অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
ক্ল'জ আপ
ক্ল'জ আপ (Close up) হৈছে অসমৰ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ দ্বাৰা লিখিত আৰু বনফুল প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত লেখকৰ ব্যক্তিগত অভিজ্ঞতা-সম্বলিত এখনি চলচ্চিত্ৰ-বিষয়ক গ্ৰন্থ৷ অসমীয়া ভাষাত ৰচিত গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা লেখাসমূহ ইতিপূৰ্বে অসমৰ দৈনিক বাতৰি কাকত আমাৰ অসমত প্ৰকাশিত হৈছিল৷…
-
গজৰাজ প্ৰেম আৰু বন্দীত্ব
গজৰাজ প্ৰেম আৰু বন্দীত্ব হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ১৯৯৯ চনৰ অক্টোবৰ মাহত। এই উপন্যাসখনৰ বাবে লেখিকাই ২০০০ চনত বাসন্তী বৰদলৈ সাহিত্য বঁটা লাভ কৰে।
-
গান্ধীক কিয় হত্যা কৰিলো?
গান্ধীক কিয় হত্যা কৰিলো? (Gandhik Kiyo Hatya Karilo?) ইংৰাজী ভাষাত ৰচিত গোপাল গোড্ছেৰ গ্ৰন্থ 'May It please your Honour' -ৰ অসমীয়া ভাৱানুবাদ কৰিছে ত্ৰিদিব শৰ্মায়। ২০১৩ চনৰ নবেম্বৰত প্ৰকাশিত এই গ্ৰন্থখনক অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰে।
-
গোলাম
গোলাম (Golam) হৈছে অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখনি গল্প সংকলন। গ্ৰন্থখন ১৯৭৪ চনত পোনপ্ৰথমবাৰ প্ৰকাশিত হৈছিল। বিশেষ গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
চকৰি ফেঁটী বুৰঞ্জী
চকৰি ফেঁটী বুৰঞ্জী (Chakari Feti Burjanji) হৈছে আহোম ৰাজত্বৰ সময়ছোৱাত ৰচিত এখন বুৰঞ্জী। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এইখন বুৰঞ্জী ৰচনা কৰিছিল। চকৰী ফেঁটীয়ে আক্ৰমণ কৰোঁতে কেতিয়াও পিছ নোহোঁহকে বা ভয় নকৰে।
-
চিন্তাৰ ভগ্নাংশ
চিন্তাৰ ভগ্নাংশ (Sintaar Vognaangsho) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৫ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য ডেৰশ টকা। লেখকে গ্ৰন্থখন আগবঢ়াইছে এনেদৰে, "মৰম আৰু আগ্ৰহেৰে মানস প্ৰতিম বৈদ্যৰ হাতত দিলোঁ...।"
-
চিৰ এলাগী মোৰ ভাষা ফেদেলী
চিৰ এলাগী মোৰ ভাষা ফেদেলী প্ৰয়াত দেৱেন দত্তই অসমীয়া ভাষাটোৰ ক্ষেত্ৰত ঘটি থকা অনেক বিসঙ্গতি আঙুলিয়াই ভাষাটোৰ শুদ্ধতাৰ বাবে সুদীৰ্ঘ কালৰ ভিতৰত বিভিন্ন কাকত আৰু আলোচনীত ওলোৱা বিভিন্ন প্ৰবন্ধৰ দুটা খণ্ডত প্ৰকাশিত এক সঙ্কলন।
-
চেতনাৰ স্পন্দন
চেতনাৰ স্পন্দন(Setonar Spondon) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৪ চনৰ নৱেম্বৰ মাহত আঁক-বাক প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ পোৱা কিতাপখনৰ মূল্য ডেৰশ টকা।
-
চেনাবৰ সোঁত
চেনাবৰ সোঁত (Senabor Xoot) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত এখনি উপন্যাস। উল্লেখযোগ্য যে এইখন তেখেতৰ প্ৰথম উপন্যাস। উপন্যাসখন ১৯৭২ চনত প্ৰকাশিত হৈছিল। ১৯৬৪ চনৰ পৰা তেখেতে অসমীয়া দৈনিক কাকত দৈনিক অসমত ধাৰাবাহিকভাৱে এই উপন্যাসখন লিখি আছিল।
-
জাতিভেদ প্ৰথা আৰু শংকৰদেৱ
জাতিভেদ প্ৰথা আৰু শংকৰদেৱ(Jaatived Prothaa Ru Sankardev) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। আঁক-বাক প্ৰকাশনৰ পৰা ২০১৪ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৬ চনৰ ডিচেম্বৰ মাহত দ্বিতীয় প্ৰকাশ হয়।
-
জীৱনে মোক কি দিলে (গ্ৰন্থ)
জীৱনে মোক কি দিলে(Jibone Muk Ki Dile) হৈছে অসমৰ বিশিষ্ট লেখক, শিক্ষাবিদ, অধ্যাপক ড০ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ এখন প্ৰবন্ধ সংকলন। গ্ৰন্থখন জীৱন বিষয়ক। ২০০৩ চনৰ অক্টোবৰ মাহত বনলতা প্ৰকাশনৰ পৰা প্ৰকাশিত গ্ৰন্থখনৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ হয় ক্ৰমান্বয়ে ২০০৯ চনৰ জানুৱাৰী আৰু ২০১২ চনৰ ছেপ্টেম্বৰ…
-
জোনবিৰি (গল্প সংকলন)
জোনবিৰি হ'ল অসমৰ প্ৰসিদ্ধ লেখক সৌৰভ কুমাৰ চলিহাৰ এমুঠি ডিটেকটিভ গল্পৰ এক সংকলন। ২০০৩ৰ পৰা ২০০৬ লৈ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশ হোৱা ছয়টা গল্প এই সংকলনটিত সন্নিবিষ্ট কৰা হৈছে। বনলতাৰ দ্বাৰা প্ৰকাশিত এই গল্প সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০৬ চনৰ ডিচেম্বৰত।
-
টোকোৰা বাহৰ সোণৰ বেজী
টোকোৰা বাহৰ সোণৰ বেজী (Tokora Bahor Sonar Beji) হৈছে অৰূপা পটংগীয়া কলিতাৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ উপন্যাস। উপন্যাসখন মঙলদৈৰ দাঁতিকাষৰীয়া কাল্পনিক অঞ্চল এটাৰ পটভূমিত ৰচিত। মৌজাদাৰ বনমালী চৌধুৰী আৰু তেওঁৰ হাউলীটোৰ বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভূমুকি মাৰিছে।
-
ডাৱৰ আৰু নাই
ডাৱৰ আৰু নাই (Daawor aru Nai) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে দ্বিতীয় মহাযুদ্ধ। ১৯৫৫ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন যোগেশ দাসৰ দ্বিতীয়খন উপন্যাস।
-
তৃতীয়ত্বৰ গল্প
তৃতীয়ত্বৰ গল্প (Tritiyattar Galpa) অসমীয়া গল্পকাৰ, কলা সমালোচক, অধ্যাপিকা তথা গৱেষিকা আৰু মুনীন বৰকটকী বঁটা বিজয়ী মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। সংকলনখন ২০০৭ চনত লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰি উলিয়ায়। এই সংকলখনিত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা কন্দলীৰ মুঠ আঠটা গল্প সন্নিৱিষ্ট কৰা হৈছে।
-
দস্যু ভাস্কৰ ছিৰিজ
দস্যু ভাস্কৰ ছিৰিজ অসমীয়া সাহিত্যৰ এক কাল্পনিক চৰিত্ৰ দস্যু ভাস্কৰ আৰু তেখেতৰ কীৰ্তি-কলাপৰ বিৱৰণ থকা থ্ৰীলাৰ উপন্যাসৰ সমষ্টি। এই চৰিত্ৰৰ স্ৰষ্টা আছিল ৰংমন। দস্যু ভাস্কৰ ছিৰিজৰ অধীনত ৰচিত ৬১খন উপন্যাসত দস্যু ভাস্কৰৰ বিভিন্ন অভিযান বৰ্ণনা কৰা হৈছে। দস্যু ভাস্কৰৰ প্ৰকৃত নাম কমল বড়া।
-
দস্যুৰাণী বিজুলী
দস্যুৰাণী বিজুলী অসমীয়া ৰহস্য সাহিত্যৰ কিছু থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজৰ লেখক হ'ল 'ঋতুৰাজ'। ঋতুৰাজ আছিল বসন্ত দাসৰ ছদ্মনাম। এই নামেৰে লিখা ছিৰিজটো প্ৰকাশ কৰিছিল 'পাহি প্ৰকাশে'।
-
ধন্য নৰ তনু ভাল
ধন্য নৰ তনু ভাল (Dhanya Nara Tanu Bhaal) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক, নাট্যকাৰ চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। উপন্যাসখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজী অংকিত কৰা হৈছে। গ্ৰন্থখনি ১৯৮৭ চনত প্ৰকাশিত হৈছিল।
-
ধূসৰতাত সংহত শ্ৰৱণ
ধূসৰতাত সংহত শ্ৰৱণ (Dhusaratat Sanghata Shravan) হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া বিজ্ঞানী তথা লেখক ৰুবুল মাউতৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় গল্প সংকলন। এই গ্ৰন্থখন ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত হৈছে। সংকলনখনত মুঠ ১০টা গল্প সংকলিত কৰা হৈছে। গল্পপুথিখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশন।
-
ধৰ্মৰ প্ৰাণতত্ত্ব
ধৰ্মৰ প্ৰাণতত্ত্ব (Dharmar Prantattva) হৈছে অসমীয়া সাহিত্যিক আৰু ভূতত্ত্ববিদ ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা লিখিত এখনি ধৰ্মতত্ত্ব-বিষয়ক গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। ২০২৩ চনৰ নৱেম্বৰত গ্ৰন্থখনৰ পুনৰ মুদ্ৰণ হয়।
-
নতুন কবিতা
নতুন কবিতা অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন। সম্পাদক মহেন্দ্ৰ বৰা। সঙ্কলনটোৰ প্ৰথম প্ৰকাশ হয় ১৯৫৬ চনত। গ্ৰন্থখন মূলতঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ নিৰ্বাচিত সংকলন।
-
নামচাঙৰ অন্তেষপুৰ (গ্ৰন্থ)
নামচাঙৰ অন্তেষপুৰ হৈছে লেখক সৌম্যদ্বীপ দত্তৰ এখন প্ৰকৃতি বিষয়ক কিতাপ য'ত দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ আন্দোলনৰ বিষয়ে বৰ্ণনা আগবঢ়োৱা হৈছে।
-
নামমালিকা
নামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰোধত ৰচনা কৰা হৈছিল। মাধৱদেৱৰ শিষ্য পদ্ম আতাই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে ঘোষা ৰত্নাৱলী কীৰ্তন দশম আৰু নামমালিকা গুৰুৰ আশীৰ্বাদৰূপে লৈ গৈছিল।
-
নাৰীবাদ (গ্ৰন্থ)
নাৰীবাদ (ইংৰাজী: Nareebad) (২੦১৮) হ’ল অপৰ্ণা মহন্তৰ নাৰীবাদৰ ইতিহাস আৰু তত্ত্ব সম্পৰ্কে অসমীয়া ভাষাত লিখা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাৰপৰা ‘জ্ঞান বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ পায়৷
-
নীল প্ৰজাপতি
নীল প্ৰজাপতি অসমীয়া গল্পকাৰ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন সমাজকেন্দ্ৰিক উপন্যাস। উপন্যাসখন অসমীয়া প্ৰতিদিনৰ পূজা সংখ্যাত সম্পাদকৰ তাগিদাত সৃষ্টি হৈছিল। "বিশ্বায়ন, মুক্ত বাণিজ্যিক অৱস্থাত, আধুনিক সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিছে।
-
পত্ৰ-সাহিত্যৰ সুবাস
পত্ৰ-সাহিত্যৰ সুবাস উপেন্দ্ৰ বৰকটকী লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনত অসমৰ কেইবাগৰাকীমান নমস্য ব্যক্তিয়ে উপেন্দ্ৰ বৰকটকীলৈ লিখা চিঠি আৰু বহুকেইজন বৰেণ্য ব্যক্তিয়ে অন্য কোনো ব্যক্তিলৈ লিখা চিঠি সংকলিত হৈছে।
-
পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (গ্ৰন্থ)
পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (pathabhrasta hoise neki sankar sangha) হৈছে অসমৰ লেখক, শিক্ষাবিদ, সাহিত্যিক, সমালোচক ময়ূৰ বৰাৰ প্ৰথমখন প্ৰবন্ধ গ্ৰন্থ। ২০১২ চনৰ জানুৱাৰী মাহত আঁক-বাক প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই প্ৰবন্ধ সংকলনখনিৰ মূল্য আশী টকা। কিতাপখনৰ মুঠ পৃষ্ঠা সংখ্যা ৯৬।
-
পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ
পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ (Padartha Bigyanor Satta Natidirgha Paath) অসমীয়া ভাষাৰ এখন অনুবাদ গ্ৰন্থ। কাৰ্ল' ৰ'ভেল্লীৰ ইটালী ভাষাত ৰচিত ছেতে ব্ৰেভি লেজ'নি দ্য ফিজিকা নামৰ গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হৈছে ছেভেন ব্ৰিফ লেছনছ অ'ন ফিজিক্স নামৰ গ্ৰন্থখন।
-
পদ্মা-পুৰাণ
পদ্মা-পুৰাণ মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য আৰু গৌৰৱ প্ৰকাশক এখন প্ৰাচীন গ্ৰন্থ। গ্ৰন্থখনৰ লেখক সুকবি নাৰায়ণদেৱ। এই গ্ৰন্থখন এখন গীতি সাহিত্য। ই পঞ্চালী-গীতৰ শৈলীত ৰচিত।
-
পাত্কাইৰ সিপাৰে ন বছৰ
পাত্কাইৰ সিপাৰে ন বছৰ পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাণ্ডুলিপি স্বাধীনতাৰ পূৰ্বে প্ৰস্তুত কৰা হ’লেও প্ৰথম গ্ৰন্থাকাৰে প্ৰকাশ পায় ১৯৯৩ চনত। প্ৰথম প্ৰকাশক পূৰ্বাঞ্চল তাই সাহিত্য সভা। গ্ৰন্থখন দ্বিতীয় সংস্কৰণ নক্সা প্ৰকাশনৰ পৰা ২০২১ চনত পুনৰ প্ৰকাশ পায়।