় কাৰ্য সংঘটন হয় তাৰ প্ৰতিবাদত গুৱাহাটীত পঁচপন্নটা নাৰী আৰু সমাজিক-সাংস্কৃতিক সংগঠন লগ-লাগি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ নামৰ এটি অৰাজনৈতিক অনুষ্ঠান গঠন হয়।৪ অনিমা গুহ এই সংঘৰ সভাপতি আছিল। তেওঁৰ কাৰ্যকালত সংঘৰ কাম-কাজ যথেষ্ট চৰ্চালৈ আহিছিল। গুহই নাৰীৰ হকে সদায় মাত মাতি আৰু কাম কৰি আহিছে।কুৰি শতিকাৰ ষাঠি-সত্তৰ দশকৰপৰা গুহই লেখা-মেলা কৰিছে।৪ নব্বৈ দশকৰপৰা তেওঁ নিয়মীয়াকৈ লিখিছে। বিশেষকৈ নাৰী কেন্দ্ৰিক সমস্যা আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে তেওঁ লিখা-মেলা কৰি যথেষ্ট সমাদৰ পাইছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৭৮ চনত হোৱা নগাঁও অধিৱেশনলৈ তেওঁ বক্তা হিচাপে আমন্ত্ৰিত হৈছিল। ১৯৯৫ চনত বিশ্বনাথ অধিৱেশন আৰু ২০০০ চনত গোৱালপাৰাত অনুষ্ঠিত অধিৱেশনলৈও তেওঁ নিমন্ত্ৰিত হৈছিল। ৪
তথ্যসূত্ৰ
- ↑ ড০ অনিমা গুহ. (অক্টোবৰ, ২০০৮). সোঁতৰ বিপৰীতে. ড০ হেমন্ত কুমাৰ শৰ্মা, মঞ্জুলা
- ↑ (28 April, 2004). Interpreter of feminine pain - PERSONALITY. The Telegraph Online
- ↑ অনিমা গুহ. (২০১২). আমাৰ শৈশৱ. অন্বেষা. পৃ. পৃষ্ঠা: ১০. ISBN ৮১-৮৯০০৩-৬০-৭
- ↑ ড° অনিমা গুহ. (২০১২). বাকীছোৱা জীৱন. বনফুল প্ৰকাশন. পৃ. ১৮৪-১৮৫. ISBN ৯৭৮-৯৩-৮১৭১০-০৯-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোঁতৰ বিপৰীতে” প্ৰবন্ধৰ সংশোধন ২৯৪৬৩৯ (৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।