বেংক অফ আমেৰিকা (Bank of America; সংক্ষিপ্তত BofA আৰু BoA) হৈছে উত্তৰ কেৰ'লিনাৰ চাৰ্লটৰ কৰ্পৰেট চেণ্টাৰত মুখ্য কাৰ্যালয় থকা এটা আমেৰিকান বহুজাতিক বিনিয়োগ বেংক আৰু বিত্তীয় সেৱা প্ৰদানকাৰী কোম্পানী। কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এই বেংকটো প্ৰতিষ্ঠা কৰা হৈছিল। জে পি মৰ্গান চেজৰ পিছত ই আমেৰিকাৰ দ্বিতীয় বৃহত্তম বেংকিং প্ৰতিষ্ঠান আৰু বজাৰ মূলধনৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম বেংক। বেংক অৱ আমেৰিকা আমেৰিকাৰ বিগ ফোৰ বেংকিং প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম।১ ই জে.পি মৰ্গান চেজ, চিটিগ্ৰুপ আৰু ওৱেলছ ফাৰ্গোৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতাত আমেৰিকাৰ সকলো বেংক জমা ধনৰ প্ৰায় ১০.৭৩% সেৱা হিচাপে আগবঢ়ায়। ইয়াৰ প্ৰাথমিক বিত্তীয় সেৱাসমূহ হৈছে বাণিজ্যিক বেংকিং, সম্পদ ব্যৱস্থাপনা, আৰু বিনিয়োগ বেংকিং।
মুখ্য কাৰ্যবাহী বিষয়া
চিইঅ’ৰ তালিকা
তথ্যসূত্ৰ
- ↑ ONeil, Erin. (August 2, 2016). The Biggest Banks in the United States. The Balance
- ↑ Bank of America Chairman and CEO Hugh L. McColl, Jr. to Retire in April; Board Names Lewis Successor
- ↑ Former FDIC chief: BofA ex-CEO Ken Lewis seen as 'country bumpkin'
- ↑ Brian Moynihan Chairman of the Board and Chief Executive Officer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেংক অফ আমেৰিকা” প্ৰবন্ধৰ সংশোধন ৫৯৯৫৩১ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।