সূৰুযমুখীৰ স্বপ্ন উপন্যাসখনৰ ঔপন্যাসিক হৈছে চৈয়দ আব্দুল মালিক।১২৩ অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৯৫ চনত।
লেখকৰ চমু পৰিচয়
চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰে।
কাহিনীৰ সাৰাংশ
'সূৰুযমুখীৰ স্বপ্ন' উপন্যাসৰ কাহিনীটোৰ পটভূমি হৈছে ধনশিৰী নদী আৰু সেই নদীৰ পাৰত অৱস্থিত ডালিম নামৰ এখনি গাঁও।কাহিনীৰ আৰম্ভণিতে ধনশিৰী নদী আৰু ডালিম গাঁৱৰ যি বৰ্ণনা দাঙি ধৰিছে,সেইয়া অতি জীৱন্ত।ঔপন্যাসিকে ধনশিৰীৰ বৰ্ণনা দাঙি ধৰিছে এইদৰে "ধনশিৰীয়ে পৰ্বতৰ কথা জানে,ভৈয়ামৰ কথা জানে,ভৰপূৰ গাঁৱৰ কথা জানে,এৰাবাৰীৰ কথা জানে,বাৰিষাৰ কথাা জানে,খৰালিৰ কথা জানে।"ডালিম গাঁৱৰ অতীত,বৰ্তমান আৰু ভৱিষ্য সকলোৰে সাক্ষী এই ধনশিৰী।এই পটভূমিতে নিৰ্মিত হৈছে উপন্যাসখনৰ কাহিনীভাগ।ডালিম গাঁৱৰ চফল ডেকা গুলচ উপন্যাসখনৰ কেন্দ্ৰীয় পুৰুষ চৰিত্ৰ আৰু কপাহী,তৰা,গুলচৰ মাক,চেনীমাই আদি নাৰী চৰিত্ৰই গুলচৰ চৌপাশে বিচৰণ কৰিছে।
গুলচে প্ৰথমাৱস্থাত চেনীমাইক ভালপাই যদিও তেওঁলোকৰ মিলন সম্ভৱ নহয়গৈ।তাৰপাছত গুলচৰ তৰাৰ লগত মনৰ মিলন ঘটে কিন্তু ঘটনাৰ দুৰ্বিপাকত তৰাৰ মাহীয়েক কপাহীৰ লগতহে গুলচৰ বিয়া হয়।কপাহীৰ বিয়া হৈছিল ভিনীহিয়েক, ডালিমৰে, নাহৰৰ লগত কিন্তু বছিৰত বেপাৰীৰ লগত কৰা হলিগলিৰ কাৰণে নাহৰৰ লগত কপাহীৰ সম্পৰ্ক চিৰদিনৰ কাৰণে শেষ হৈ গৈছিল।কপাহীৰ বায়েকৰ মৃত্যু হোৱাত কপাহীয়েও তৰাক লগত লৈ নাহৰৰ ঘৰৰ পৰা গাঁৱৰ এমূৰীয়া নিজৰ ঘৰলৈ গুচি আহিল।তৰাই অৱশ্যে কপাহীৰ লগত গুলচৰ বিয়াৰ পাছতো গুলচৰ পিচ নেৰিলে।তাই আগত যেনকৈ কপাহীৰ লগত থাকে,কপাহীৰ বিয়াৰ পাছতো কপাহীৰ লগতে থাকিবলৈ লয়।এইদৰে উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে।
চৰিত্ৰসমূহ
গুলচ, চেনিমাই, কলাই, ডালিম, কপাহী, চন্দ্ৰ, তৰা, ভীম আদি।
বিশ্লেষণ
সূৰুযমুখীৰ স্বপ্ন'ত দেখিবলৈ পোৱা যায় যে অভাৱত জুৰুলা হোৱা গাৱঁলীয়া চহা জীৱনৰ সহজ সৰল নিভাজ অভিব্যক্তি। গুলচৰ প্ৰথম প্ৰেম চেনিমাইক সি নিজৰকৈ নাপালে অথচ ইয়াত কোনো হা- হুতাহ, নোপোৱাৰ বেদনা নাই।এনে দিশবোৰে কাহিনীত কিছু শিথিলতা আনিছে।
তৰাৰ লগত সংসাৰ কৰাৰ গুলচৰ সপোন ধূলিস্যাৎ কৰি কপাহী তাৰ জীৱনলৈ আহিল। মনত তৰাৰ কাৰণে অস্বস্তি থাকিলেও কিন্তু সি সুখী। সি এতিয়া ৰন্ধা ভাতমুঠি, মেলা দুৱাৰ খন পাইছে। সুখৰ-দুখৰ কথা এষাৰ পাতিবলৈ মনৰ মানুহ এগৰাকী পাইছে।আকৌ ঘটনাৰ পাকচক্ৰত পৰি কপাহীক জীৱনৰ পৰা বিদায় দি গুলচে পুনৰ তৰাক নিজৰ কৰি আঁকোৱালি লৈছে।গুলচ চৰিত্ৰৰ এনে কাৰ্যৰ পৰা দেখা গৈছে যে প্ৰেমৰ ক্ষেত্ৰত তাৰ মানসিক দৃঢ়তা তথা একনিষ্ঠতা নাই। পাঠকে এনে কাৰ্য ভাল পোৱা নাই।
তথ্যসূত্ৰ
- ↑ (2 April 2018). অসম সাহিত্য সভাৰ উদ্যোগত মাৰাঠীলৈ অনুবাদ হ’ব ৫খন অসমীয়া গ্ৰন্থ. এন ই নাও নিউজ
- ↑ দীনেশ বৈশ্য. নাহৰণিৰ সম্ৰাটজন
- ↑ ড॰ ধ্ৰুৱজ্যোতি নাথ. চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত প্ৰকৃতি চিত্ৰণ বিস্তাৰিত: nilacharai.com/sayed-abdul-malik-upanyas-prema-a
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰুযমুখীৰ স্বপ্ন” প্ৰবন্ধৰ সংশোধন ৫৮৯৬৮৬ (১৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।