অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সফলতাৰ সোপান

সফলতাৰ সোপান(Sapholotar Sopan) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা প্ৰীতিমা কৌশিক বৰুৱাৰ এখন প্ৰবন্ধ সংকলন। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৫৬ আৰু মূল্য ১৫০ টকা।এইয়া কিতাপখনৰ দ্বিতীয় প্ৰকাশ। প্ৰথম প্ৰকাশ ২০১১ চনতে হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সফলতাৰ সোপান(Sapholotar Sopan) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা প্ৰীতিমা কৌশিক বৰুৱাৰ এখন প্ৰবন্ধ সংকলন। ১২০১৮ চনৰ ছেপ্টেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৫৬ আৰু মূল্য ১৫০ টকা।এইয়া কিতাপখনৰ দ্বিতীয় প্ৰকাশ। প্ৰথম প্ৰকাশ ২০১১ চনতে হৈছিল। লেখকে কিতাপখন নিজ পিতৃ-মাতৃলৈ উছৰ্গা কৰি এনেদৰে লিখিছে, "সফলতা সংজ্ঞাৰে বৰ্ণনা কৰিব নোৱাৰা এক আপেক্ষিক অৱস্থা মাথোন। তথাপি মোৰ দৃষ্টিত জীৱনত সফলতা লাভ কৰি সুখেৰে জীৱন নিৰ্বাহ কৰা মোৰ মা লিলি বৰঠাকুৰ আৰু পিতা পৰেশ চন্দ্ৰ বৰঠাকুৰলৈ আগবঢ়ালো এই পুথি..."। ২

বিৱৰণ

কিতাপখনৰ আৰম্ভণিত লেখকৰ একলম হিচাপে লিখা টোকাটো তোমালৈ বুলি নামকৰণ কৰি লেখকে সফলতাৰ চমু বাট নথকাৰ কথা বৰ্ণনা কৰিছে। ডেল কাৰ্নেগীৰ এটা উক্তিৰে তেওঁ কলমটো আৰম্ভ কৰিছে। তাৰ মাজতে তেওঁ কিতাপখনৰ উদ্দেশ্য এনেদৰে আগবঢ়াইছে, "বিগত ডেৰ দশকতকৈও অধিক কাল বিভিন্ন স্তৰৰ, বিভিন্ন মেধাৰ, বিভিন্ন পৰ্যায়ৰ অসংখ্য ছাত্ৰ-ছাত্ৰীৰ সান্নিধ্যলৈ আহি আৰু তেওঁলোকৰ লগত ভাৱ বিনিময় কৰি দৃঢ়ভাৱে এটা কথাত পতিয়ন গৈছো যে, আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যেকৰে কোনোবা নহয় কোনোবা এটা দিশত সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লাগে মাথোঁ সঠিক আৰু সময়োচিত পথ নিৰ্দেশনা। সফলতা কেৱল বিদ্যায়তনিক বা পৰীক্ষাৰ নম্বৰেৰে মূল্যায়ন কৰা উচিত নহয়। শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ/ছাত্ৰী এগৰাকী পাছত গৈ যদি কোনো দুৰ্নীতিগ্ৰস্ত বিষয়া হয়গৈ তেওঁক জানো সফল বুলি ক'ব পাৰি? সেয়েহে আমি ভাবো সফলতাৰ চিৰায়িত ধাৰণা সলাবৰ হ'ল। সফলতা বিভিন্ন দিশত হ'ব পাৰে, ই আহেও বিভিন্ন বাটেৰে। কেনেকৈনো এই সফলতাই তোমাক লগ দিবহি তাৰে কিছু দিহা এই সফলতাৰ সোপান। " ২গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে জীৱনত সফল হ'বলৈ যি যি কথা জনাৰ প্ৰয়োজন সেই সকলোবোৰৰ বিষয়ে উল্লেখ আছে‌।১

কিতাপখনত মুঠ ৬৩ টা প্ৰবন্ধ আছে। সেইসমূহ হ'ল-

  1. ভাগ্যক ধিয়াই নাথাকিবা নিজেও চেষ্টা কৰা
  2. সফলতা তোমাৰ হাতৰ মুঠিত
  3. সময়ৰ সদব্যৱহাৰ কৰিবলৈ শিকা
  4. অযথা ভয় ভাব মনলৈ নানিবা
  5. চেষ্টা কেতিয়াও এৰি নিদিবা
  6. নিজকে সৰু বুলি নাভাবিবা
  7. ইংৰাজী দেখিলেই ভয় নাখাবা
  8. সপ্ৰতিভ হোৱা
  9. ভাল কথাবোৰ অভ্যাস কৰিবলৈ শিকা
  10. সফলতাৰ কোনো চমু বাট নাই
  11. নিজৰ লগত চিনাকি হোৱা
  12. হতাশা আঁতৰাই পেলোৱা
  13. পৰিৱেশৰ লগত খাপ খাবলৈ শিকা
  14. আৱেগেৰে 'জীৱনৰ ৰণ' জিনিব নোৱাৰি
  15. অভিজ্ঞতাই জীৱন গঢ়ে
  16. মন কৰিলেই ছন
  17. তোমাৰ যি আছে তাকে লৈ আগবাঢ়া
  18. চেষ্টা আৰু অধ্যৱসায়ৰ বলতহে সফল হ'ব পাৰি
  19. সফলতা তোমাৰ হাততে
  20. ইতিবাচক অভ্যাস গঠন কৰা
  21. জীৱনটো ইমান আমনিদায়ক নহয়!
  22. তুমিও তোমাৰ জীৱন মহান কৰি তুলিব পাৰা
  23. যেতিয়াই যিটো বন কৰা তেতিয়াই, পাছলৈ নথবা পেলায়
  24. আপোন হাত জগন্নাথ
  25. বিফলতাক মানি ল'বলৈ শিকা, তেহে সফলতাৰ মুখ দেখিবা
  26. তোমাৰ ভাল লগা কাম এটা কৰিবলৈ চেষ্টা কৰা
  27. নিজকে সলনি কৰিবলৈ চোৱা
  28. কথা ক'বলৈ শিকা
  29. তোমাৰ চিন্তা শক্তিৰ সৎ ব্যৱহাৰ কৰা
  30. ধৈৰ্যই শক্তি
  31. সৃষ্টিশীল মনৰ বিকাশ ঘটোৱা
  32. বিশ্লেষণাত্মক চিন্তাই কেৰিয়াৰ গঢ়াত সহায় কৰে
  33. কিতাপ পঢ়িবলৈও শিকিব লাগে
  34. পঢ়িবলৈ বহোতে যদি ভাগৰে হেঁচা মাৰি ধৰে
  35. সফলতাৰ বাবে আগতীয়া প্ৰস্তুতি অনিবাৰ্য
  36. মসৃণভাৱে জীৱন নিৰ্বাহ কৰাটোও এক বিৰাট সাফল্য
  37. পৰীক্ষাৰ অভ্যাস
  38. শিক্ষায়তনত প্ৰযুক্তিৰ নিৰ্ভুল প্ৰয়োগৰ ব্যৱস্থা আছেনে চোৱা
  39. আজৰি সময়ৰ কামেও দিব পাৰে উপাৰ্জনৰ পথ
  40. শিক্ষাগ্ৰহণৰ সুযোগ গ্ৰহণ কৰা
  41. বিফল ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব
  42. কিমান পঢ়িবা নিজে ঠিক কৰা
  43. মেধা শক্তিৰ বহিৰ্গমন
  44. সাজু হোৱা ভৱিষ্যতৰ বাবে
  45. কেৰিয়াৰ নিৰ্বাচনত সাৱধান হ'বা
  46. বিজ্ঞাপনত ভোল নাযাবা
  47. যুগৰ লগত মিলাই মানসিকতা সলনি কৰা
  48. বিষয় নিৰ্বাচন
  49. নিজকে এবাৰ কাউন্সেলিং কৰাই লোৱা
  50. পঢ়াৰ ইটো-সিটো বহুতো
  51. 'উপযুক্ত', 'সঠিক' কেৰিয়াৰ বাচি লোৱা
  52. ভৱিষ্যতৰ বাবে এতিয়াই ভাবা
  53. ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ শিকা
  54. সপোন যদি সফল নহয়
  55. মনোযোগ বঢ়াবা কিদৰে
  56. আৱেগজনিত আগ্ৰহ বিচাৰি চোৱা
  57. কোন শাখাত পঢ়িবাঃ কলা বিজ্ঞান নে বাণিজ্য
  58. পৰীক্ষাত অনুত্তীৰ্ণ হ'লেই সকলো শেষ নহয়।
  59. পৰীক্ষাৰ্থীৰ বাবে দুটামান দিহা
  60. পৰীক্ষাৰ সময়ত ল'ব লগা সাৱধানতা
  61. পৰীক্ষাত সৰহ নম্বৰ পাবলৈ কি কৰিবা
  62. বৃত্তিমূলক শিক্ষাত আইনী সুৰক্ষা
  63. সকলোৰে কোনো নহয় কোনো বিষয়ত দক্ষতা আছে

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: প্ৰীতিমা কৌশিক বৰুৱা

অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা, লেখিকা, তথা সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ।৩ অসমৰ বিশিষ্ট লেখক, সাংবাদিক শান্তনু কৌশিক বৰুৱা হৈছে তেখেতৰ স্বামী। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, ব্যক্তিগত আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ ক্ষেত্ৰখনত প্ৰায় ২৮ বছৰ ধৰি জড়িত হৈ থকা প্ৰীতিমা কৌশিক বৰুৱা পূৰ্ণাংগ কেৰিয়াৰ বিষয়ক একমাত্ৰ অসমীয়া আলোচনী 'মাহেকীয়া কেৰিয়াৰ গাইড'ৰ সম্পাদিক-প্ৰকাশক। ২০০৪ চনৰ পৰা এই আলোচনীখন প্ৰকাশ হৈ আহিছে।২২০১৬ চনত প্ৰীতিমা কৌশিক বৰুৱাই 'সঞ্জীৱন প্ৰকাশন' নামেৰে এটা প্ৰকাশন গোষ্ঠী আৰম্ভ কৰে। মূলতঃ নতুন লেখকৰ গ্ৰন্থ প্ৰকাশৰ উদ্দেশ্যেৰে এইটো প্ৰতিষ্ঠা কৰা হয়। ৩২ প্ৰীতিমা কৌশিক বৰুৱা অসমৰ বিভিন্ন আগশাৰীৰ বিদ্যালয়-মহাবিদ্যালয় তথা নানা শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানলৈ কেৰিয়াৰ সম্পৰ্কীয় আলোচনা-কৰ্মশালাৰ সমল ব্যক্তিৰূপে আমন্ত্ৰিত হৈছে। বিভিন্ন কাকত-আলোচনীৰ তেওঁ নিয়মীয়া লেখক। নানা কাকত-আলোচনীত এহেজাৰৰো অধিক প্ৰবন্ধ প্ৰকাশ পাইছে। কেৰিয়াৰ গাইড তেওঁৰ প্ৰথমখন কিতাপ। কেৰিয়াৰ সন্ধানী তৰুণ প্ৰজন্মক কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ বাবে প্ৰকাশিত এই গ্ৰন্থখন অসমীয়া ভাষাৰ প্ৰথম আৰু একমাত্ৰ গ্ৰন্থ।২

লগতে চাওক

অংক নহয় আতংক (গ্ৰন্থ)

তথ্যসূত্ৰ

  1. ↑ (৩০ ছেপ্টেম্বৰ, ২০২০). জ্ঞান সঁফুৰা. সন্মিলিত প্ৰয়াস, ডিমৌ বুক ডিপো. পৃ. ৯৮, ৯৯
  2. ↑ প্ৰীতিমা কৌশিক বৰুৱা. (ছেপ্টেম্বৰ, ২০১৮). সফলতাৰ সোপান. সঞ্জীৱন প্ৰকাশন. পৃ. Last page
  3. ↑ (মাৰ্চ, ২০১৯). সফল মহিলা প্ৰীতিমা কৌশিক বৰুৱা. কৃষক বন্ধু

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সফলতাৰ সোপান” প্ৰবন্ধৰ সংশোধন ৩৮৫৯২৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।