অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাজল

কাজল দেৱগন (Kajol Devgan; জন্ম: ৫ আগষ্ট ১৯৭৪) ভাৰতীয় চলচ্চিত্ৰ জগতত কাজল হিচাপে অধিক পৰিচিত। কাজল এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। হিন্দী ছবিৰ সৰ্বাধিক চৰ্চিত আৰু সমধিক প্ৰতিষ্ঠিত অভিনয়-শিল্পীসকলৰ ভিতৰত কাজল হৈছে অন্যতম। কাজলে লাভ কৰা অনেক বঁটা-সন্মানৰ ভিতৰত ছটা ফিল্মফেয়াৰ বঁটা অন্তৰ্ভুক্ত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৩০ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কাজল দেৱগন (Kajol Devgan; জন্ম: ৫ আগষ্ট ১৯৭৪) ভাৰতীয় চলচ্চিত্ৰ জগতত কাজল হিচাপে অধিক পৰিচিত। কাজল এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। হিন্দী ছবিৰ সৰ্বাধিক চৰ্চিত আৰু সমধিক প্ৰতিষ্ঠিত অভিনয়-শিল্পীসকলৰ ভিতৰত কাজল হৈছে অন্যতম।১২ কাজলে লাভ কৰা অনেক বঁটা-সন্মানৰ ভিতৰত ছটা ফিল্মফেয়াৰ বঁটা অন্তৰ্ভুক্ত। উল্লেখনীয় যে, সৰ্বাধিক বাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ লাভ কৰাটো কাজলৰ অন্যতম অভিলেখ। যিটো অভিলেখৰ পূৰ্বসুৰী আছিল তেখেতৰ খুৰীয়েক নূতন।৩ ২০১১ চনত কাজলক ভাৰত চৰকাৰে দেশৰ চতুৰ্থটো অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানীত কৰে।৪

ব্যক্তিগত জীৱন

১৯৭৪ চনত ৫ আগষ্টত মুম্বাইত কাজলৰ জন্ম হয়।৫৬ কাজলৰ মাক তনুজা এগৰাকী অভিনেত্ৰী আৰু পিতৃ শমু মুখাৰ্জী এগৰাকী ছবি পৰিচালক আৰু প্ৰযোজক। ২০০৮ চনত পিতৃৰ বিয়োগ ঘটে।৭৮

১৯৯৯ চনৰ ২৪ ফেব্ৰুৱাৰিত বলিউডৰ অভিনেতা অজয় দেৱগনৰ সৈতে কাজলে বৈবাহিক জীৱনৰ পাতনি মেলে।৯১০

সংক্ষিপ্ত কৰ্মজীৱন

১৯৯২ চনত মুক্তি লাভ কৰা ছবি 'বেখুদি' আছিল কাজলৰ প্ৰথমখন ছবি। বিদ্যালয়ত পঢ়ি থকাৰ কালতেই কাজলে সেই ছবিখনত অভিনয় কৰিছিল। সেইসময়ত কাজলৰ বয়স আছিল ষোল্ল।১১ কাজলে বৰ্ডি স্কুলত অধ্যয়ন কৰিছিল। স্কুলখনৰ নাম আছিল ছেইণ্ট জোছেফ কনভেণ্ট স্কুল, পঞ্চগিৰি। অধ্যয়নৰ বাদেও কাজলে পাঠ্যক্ৰম-বৰ্হিভূত কৰ্ম যেনে-নৃত্যাদিত অংশগ্ৰহণ কৰিছিল।১২পৰৱৰ্তী সময়ত কাজলে শিক্ষা ত্যাগ কৰে আৰু ১৯৯৩ চনত কেৰিয়াৰৰ প্ৰথমখন ব্যৱসায়িকভাৱে সফল ছবিত অভিনয় কৰে। শ্বাহৰুখ খানে অভিনয় কৰা সেই ছবিখনৰ নাম আছিল বাজীগৰ। ১৯৯৪ চনত কাজলে অইন এখন সফল ছবিত অভিনয় কৰে। নাম আছিল 'য়েহ দিললগী'। কাজলে শ্বাহৰুখ খানৰ লগত একাধিক ছবিত অভিনয় কৰে, যিবোৰৰ অধিকাংশ ছবিয়েই ছুপাৰহিটৰ মৰ্যাদা পায়। তাৰে ভিতৰত 'দিলৱালে দুলহানীয়া লে জায়েংগে' (১৯৯৫) আৰু 'কুচ কুচ হোতা হ্যেয়' (১৯৯৮) হৈছে অন্যতম। এই দুয়োখন ছবিৰ জৰিয়তেই কাজলে আন্তৰ্জাতিক খ্যাতি লাভ কৰে। 'কুচ কুচ হোতা হ্যেয়' আছিল স্কটলেণ্ডত দৃশ্যগ্ৰহণ হোৱা প্ৰথমখন ভাৰতীয় ছবি।১৩ পৰৱৰ্তী সময়ৰ দুখন বিশেষ ছবি 'গুপ্ত' (১৯৯৭) আৰু 'দুশমন' (১৯৯৮)ৰ জৰিয়তে কাজলে সমালোচকৰ পৰা নিৰ্মেদ ইতিবাচক সমালোচনা লাভ কৰে।১৪

২০০১ চনত কাজলে 'কভি খুচি কভি গম'ত অভিনয় কৰে আৰু তৃতীয়টো ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৬ চনত কাজলক দেখা যায় আমিৰ খানৰ লগত, এখন ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি 'ফানা'ত। ২০১০ চনত মুক্তিলাভ কৰা 'মাই নেইম ইজ খান' হৈছে কাজলৰ জীৱনৰ আন এখন গুৰুত্বপূৰ্ণ ছবি। এই দুয়োখন ছবিৰ বাবেই কাজলে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

(মাজত), আৰু ভগ্নী তনিষা (সোঁফালে)ৰ সৈতে, ২০১২ চনত ঈষা দেউলৰ বিবাহোনুষ্ঠানত]]

তথ্যসূত্ৰ

  1. ↑ Iyengar 2012, পৃ. 246–254
  2. ↑ Ramnath, Nandini. (4 May 2013). Kajol. Mint (newspaper)
  3. ↑ Kajol. Zee News
  4. ↑ (2 April 2011). Padma awards go filmy. Hindustan Times
  5. ↑ Raheja, Dinesh. (21 January 2003). Sparkling spitfireTanuja. Rediff.com
  6. ↑ Kameshwari, A. (5 August 2020). Kajol turns 46: Ajay Devgn, Renuka Shahane and others wish the Tribhanga actor. The Indian Express
  7. ↑ Dawar 2006, পৃ. 62
  8. ↑ Bollywood Hungama News Network. (10 April 2008). Kajol's father passed away. Bollywood Hungama
  9. ↑ Srnivasan, V.S. (25 February 1999). Quietly were they wed. Rediff.com
  10. ↑ (February 1999). Ajay Devgan & Kajol tie the knot. Bollywood Hungama
  11. ↑ Bamzai, Kaveree. (22 May 2006). Return of the natural. India Today
  12. ↑ (22 August 2007). When Kajol was head girl. Rediff.com
  13. ↑ Sareen, Jaideep. (23 October 2011). Bollywood moves to Scotland. The Independent
  14. ↑ Kothari, J. (29 March 2008). She's got the look. The Telegraph

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজল” প্ৰবন্ধৰ সংশোধন ৩৮০৪০৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।