অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ গ্ৰন্থখনৰ লিখক লোকনাথ গোস্বামী৷ সাৰস্বত প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছে ২০১৩ চনৰ ডিচেম্বৰ মাহত৷ গ্ৰন্থখনত অসমীয়া সংগীতৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বৰ্ণনা আৰু বিচাৰ-বিশ্লেষণ আছে৷ গ্ৰন্থখনত আধুনিক অসমীয়া গানৰ ইতিহাস, ইয়াৰ ঐতিহাসিক, সামাজিক, সাংস্কৃতিক পটভূমিৰ সন্দৰ্ভত বিস্তাৰিত আলোচনা কৰা হৈছে৷১
লেখকৰ পৰিচয়
লোকনাথ গোস্বামী হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী।২ মঘাই বোলে ঢোলৰ মাত, আমোলমোল শেৱালিৰ গোন্ধ আদিৰ নিচিনা চিৰসেউজ গীতসমূহৰ জৰিয়তে তেখেতে অসমত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ পিতৃৰ নাম চন্দ্ৰকান্ত গোস্বামী আৰু মাতৃৰ নাম পদ্মা দেৱী৷ ৩
গ্ৰন্থ বিৱৰণ
পাঁচটা অধ্যায়ত বিভক্ত গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা ৪৯৪৷ ইয়াৰে প্ৰথম অধ্যায়ত আধুনিক অসমীয়া গানৰ প্ৰামাণ্য ইতিহাস, আধুনিক গানৰ পটভূমি, নাটকৰ গীত, ভ্ৰাম্যমাণৰ গীত, গ্ৰামোফ’ন, ৰেডিঅ’, বোলছবি, আকাশবাণী আদিৰ গীতৰ সামগ্ৰিক পৰিচয় সম্পৰ্কে আলোচনা কৰা হৈছে৷ দ্বিতীয় অধ্যায়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা জুবিন গাৰ্গলৈ অসমীয়া গীতৰ ধাৰাবাহিকতা, আধুনিক গানৰ বিচাৰ, আধুনিক গীতত বিহুৰ সমাহাৰ, আধুনিক গানত ৰুচিৰ সংকট, ফিউজন মিউজিকৰ পয়োভৰ, আধুনিক গানৰ বিতৰ্ক আদিৰ সম্পৰ্কে আলোচনা কৰা হৈছে৷ তৃতীয় অধ্যায়ত আধুনিক অসমীয়া গানৰ কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ পৰিচয় আৰু তেওঁলোকৰ সংক্ষীপ্ত জীৱনপঞ্জী সম্পৰ্কে আলোকপাত কৰা হৈছে৷ চতুৰ্থ অধ্যায়ত নিৰ্বাচিত গীতৰ প্ৰথম শাৰী আৰু গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীৰ পৰিচয়ৰ লগতে জাতীয় সংগীত, অসম সাহিত্য সভাৰ গীত, বিহু পতাকাৰ উত্তোলনীৰ গীত, এশটা নিৰ্বাচিত গীতৰ সম্পৰ্কে আলোচনা কৰা হৈছে৷ পঞ্চম অধ্যায়ত অসমীয়া বোলছবিৰ সংগীত পৰিচালকৰ তালিকা, গ্ৰামোফ’ন ৰেকৰ্ডৰ শিল্পীৰ তালিকা, অসমীয়া গীত গোৱা অনা অসমীয়াসকলৰ তালিকা, গীতি-সংকলনৰ তালিকা, বৰ্ণানুক্ৰমিক শিল্পীৰ তালিকা আদি সংযোজন কৰা হৈছে৷
তথ্যসূত্ৰ
- ↑ লোকনাথ গোস্বামী. (২০১৩). অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ (গ্ৰন্থ). সাৰস্বত প্ৰকাশন
- ↑ Loknath Goswami (লোকনাথ গোস্বামী). www.geetsankalan.com
- ↑ বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান. নৰ্থ-ইষ্ট নাও
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৭৯৫৩৫ (২৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।