অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

গৰ্ভধান

গৰ্ভধান (गर्भाधान) (আক্ষৰিক অৰ্থত: গৰ্ভত শুক্ৰ স্থাপন) হিন্দু ধৰ্মৰ ১৬টা সংস্কাৰৰ ভিতৰত প্ৰথমটো সংস্কাৰ।

হালনাগাদ: ১৫ জুন ২০২৩ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গৰ্ভধান (गर्भाधान) (আক্ষৰিক অৰ্থত: গৰ্ভত শুক্ৰ স্থাপন) হিন্দু ধৰ্মৰ ১৬টা সংস্কাৰৰ ভিতৰত প্ৰথমটো সংস্কাৰ।১

বিৱৰণ

গৰ্ভাধান হৈছে গৰ্ভ আৰু আধান (গ্ৰহণ প্ৰক্ৰিয়া)ৰ সংমিশ্ৰিত শব্দ আৰু ইয়াৰ আক্ষৰিক অৰ্থ হৈছে গৰ্ভধাৰণ। এয়া সন্তান জন্ম দিয়া দম্পতীৰ উদ্দেশ্যৰ ব্যক্তিগত অনুষ্ঠান। ই নিশেক (গৰ্ভধাৰণ আৰু গৰ্ভধাৰণ কৰোৱা)ৰ আগতে পালন কৰা এক অনুষ্ঠান।২ কিছুমান প্ৰাচীন গ্ৰন্থত এই শব্দটোৱে কেৱল দম্পতীয়ে সন্তান জন্ম দিবলৈ যৌন সম্পৰ্ক স্থাপন কৰাক হে বুজায়, ইয়াৰবাদে আন কোনো অনুষ্ঠানৰ কথা উল্লেখ কৰা হোৱা নাই।৩

উপলক্ষ

গৃহসূত্ৰ অনুসৰি এই সংস্কাৰ সম্পন্ন কৰাৰ আৰম্ভণিতে পত্নীয়ে নতুন সাজ-পোছাক পিন্ধিব লাগে আৰু স্বামীয়ে প্ৰাকৃতিক সৃষ্টিৰ উপমা আৰু গৰ্ভধাৰণত পত্নীক সহায় কৰাৰ বাবে দেৱতাক আমন্ত্ৰণ কৰাৰ উদ্দেশ্যে বৈদিক শ্লোক আওৰাব লাগে।৪ এই আচাৰ পালনে স্বামী-স্ত্ৰী দুয়োজনে একেলগে সন্তান জন্ম দিবলৈ আৰু পৰিয়াল গঢ়িবলৈ সন্মত হোৱাক বুজায়।

তথ্যসূত্ৰ

  1. ↑ Pandey, R.B. (1962, reprint 2003). The Hindu Sacraments (Saṁskāra) in S. Radhakrishnan (ed.) The Cultural Heritage of India, Vol.II, Kolkata:The Ramakrishna Mission Institute of Culture,, p.392
  2. ↑ garbhAdhAna&direction=SE&script=HK&link=yes&beginning=0 niSeka Sanskrit - English Dictionary, Cologne Digital Sanskrit Lexicon, Germany
  3. ↑ Dagmar Benner (2008), in Mathematics and Medicine in Sanskrit (Editor: Dominik Wujastyk), Motilal Banarsidass,, pages 122-123
  4. ↑ Pandey, Rajbali (1969, reprint 2006) Hindu Saṁskāras: Socio-Religious Study of the Hindu Sacraments, Delhi:Motilal Banarsidass,, pp.48-59

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰ্ভধান” প্ৰবন্ধৰ সংশোধন ৩৬৮৬০৭ (১৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।