অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ

অসমীয়া গদ্য-সাহিত্যৰ গতি-পথগ্ৰন্থখন অসমীয়া গদ্য সাহিত্যৰ ক্ৰমবিকাশ, স্বৰূপ আৰু গতি-প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ড০ হৰিনাথ শৰ্ম্মাদলৈ। ১৯৯২ চনৰ জানুৱাৰী মাহত শান্তিপুৰ নলবাৰী জিলাৰ পদ্মপ্ৰিয়া লাইব্ৰেৰীৰ পৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৩ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অসমীয়া গদ্য-সাহিত্যৰ গতি-পথগ্ৰন্থখন অসমীয়া গদ্য সাহিত্যৰ ক্ৰমবিকাশ, স্বৰূপ আৰু গতি-প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ড০ হৰিনাথ শৰ্ম্মাদলৈ। ১৯৯২ চনৰ জানুৱাৰী মাহত শান্তিপুৰ নলবাৰী জিলাৰ পদ্মপ্ৰিয়া লাইব্ৰেৰীৰ পৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল। বৰ্তমানলৈকে গ্ৰন্থখনৰ ৬ টা সংস্কৰণ প্ৰকাশ পাইছে।১ শেহতীয়াকৈ ২০২০ চনৰ অক্টোবৰ মাহত গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণটি প্ৰকাশ পায়। গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ২২০।

অধ্যায় সমূহ

অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ২ গ্ৰন্থখনত অসমীয়া গদ্য সাহিত্যক দুটা মূল অধ্যায়ত ভাগ কৰি আলোচনা কৰা হৈছে। তদুপৰি বিষয়ৰ আলোচনাৰ সুবিধাৰ্থে গ্ৰন্থকাৰে মূল অধ্যায় দুটাক কেইবাটাও উপ-অধ্যায়ত ভাগ কৰিছে।

পুৰণি গদ্যৰ উন্মেষ আৰু বিকাশ (প্ৰথম মূল অধ্যায়)

  • প্ৰাৰম্ভিক স্তৰ (মন্ত্ৰ-সাহিত্যৰ গদ্য, অংকীয়া নাটৰ গদ্য)
  • বৰ্দ্ধমান স্তৰ (ভট্টদেৱী গদ্য,ভট্টদেৱৰ আদৰ্শত সৃষ্ট গদ্য,বুৰঞ্জীৰ গদ্য,চৰিত পুথিৰ গদ্য,তাম্ৰ-শাসন, প্ৰস্তৰ-শাসন,ৰজাঘৰীয়া কাকত-পত্ৰ, চিঠি-পত্ৰ আৰু পেড়া কাকত আদিৰ গদ্য)

আধুনিক গদ্যৰ উন্মেষ আৰু বিকাশ (দ্বিতীয় মূল অধ্যায়)

  • প্ৰাৰম্ভিক স্তৰ (এই স্তৰত মিছনাৰীসকলৰ আগমন, অৰুণোদইৰ প্ৰকাশ,অৰুনোদইৰ বৰ্ণবিন্যাস, অৰুনোদইৰ গদ্যৰীতি, হেমচন্দ্ৰ বৰুৱা-গুণাভিৰাম বৰুৱাৰ ৰচনাত মিছনাৰী প্ৰভাৱ ইত্যাদি বিষয়বোৰ আলোচনা কৰা হৈছে।)
  • মাৰ্জ্জিত স্তৰ (হেমচন্দ্ৰ-গুণাভিৰামৰ হাতত অসমীয়া গদ্যৰ মাৰ্জ্জিত ৰূপৰ আৰম্ভণিৰ পৰা মৌ (মাহিলি কাকত)ৰ গদ্যৰীতিলৈকে সামৰি আলোচনা কৰিছে।)
  • উন্নত স্তৰ (এই স্তৰত জোনাকী (আলোচনী)ৰ উদ্ভৱ আৰু অৱদান, জোনাকীৰ লেখকসকলৰ গদ্য ৰচনাৰ ভাগ আৰু গদ্যৰীতি, ইংৰাজী-বঙালী সাহিত্যৰ প্ৰভাৱ, জোনাকীৰ লেখকসকলৰ গদ্যৰ সাদৃশ্য-বৈসাদৃশ্য নিৰ্ণয় ইত্যাদি দিশবোৰ সন্নিৱিষ্ট হৈছে।)

তথ্যসূত্ৰ

  1. ↑ হৰিনাথ শৰ্ম্মাদলৈ,অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ,ষষ্ঠ প্ৰকাশ,অক্টোবৰ ২০২০,পদ্মপ্ৰিয়া লাইব্ৰেৰী, শান্তিপুৰ, নলবাৰী
  2. ↑ হৰিনাথ শৰ্ম্মাদলৈ,অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ,ষষ্ঠ প্ৰকাশ,অক্টোবৰ ২০২০,পদ্মপ্ৰিয়া লাইব্ৰেৰী, শান্তিপুৰ, নলবাৰী

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ” প্ৰবন্ধৰ সংশোধন ৩৭৫৯৪৬ (২৭ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।