অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ

অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ৰাজীৱ বৰাই৷ এই গ্ৰন্থখন অসমীয়া কাব্য সাহিত্যৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ অসমীয়া কবিতাৰ প্ৰস্তুতি পৰ্বৰপৰা বিংশ শতিকাৰ শেষ দশকলৈকে যিসকল প্ৰতিনিধিত্বকাৰী কবিয়ে কাব্যসাধনা কৰি আহিছে, তেওঁলোকৰ নিৰ্বাচিত কবিতাৰ সংগ্ৰহ আৰু সংকলন এইখন…

হালনাগাদ: ১১ অক্টোবৰ ২০২৩ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ৰাজীৱ বৰাই৷১ এই গ্ৰন্থখন অসমীয়া কাব্য সাহিত্যৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ অসমীয়া কবিতাৰ প্ৰস্তুতি পৰ্বৰপৰা বিংশ শতিকাৰ শেষ দশকলৈকে যিসকল প্ৰতিনিধিত্বকাৰী কবিয়ে কাব্যসাধনা কৰি আহিছে, তেওঁলোকৰ নিৰ্বাচিত কবিতাৰ সংগ্ৰহ আৰু সংকলন এইখন গ্ৰন্থত ক্ৰম অনুসাৰে কৰা হৈছে৷ সমান্তৰালভাৱে গ্ৰন্থখনত অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাস সম্পৰ্কে এটি ‘আগকথা’ সন্নিৱিষ্ট কৰা হৈছে৷ আগকথাৰ শিৰোনামটো-‘অসমীয়া কবিতাৰ বিৱৰ্তন’৷ ২

লেখকৰ পৰিচয়

ৰাজীৱ বৰা (১৯৭০-) একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। তদুপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধুলৈ’ শীৰ্ষক সম্পাদিত কবিতাৰ পুথিখন তেখেতৰ উল্লেখযোগ্য কৃতি। ৩

গ্ৰন্থ বিৱৰণ

গ্ৰন্থখন অসমীয়া কবিতাৰ সম্পূৰ্ণ ইতিহাস বিষয়ক গ্ৰন্থ৷ ৪ এই গ্ৰন্থখনত প্ৰত্ন বা আদি যুগ (৯৫০-১৩০০ শতিকা), প্ৰাক্-শঙ্কৰী যুগ (১৩০১-১৪৯০ খ্ৰীঃ), শঙ্কৰী যুগ (১৪৯১-১৭০০ শতিকা), পাঁচালী সাহিত্য (১৪-১৬শ শতিকা), শঙ্কৰোত্তৰ যুগ (১৭০০-১৮২৬ খ্ৰীঃ), প্ৰাক্ ৰোমাণ্টিক যুগ (১৮২৬-১৮৮৮), আধুনিক যুগ (১৯৪১-১৯৮৫)ৰ পৰা আৰম্ভ কৰি ১৯৯৯ চনলৈকে অসমীয়া কবিতাৰ সুদীৰ্ঘ পৰিক্ৰমা সামৰি নিৰ্বাচিত কবিতা সন্নিৱিষ্ট কৰা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ ৰাজীৱ বৰা. তেজপুৰ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ. পাঞ্চজন্য বুক্ছ
  2. ↑ ৰাজীৱ বৰা. অসমীয়া কবিতা বিন্দুৰ পৰা সিন্ধুলৈ. পাঞ্চজন্য বুক্ছ. পৃ. ৭
  3. ↑ সন্ধিক্ষণৰ অসমীয়া কবিতা, সদৌ অসম কবি সন্মিলন, ২০১৭, পৃষ্ঠা- ২২
  4. ↑ অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ” প্ৰবন্ধৰ সংশোধন ৩৮৬৯৮৭ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।