অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰংমিলিৰ হাঁহি

ৰংমিলিৰ হাঁহি (Rongmilir Hanhi) ৰংবং তেৰাঙে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক ৰংবং তেৰাংক ২০০৮ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ ১৯৮১ চনত হৈছিল।

হালনাগাদ: ৪ আগষ্ট ২০২২ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰংমিলিৰ হাঁহি (Rongmilir Hanhi) ৰংবং তেৰাঙে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক ৰংবং তেৰাংক ২০০৮ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ ১৯৮১ চনত হৈছিল। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: ১৯৯৩ চন; তৃতীয় প্ৰকাশ: ২০০৩ চন; চতুৰ্থ প্ৰকাশ: ২০০৪ চন; পঞ্চম প্ৰকাশ: ২০০৮ চন; ষষ্ঠ প্ৰকাশ: ২০০৯ চন; সপ্তম প্ৰকাশ: ২০১০ চন আৰু অষ্টম প্ৰকাশ: ডিছেম্বৰ, ২০১১ চনত কৰা হয়।১

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ৰংবং তেৰাং

ৰংবং তেৰাং (জন্ম:১৩ জানুৱাৰী, ১৯৩৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ আৰু শিক্ষাবিদ। তেওঁৰ জন্ম কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ লাংবুদিংপিত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাপী। ৰংবং তেৰাঙে লংকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি অসমীয়া বিষয়ত সন্মানসহ স্নাতক সন্মান লাভ কৰিছিল। ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ ধেমাজি অধিবেশন, ২০১০ বৰ্ষত বৈঠালাংছু বিশেষ বাৰ্ষিক অধিবেশন আৰু দেৰগাঁও অধিবেশনত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ তেৰাং ৰংবং. (অষ্টম সংস্কৰণ, ডিচেম্বৰ, ২০১১). ৰংমিলিৰ হাঁহি. প্ৰকাশক: অসম প্ৰকাশন পৰিষদ, গুৱাহাটী মুদ্ৰক: ভৱানী অফছেট এণ্ড ইমেইজিং ছিষ্টেম্ছ প্ৰাঃ লিঃ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংমিলিৰ হাঁহি” প্ৰবন্ধৰ সংশোধন ৩২৯৮৩৪ (৪ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।