অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

মানৱ উন্নয়ন প্ৰতিবেদন

মানৱ উন্নয়ন প্ৰতিবেদন হৈছে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি (United Nations Development Programme) ৰ উদ্যোগত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়নৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদন।

হালনাগাদ: ১৭ জুন ২০২০ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ
}
}ছবি: BlankMap-World6,_compact.svg: Canuckguy et al. derivative work: Vertawes (talk) · CC BY-SA 3.0

মানৱ উন্নয়ন প্ৰতিবেদন হৈছে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি (United Nations Development Programme) ৰ উদ্যোগত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়নৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদন। এই প্ৰতিবেদন পোনপ্ৰথমে প্ৰকাশ কৰা হৈছিল ১৯৯০ চনত পাকিস্তানী অৰ্থনীতিবিদ মেহবুব-উল-হক আৰু ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ উদ্যোগত। তাৰ পিছৰে পৰা প্ৰতিবছৰে এই প্ৰতিবেদন প্ৰকাশ কৰি থকা হৈছে। এই প্ৰতিবেদন প্ৰকাশ কৰোঁতে কেতবোৰ মানৱ উন্নয়ন সূচকাংক, দৰিদ্ৰতা উন্নয়ন সূচকাংক আৰু লিংগ উন্নয়ন সূচকাংকৰ সহায়ত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়নৰ গতিবিধিৰ হাৰ পৰীক্ষা কৰা হয়। প্ৰতিবছৰে তাৰ ভিত্তিত দেশসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হয় যাৰ পৰা দেশসমূহত মানৱ উন্নয়নৰ হাৰ সম্পৰ্কে জানিব পাৰি। উদাহৰণস্বৰূপে, ২০১৪ চনৰ প্ৰতিবেদনত ভাৰতৰ স্থান আছিল ১৩৫ নম্বৰত। প্ৰতিবেদনত প্ৰতিবছৰেই একো একোটা মূল বিষয় ৰখা হয় আৰু প্ৰতিবেদনখনৰ নামকৰণো সেই হিচাপেই কৰা হয়। ২০১৪ চনৰ প্ৰতিবেদনৰ মূল বিষয় আছিল 'Sustaining Human Progress:Reducing Vulnerability and Building Resilience'। ১

তথ্যসূত্ৰ

  1. ↑ Human Development Report 2014. UNITED NATIONS DEVELOPMENT PROGRAMME

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ উন্নয়ন প্ৰতিবেদন” প্ৰবন্ধৰ সংশোধন ২৩৮৮০৯ (১৭ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।