অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

আমাগি

আমাগি (ইংৰাজী: Amagi) এটি ভাৰতীয় কোম্পানী যিয়ে কেবল, অভাৰ দ্য টপ (অ' টি টি) আদি মাধ্যমৰ বাবে চেনেল আদি সৃষ্টি কৰি দিয়ে। ই এটি SaaS বা চফ্টৱেৰ এজ এ' চাৰ্ভিছ কোম্পানী। কোম্পানীটো ২০২২ চনত এটি একশৃংগ কোম্পানী হৈ পৰিল।

হালনাগাদ: ২৬ জুন ২০২৩ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আমাগি (ইংৰাজী: Amagi) এটি ভাৰতীয় কোম্পানী যিয়ে কেবল, অভাৰ দ্য টপ (অ' টি টি) আদি মাধ্যমৰ বাবে চেনেল আদি সৃষ্টি কৰি দিয়ে।১ ই এটি SaaS বা চফ্টৱেৰ এজ এ' চাৰ্ভিছ কোম্পানী। কোম্পানীটো ২০২২ চনত এটি একশৃংগ কোম্পানী হৈ পৰিল।

প্ৰতিষ্ঠা আৰু সেৱা

ভাস্কৰ সুব্ৰমণিয়ন, শ্ৰীনিবাস কে এ' আৰু শ্ৰীবিদ্যা শ্ৰীনিবাসনে এই কোম্পানীৰ প্ৰতিষ্ঠা ২০০৮ চনত কৰিছিল।২ কোম্পানীটোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত আছে।

এই কোম্পানীয়ে ব্ৰডকাষ্টিং সম্বন্ধীয় বিভিন্ন সেৱা প্ৰদান কৰে। দূৰদৰ্শনৰ বিজ্ঞাপনসমূহ ভৌগোলিকভাৱে নিৰ্দিষ্ট স্থানত প্ৰদৰ্শিত কৰাত ই সহায় কৰে।২ তদুপৰি, ই দূৰদৰ্শন (কেবল টিভি) আৰু অন্যান্য মাধ্যমত চেনেল সৃষ্টিটো সহায় কৰে। ২০২২ চনত ৭০০তকৈ অধিক ব্ৰেণ্ড আৰু এশতকৈ অধিক ফাষ্ট আৰু অ' টি টি প্লেটফৰ্ম এই কোম্পানীৰ সৈতে জড়িত।৩ এন বি চি ইউনিভাৰ্ছেল, চেমচাং টিভি প্লাছ আৰু ৰকুও আমাগিৰ গ্ৰাহক।৪

ফাষ্ট কোম্পানীৰ ১০ আতাইতকৈ সৃষ্টিশীল কোম্পানীৰ তালিকাত (২০২২) ই সন্নিৱিষ্ট। তদুপৰি, ই ২০২২ চনৰ বিগ ইন'ভেচন এৱাৰ্ডো লাভ কৰিছে।৫

বিনিয়োগ

আমাগিৰ বিনিয়োগকাৰীসকলৰ ভিতৰত আছে নৰ্ৱেষ্ট ভেঞ্চাৰ পাৰ্টনাৰ্ছ আৰু অৱতাৰ ভেঞ্চাৰ্ছ।৪ ২০২২ চনত এক্সেলৰ নেতৃত্বত আৰু আন পূৰ্বৰ বিনিয়োগকাৰীৰ অংশগ্ৰহণত হোৱা ৰাউণ্ডত ২৫০ নিযুত ডলাৰ আমাগিয়ে বিনিয়োগ হিচাপে লাভ কৰিলে। এই ৰাউণ্ডত আমাগিৰ মূল্য নিৰ্ণয় হ'ল ১ বিলিয়ন ডলাৰতকৈ অধিক, আৰু এই কোম্পানী এটি একশৃংগ কোম্পানী বিবেচিত হ'ল।৬

তথ্যসূত্ৰ

  1. ↑ ইংক ৪২ inc42.com/features/indias-unicorn-club-the-compr
  2. ↑ ক্ৰাঞ্চ বে'চ www.crunchbase.com/organization/amagi-media-labs
  3. ↑ আমাগিৰ মূল ৱেবছাইট www.amagi.com/
  4. ↑ টাইমছ অৱ ইণ্ডিয়া timesofindia.indiatimes.com/city/bengaluru/amagi
  5. ↑ আমাগিৰ এবাউট পৃষ্ঠা www.amagi.com/about
  6. ↑ লাইভ মিণ্ট www.livemint.com/companies/start-ups/cloudbased-

সম্পৰ্কিত শ্ৰেণী

ব্যৱসায়িক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাগি” প্ৰবন্ধৰ সংশোধন ৩৬৯৯১৮ (২৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।