অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লেখক-সাংবাদিকৰ গাইড

লেখক-সাংবাদিকৰ গাইড(Lekhok-Sambadikor Guide) হৈছে শান্তনু কৌশিক বৰুৱা আৰু শাংকব কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া গ্ৰন্থ।

হালনাগাদ: ৩ ছেপ্তেম্বৰ ২০২৩ ৫৪৮ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

লেখক-সাংবাদিকৰ গাইড(Lekhok-Sambadikor Guide) হৈছে শান্তনু কৌশিক বৰুৱা আৰু শাংকব কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া গ্ৰন্থ। ১৯৯৮ চনত গ্ৰন্থখন উত্তৰ-পূব গ্ৰন্থমেলাত প্ৰথম প্ৰকাশ হৈছিল যদিও কিতাপখনৰ পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ কথা চিন্তা কৰি লেখকদ্বয়ে সঞ্জীৱন প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰ মাহত দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে।১ এই সংস্কৰণত মুঠ ৩৪ টা অধ্যায় আছে। প্ৰায় ৩০৩ পৃষ্ঠাৰ কিতাপখনৰ বৰ্ণসংস্থাপন আৰু অংগসজ্জাৰ কাম কৰিছে বীৰকুছি,নাৰেংগীৰ কামৰূপ ছিণ্ডিকেটে। প্ৰচ্ছদ প্ৰস্তুত কৰিছে প্ৰাচুৰ্য প্ৰীতম শইকীয়াই। নিজ পিতৃলৈ কিতাপখন অৰ্পণ কৰি লেখকদ্বয়ে লিখিছে, "লিখা-মেলাৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ সন্মুখীন হ'লেই যিজন মানুহৰ কাষ চাপিছিলোঁ, যিজন মানুহক আমি আজিও 'চলন্ত বিশ্বকোষ'ৰূপে বিবেচনা কৰোঁ আৰু যিজন মানুহৰ অভাৱ আজি আমি জীৱন-জীৱিকাৰ প্ৰতি ক্ষেত্ৰতে সৰ্বাধিক অনুভৱ কৰিছোঁ, সেইজন আমাৰ দেউতা, অধ্যাপক তৰুণ চন্দ্ৰ বৰুৱাৰ প্ৰতি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা অৰ্পণ কৰিলোঁ।"১

বিৱৰণ

কিতাপখনৰ প্ৰথম সংস্কৰণৰ পাতনি লিখিছে দৈনিক জনমভূমিৰ সম্পাদক হেমন্ত বৰ্মনে, ১৯৯৮ চনৰ ১ অক্টোবৰত। তেওঁ লিখিছে, "তথ্য সৰবৰাহেই সাংবাদিকৰ কাম হ'লেও সাংবাদিকে ইয়াক যান্ত্ৰিকভাৱে গ্ৰহণ কৰিলে ভুল কৰা হ'ব। নিৰ্ভুল তথ্যৰ লগতে পোনপটীয়া মেদহীন ভাষা, নিৰ্ভুল বানান, নিখুঁত বিশ্লেষণ আদিৰ কথাও জড়িত।" লগতে তেওঁ ভাৰতত সাংবাদিকতাৰ কম চৰ্চাৰ কথা উল্লেখ কৰি এই বিষয়ত গ্ৰন্থৰ অভাৱৰ কথা উনুকিয়ায় আৰু সাংবাদিকৰ দৈনন্দিন কামত আহি পৰা আহুকলীয়া পৰিস্থিতি নিবাৰণৰ বাবে লেখক-সাংবাদিকৰ গাইড কিতাপখনৰ নাম লয়। পাতনিত এইবুলিও উল্লেখ আছে, "নতুন এই কিতাপখনে লেখক-সাংবাদিকৰ বহু প্ৰয়োজনীয় দিশত আলোকপাত কৰিছে।… অসমীয়াত এনে কিতাপৰ অভাৱ বহুদিনীয়া।" তেখেতৰ মতে, অসমৰ দৈনিক কাকতৰ সম্পাদনাৰ লগত জড়িত ভ্ৰাতৃদ্বয়ৰ একমাত্ৰ উদাহৰণ হৈছে শান্তনু কৌশিক বৰুৱা আৰু শাংকব কৌশিক বৰুৱা তেওঁলোকৰ এই লেখক-সাংবাদিকৰ গাইড কিতাপখনেই অসমীয়া ভাষাত এনেধৰণৰ প্ৰথম কিতাপ।১

প্ৰথম সংস্কৰণৰ 'সৰু ডেউকাৰে উৰাৰ চেষ্টা' শীৰ্ষক নিবেদনত লেখকদ্বয়ে সাংবাদিকতাৰ লগত জড়িত বিভিন্ন সমস্যাৰ কথা ব্যক্ত কৰি লিখিছে,"এই ভুল-ভ্ৰান্তিবোৰ সম্পৰ্কত যিবোৰ কিতাপ-পত্ৰত আলোচনা হোৱা দেখিছোঁ সেইবোৰৰ সৰহভাগেই ইমান বেছি তাত্ত্বিক আৰু জটিল যে সেইবোৰৰ মৰ্মত প্ৰৱেশ কৰি নিজৰ ভুল-ভ্ৰান্তিবোৰ চিনাক্ত কৰি সেইবোৰ সংশোধন কৰা আমাৰ দৰে লোকৰ বাবে প্ৰায়ে অসুবিধাজনক হৈ পৰে। সেয়ে এনে ভুল-ভ্ৰান্তিসমূহৰ সম্পৰ্কত কিছু চমু, সৰল, কিন্তু ব্যৱহাৰিক আলোচনাৰ প্ৰয়োজন আমি অনুভৱ কৰিছিলোঁ। পাছত দেখিলোঁ এই প্ৰয়োজনসমূহ আমাৰ অকলশৰীয়া নহয়,অসমীয়া ভাষাত লিখা-মেলা কৰা বা কৰিব খোজা বহুতৰে প্ৰয়োজন। কিন্তু এই প্ৰয়োজনসমূহ পূৰণ কৰাৰ উপায়টো কি? শেষত এদিন দুঃসাহস কৰি ভাবিয়েই পেলালোঁ, এই প্ৰয়োজনসমূহ পূৰাব পৰাকৈ এখন কিতাপ জানো আমি যুগুত কৰিব নোৱাৰোঁ?" দ্বিতীয় সংস্কৰণৰ প্ৰসংগত তেওঁলোকে এইদৰে ব্যক্ত কৰিছে,"এই সংস্কৰণত আমি গল্প, কবিতা, উপন্যাস আদি সৃষ্টিশীল লেখাৰ কৌশল সম্পৰ্কত কেইটামান অধ্যায় সন্নিৱিষ্ট কৰিছোঁ। কেউটা অধ্যায় এই সংকলনৰ বাবে যুগুতাই দিছে সংশ্লিষ্ট বিষয়ত বিশেষ বুৎপত্তি থকা কেইজনমান বিশিষ্ট লেখকে।" সেই লেখকসকল হৈছে, সৰ্বশ্ৰী প্ৰভাত গোস্বামী, ৰঞ্জু হাজৰিকা,উৎপল দত্ত,অভিজিত শৰ্মা বৰুৱা আৰু দেৱজ্যোতি বৰা।১

দ্বিতীয় সংস্কৰণত সন্নিৱিষ্ট আছে মুঠ ৩৪ টা অধ্যায়। সেইসমূহ হ'ল১ -

  1. লিখা-মেলাৰ খুটি-নাটি
  2. সততে কৰা কেতবোৰ ভুল
  3. লেখক-সাংবাদিকৰ সা-সঁজুলি
  4. নতুন লেখক-সাংবাদিকে জানিবলগীয়া কেইটামান কথা
  5. সৃষ্টিশীল লেখাৰ বিষয়ে
  6. গল্প লিখাৰ কৌশল
  7. উপন্যাস লিখাৰ আগতে
  8. কবিতা কেনেকৈ লিখিব
  9. শিশু সাহিত্য ৰচনাৰ প্ৰসংগত
  10. ৰহস্য সাহিত্য ৰচনা-ৰীতি
  11. বিজ্ঞান সাহিত্য লিখিব খোজাসকললৈ
  12. ব্যংগ সাহিত্য ৰচনাৰ কিছু কথা
  13. সাংবাদিকতাৰ মূল কথা
  14. সংবাদধৰ্মী ৰচনা
  15. নিবন্ধ লিখন
  16. ভাল ৰচনা লিখাৰ মৌলিক নীতি
  17. আলোচনীৰ বাবে ৰচনা
  18. ৰেডিঅ'ৰ বাবে লিখা ৰচনা
  19. টেলিভিছনৰ চিত্ৰনাট্য
  20. ডিজিটেল বা অনলাইন সাংবাদিকতা
  21. নাগৰিক সাংবাদিকতা
  22. তথ্য আৰু সংবাদৰ উৎসৰূপে ইণ্টাৰনেট
  23. সাংবাদিকতাৰ লগত জড়িত কিছুমান শব্দ
  24. প্ৰুফ ৰিডিং
  25. তথ্য জনাৰ অধিকাৰ আইন
  26. মানহানি আইন
  27. কপিৰাইট আইন
  28. সংজ্ঞা আৰু টোকা
  29. লিখোঁতে ভুল হোৱা কিছুমান শব্দ
  30. প্ৰায় একে উচ্চাৰণৰ বানান-ভিন্ন শব্দ
  31. একাধিক অৰ্থ থকা শব্দ
  32. উল্লেখযোগ্য দিৱস আৰু তিথি
  33. সংক্ষিপ্তকৰণ
  34. বিভিন্ন জোখ-মাখ

সংকলকদ্বয়ৰ চমু পৰিচয়

মূল প্ৰবন্ধ: শান্তনু কৌশিক বৰুৱা

শান্তনু কৌশিক বৰুৱা হৈছে অসমৰ এজন লেখক, সাংবাদিক। শাংকব কৌশিক বৰুৱা দৈনিক জনমভূমি কাকতৰ ডেস্ক ইনচাৰ্জ আৰু সেই কাকতৰে দেওবৰীয়া আলোচনী বসুন্ধৰাৰ সম্পাদক।

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক; বৰুৱা, শাংকব কৌশিক. (২০১৬). লেখক-সাংবাদিকৰ গাইড. সঞ্জীৱন প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেখক-সাংবাদিকৰ গাইড” প্ৰবন্ধৰ সংশোধন ৩৭৬৯১০ (৩ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।