অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সাউদৰ পুতেকে নাও মেলি যায়

সাউদৰ পুতেকে নাও মেলি যায় (Saudor Puteke Nao Meli Jay) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ শৈশৱ-কৈশোৰ জীৱন আধাৰিত প্ৰথমখন উপন্যাস। এই 'সাউদৰ পুতেকে নাও মেলি যায়' উপন্যাসখন ষ্টুডেণ্টছ ষ্টৰছ প্ৰকাশনৰ পৰা ১৯৮৭ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখন দুটা অধ্যায়ত বিভক্ত।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সাউদৰ পুতেকে নাও মেলি যায় (Saudor Puteke Nao Meli Jay) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ শৈশৱ-কৈশোৰ জীৱন আধাৰিত প্ৰথমখন উপন্যাস। এই 'সাউদৰ পুতেকে নাও মেলি যায়' উপন্যাসখন ষ্টুডেণ্টছ ষ্টৰছ প্ৰকাশনৰ পৰা ১৯৮৭ চনত প্ৰথম প্ৰকাশ পায়।১ উপন্যাসখন দুটা অধ্যায়ত বিভক্ত।

বিৱৰণ

১৯৮৭ চনত ড০ মহেন্দ্ৰ বৰাৰ সভাপতিত্বত হোৱা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল।২ দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল আগষ্ট, ১৯৮৯ চনত। বাপুকণ নামৰ এক কিশোৰৰ মানসিক যাত্ৰা, উত্তৰণ, সংঘাত, আৰু দৰ্শনৰ এক ব্যতিক্ৰমী উপন্যাস সাউদৰ পুতেকে নাও মেলি যায়।৩৪

১৯৮৭ চনৰ কেইবছৰমান পূৰ্বে নৱকান্ত বৰুৱাৰ তত্ত্বাৱধানত প্ৰকাশিত সীৰলু নামৰ আলোচনীত হোমেন বৰগোহাঞিৰ 'বাপুকণ' নামৰ এটা লেখা ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। সেই লেখাটিৰ জনপ্ৰিয়তাৰ খবৰ ৰখা বিজয় কুমাৰ দত্তই নৱকান্ত বৰুৱাৰ সহায়ত বৰগোহাঞিৰ লগত ষ্টুডেণ্টছ ষ্ট'ৰছৰ হৈ জিতেন দত্তক কিতাপ প্ৰকাশৰ কথা পাতিবলৈ পঠিয়াইছিল। পোনতে "মোৰ এইয়া অপৈণত ধাৰাবাহিক লেখা..." বুলি বৰগোহাঞিয়ে 'বাপুকণ'ৰ খণ্ডসমূহক লগ কৰি কিতাপ প্ৰকাশ কৰিব বিচৰা নাছিল। পিছত জিতেন দত্তৰ অনেক অনুৰোধ-প্ৰচেষ্টাত তেখেত মান্তি হৈ ধাৰাবাহিক লেখাকেইটিত কিছু যোগ-বিয়োগ কৰি কিতাপখন সম্পূৰ্ণ কৰে। এনেকৈয়ে 'বাপুকণ' গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলায় আৰু নামটো হয় "সাউদৰ পুতেকে নাও মেলি যায়"। ২

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।৫

১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৬

তথ্যসূত্ৰ

  1. ↑ বৰগোহাঞি, হোমেন. (1987). সাউদৰ পুতেকে নাও মেলি যায়. ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 81-85905-44-4
  2. ↑ অজয় কুমাৰ দত্ত, মৃত্যঞ্জয় কুমাৰ দত্ত. (২১ মে', ২০২১). মহীৰূহৰ ছত্ৰছায়াত ষ্টুডেণ্টছ ষ্ট'ৰছ, সুদীৰ্ঘ ৩৪ বছৰজোৰা সান্নিধ্যৰ সোঁৱৰণ. নিয়মীয়া বাৰ্তা. পৃ. ৭
  3. ↑ সাউদৰ পুতেকে নাও মেলি যায়. Assamesebooks.wordpress.com
  4. ↑ সাউদৰ পুতেকে নাও মেলি যায়. Axomiyanabaprajanma.com
  5. ↑ Awards 1955–2007 সাহিত্য অকাডেমি Official website
  6. ↑ indilens.com/?s=homen+borgohain ! Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাসহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাউদৰ পুতেকে নাও মেলি যায়” প্ৰবন্ধৰ সংশোধন ৫৮৪৭৪৪ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।