অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

স্বৰ্গ আৰু নৰক

স্বৰ্গ আৰু নৰক (Sworgo Aaru Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখন ১৯৯৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে আন্তৰিক মৰম আৰু কৃতজ্ঞতাৰে টাবু আৰু বাসন্তীলৈ আগবঢ়াইছে।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

স্বৰ্গ আৰু নৰক (Sworgo Aaru Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখন ১৯৯৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে আন্তৰিক মৰম আৰু কৃতজ্ঞতাৰে টাবু আৰু বাসন্তীলৈ আগবঢ়াইছে।১

বিৱৰণ

গ্ৰন্থখনত মুঠ ২৭ টা প্ৰবন্ধ আছে।প্ৰবন্ধসমূহ হৈছে, স্বৰ্গ আৰু নৰক, কস্মৈ দেবায়, শ্ৰীচৈতন্য সমকামী আছিল?, কল-গাৰ্ল, পুৰস্কাৰ, এখন নৈ আৰু এজন মানুহ, এখন অবিস্মৰণীয় ফুটবল মেচ, কেহুঁকাই, হেনৰি ডেভিদ থৰো, আলফ্ৰেদ্‌ দ্য মুছেট, শূন্যতা, জাৰৰ দিনৰ সপোন, এখন গাঁৱৰ ছবি, মই গান্ধীজীক দেখিছিলোঁ, দিল্লীত এৰাতি, সত্যনাথ বৰা, যতীন্দ্ৰনাথ দুৱৰা, অম্বিকাগিৰী ৰায়চৌধুৰী, অতুল চন্দ্ৰ হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, কৃপাবৰ বৰুৱাৰ চমু জীৱনী, অসমীয়া ভাষাত জীৱনী সাহিত্যৰ অভাৱ, কিয়?, পৰিশ্ৰমী লিখক (১), পৰিশ্ৰমী লিখক (২), বিশ্ব-সাহিত্যত অসমীয়া চুটি-গল্পৰ স্থান আৰু বেজবৰুৱাৰ চুটি-গল্প। ১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. স্বৰ্গ আৰু নৰক. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Awards 1955–2007 সাহিত্য অকাডেমি Official website
  3. ↑ indilens.com/?s=homen+borgohain ! Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰ্গ আৰু নৰক” প্ৰবন্ধৰ সংশোধন ৫৮৪৭৯০ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।