
পোক্কালি (ইংৰাজী ভাষা: Pokkali) হৈছে এবিধ একক লৱণাক্ততা সহনশীল ধানৰ জাত। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুঝা, কোট্টায়াম, ত্ৰিশূৰ আৰু এৰ্নাকুলাম জিলাৰ জলমগ্ন উপকূলীয় অঞ্চলৰ প্ৰায় ৫০০০ হেক্টৰ মাটিত এক জৈৱিক পদ্ধতিৰে ব্যাপক জলজ পালন ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰা হয়।১ 'পোক্কালি' ব্ৰেণ্ডটোৱে চেন্নাইস্থিত ভৌগোলিক স্বীকৃতি পঞ্জীয়ন কাৰ্যালয়ৰ পৰা জি আই টেগ (GI tag) লাভ কৰিছে।২
লৱণাক্ততাৰ প্ৰতি ইয়াৰ প্ৰতিৰোধ ক্ষমতা উল্লেখনীয়। জুন মাহৰ পৰা নৱেম্বৰ মাহৰ আৰম্ভণিলৈকে যেতিয়া পথাৰৰ পানীৰ লৱণাক্ততাৰ মাত্ৰা কম থাকে, তেতিয়া এই ধানৰ খেতি কৰা হয়। নৱেম্বৰৰ মাজভাগৰ পৰা এপ্ৰিলৰ মাজভাগলৈকে পানীৰ লৱণাক্ততা বৃদ্ধি পালে পথাৰবোৰত মিছামাছৰ খেতি কৰা হয়।১ ধান কটাৰ পিছত সাগৰ আৰু কায়াল (backwaters) অঞ্চলৰ পৰা ভাঁহি অহা মিছামাছৰ পোৱালিবোৰে পথাৰত থকা ধান খেতিৰ অৱশিষ্ট অংশ খাই জীয়াই থাকে। পথাৰলৈ পানীৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিবলৈ জলদ্বাৰ ব্যৱহাৰ কৰা হয়। ধান খেতিত আন কোনো সাৰ প্ৰয়োগ কৰা নহয়; মিছামাছৰ মল আৰু অন্যান্য অৱশিষ্টৰ পৰাই ধান গছে প্ৰয়োজনীয় পুষ্টি লাভ কৰে।

সাগৰীয় জোৱাৰ-ভাটাৰ প্ৰবাহে পথাৰখনক অতি উৰ্বৰ কৰি তোলা বাবে ইয়াত কোনো সাৰ বা গোবৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়; পুলিবোৰ স্বাভাৱিকভাৱেই ডাঙৰ-দীঘল হয়। জলমগ্ন পথাৰত জীয়াই থাকিবলৈ ধান গছবোৰ ১৩০-১৪০ চেন্টিমিটাৰ পৰ্যন্ত ওখ হয়। কিন্তু ধান পকি অহাৰ লগে লগে গছবোৰ হালি পৰে আৰু কেৱল ধানৰ থোকবোৰহে থিয় হৈ থাকে। অক্টোবৰৰ শেষৰ ফালে ধান কটা হয়। কেৱল ওপৰৰ পৰা প্ৰায় ৩০ চেন্টিমিটাৰ অংশ থোকৰ সৈতে কাটি লোৱা হয় আৰু বাকী থকা ধানখেৰখিনি পানীত পচিবলৈ এৰি দিয়া হয়, যিবোৰ পৰৱৰ্তী সময়ত নৱেম্বৰ-ডিচেম্বৰ মাহত অহা মিছামাছৰ খাদ্য হৈ পৰে। ইয়াৰ পিছতে পোক্কালি খেতিৰ দ্বিতীয় পৰ্যায় অৰ্থাৎ মিছামাছ পালন প্ৰক্ৰিয়া আৰম্ভ হয়।
জৈৱিকভাৱে উৎপাদিত পোক্কালি ধান ইয়াৰ ব্যতিক্ৰমী সোৱাদ আৰু উচ্চ প্ৰটিনযুক্ত গুণৰ বাবে বিখ্যাত। খেতিয়কসকলৰ মতে এই ডাঙৰ আকাৰৰ ধানবিধৰ কেইবাটাও ঔষধি গুণো আছে। অতীতত পোক্কালি চাউলৰ ভাত খাই মাছমৰীয়াসকলে গোটেই দিনটো সাগৰত মাছ ধৰিবলৈ শক্তি লাভ কৰিছিল। আনকি আমেৰিকাৰ এৰিজোনা বিশ্ববিদ্যালয়ে এই ধানৰ বাবে এটা ডি এন এ লাইব্ৰেৰীও বিকশিত কৰিছে।২
কেৰালাৰ খেতিয়কসকলে এসময়ত অধিক লাভজনক আন ধানৰ জাতক প্ৰাধান্য দিছিল যদিও শেহতীয়া বছৰবোৰত জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধী ক্ষমতাৰ বাবে পোক্কালি ধানে পুনৰ জনপ্ৰিয়তা লাভ কৰিছে।৩ যিহেতু এই ধান গছ দুই মিটাৰ পৰ্যন্ত ওখ হয়, সেয়েহে ই বানপানীৰ সময়তো নষ্ট নহয়। লগতে লৱণাক্ততা প্ৰতিৰোধ কৰিব পৰা গুণৰ বাবে পোক্কালি খেতিয়ে সাগৰীয় খহনীয়া প্ৰতিৰোধতো এক কাৰ্যকৰী ভূমিকা পালন কৰে।
লগতে চাওক
- ধানৰ জাতসমূহৰ তালিকা
তথ্যসূত্ৰ
- ↑ (5 June 2013). Shrimp, fish and paddy cultivation in same field is lucrative. The Hindu
- ↑ (2008-11-16). Pokkali rice is now a brand name. দ্য হিন্দু
- ↑ (2020-08-06). Now pitched as climate adaptive food, Kerala's heritage Pokkali rice cultivation needs support. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোক্কালি ধান” প্ৰবন্ধৰ সংশোধন ৬২১২০২ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।