অনুষ্কা শৰ্মা (Anushka Sharma; জন্ম: ১ মে' ১৯৮৮) এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু প্ৰযোজক। তেওঁৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য আৰু উপাৰ্জনকাৰী তাৰকা হিচাপে সমাদৃত অনুষ্কাই ফিল্মফেয়াৰ, আইফাকে ধৰি বহুকেইটা বঁটা-স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০১২ চনৰ পৰা ফৰ্বছ-ইণ্ডিয়াৰ ১০০ গৰাকী চেলেব্ৰিটিৰ তালিকাত তেওঁ স্থান লাভ কৰি আহিছে। ২০১৮ চনত ফৰ্বছ এছিয়াই যুগুতোৱা 'ত্ৰিশৰ অন্তৰ্গত ত্ৰিশ'ৰ তালিকাত তেওঁৰ নাম তালিকাভূক্ত হৈছে।
অযোধ্যাত জন্মলাভ কৰা আৰু বাংগালোৰত ডাঙৰ-দীঘল হোৱা অনুষ্কাই ২০০৭ চনত ৱেণ্ডেল ৰডৰিকছৰ হতুৱাই প্ৰথমটো মডেলিঙৰ কাম সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত তেওঁ মুম্বাইলৈ চলচ্চিত্ৰ জগতত অভিনয় কৰিবলৈ আহে। ২০০৮ চনত মুক্তি লাভ কৰা তেওঁৰ প্ৰথমখন ছবি আছিল 'ৰব নে বনা দি জোৰী'। এইখন ছবিত তেওঁ শ্বাহৰুখ খানৰ লগত অভিনয় কৰে। বিপুল সমাদৰ লাভ কৰি অনুষ্কাই ইয়াৰ পিছত অভিনয় কৰে য়শ ৰাজ ফিল্মছৰ ছবি 'বেণ্ড বাজা বাৰাট' (২০১০)। ২০১২ চনত মুক্তি লাভ কৰা 'জব টক হ্যেয় জান' হৈছে অনুষ্কাৰ অইন এখন সফল ছবি। ছবিখনত অভিনয়ৰ যোগেই তেওঁ ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটাও লাভ কৰে। ২০১৫ চনত তেওঁ 'এন এইছ টেন' নামৰ অপৰাধমূলক থ্ৰিলাৰ ছবিখনত অভিনয় কৰি ভৰপূৰ প্ৰশংসা অৰ্জন কৰে। 'দিল ধড়কনে দো' (২০১৫), 'এই দিল হেয় মুছকিল' (২০১৬), আৰু 'ছুই ধাগা' (২০১৮) হৈছে অনুষ্কাৰ দ্বাৰা অভিনীত কেইখনমান বাণিজ্যিকভাৱে সফল ছবি। ক্ৰীড়ামূলক ড্ৰামা 'চুলতান' (২০১৬), ৰাজকুমাৰ হিৰানীৰ দ্বাৰা পৰিচালিত ধৰ্মমূলক ছেটায়াৰ 'পিকে' (২০১৪) আৰু আত্মজীৱনীমূলক ছবি 'ছঞ্জু' (২০১৮)য়েও তেওঁৰ কেৰিয়াৰক সমৃদ্ধ কৰে।
অনুষ্কা শৰ্মাৰ প্ৰযোজনা গোষ্ঠীটোৰ নাম হৈছে 'ক্লীন শ্লেট ফিল্মজ'। প্ৰতিষ্ঠানটোৰ শৰ্মাৰ সহ-প্ৰতিষ্ঠাপক। এন এইছ টেনকে ধৰি একাধিক ছবি আৰু ছিৰিজ তেওঁলোকৰ প্ৰযোজনা গোষ্ঠীটোৱে নিৰ্মাণ কৰিছে। বহুকেইটা ব্ৰেণ্ড আৰু পন্যৰ এম্বাছাডৰ হিচাপে কৰ্মৰত তেওঁ নিজাববীয়া উদ্যোগত 'Nush' নামৰ মহিলাবস্ত্ৰৰ আৰ্হিও প্ৰস্তুত কৰি উলিয়াইছে। লিংগ-সমতা আৰু জন্তুৰ অধিকাৰকে ধৰি বহুকেইটা সামাজিক সমস্যাৰ হকে তেওঁ সবলভাৱে মাত মাতি আহিছে। ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি হৈছে তেওঁৰ স্বামী।
প্ৰাৰম্ভিক জীৱন
উত্তৰ প্ৰদেশৰ অযোধ্যাত ১৯৮৮ চনৰ ১ মে'ত অনুষ্কা শৰ্মাৰ জন্ম হয়।১২ অনুষ্কা শৰ্মাৰ পিতৃ এগৰাকী কৰ্ণেল। তেখেতৰ নাম হৈছে অজয় কুমাৰ শৰ্মা। আনহাতে মাতৃ অসীমা শৰ্মা এগৰাকী গৃহিণী।২৩
অনুষ্কাৰ প্ৰতিপালন হয় বাংগালোৰত।২ তাৰেই ভাৰতীয় আৰ্মী স্কুলত তেওঁৰ শিক্ষা সমাপ্ত হয়। পৰৱৰ্তী সময়ত বাংগালোৰস্থিত মাউণ্ট কাৰ্মেল কলেজৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে।৪৫ অনুষ্কাই পোনপ্ৰথমতে মডেলিঙৰ জগতত কেৰিয়াৰ নিৰ্মাণ কৰাৰ কথা ভাবিছিল আৰু অভিনেত্ৰী হোৱাৰ কোনো পৰিকল্পনা নাছিল।৪ স্নাতক ডিগ্ৰী অৰ্জনৰ পাছত, মডেলিঙৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰাৰ প্ৰত্যাশাৰে তেওঁ মুম্বাইলৈ আহে।৬ তেওঁ ইলাইট মডেল মেনেজমেণ্টত নামভৰ্তি কৰে আৰু ষ্টাইল কনছালটেণ্ট প্ৰসাদ বিদাপাৰ দ্বাৰা পৰিমাৰ্জিত হয়।৭ ২০০৭ চনত তেওঁ লেকমিৰ ফেশন সপ্তাহত ফেশ্যন ডিজাইনাৰ ৱেণ্ডেল ৰডৰিকছৰ নেতৃত্বত অভিষেক ঘটায়। ৱেণ্ডেলে স্প্ৰীং চামাৰ ২০০৭ ছিলেকছনৰ বাবে অনুষ্কাক সৰ্বশেষ মডেল হিচাপে নিৰ্বাচিত কৰে।৬
২০০৮ চনত মুক্তি লাভ কৰা ৰোমাণ্টিক ড্ৰামা ছবি 'ৰব নে বনা দি জোৰী' আছিল অনুষ্কা শৰ্মাৰ প্ৰথমখন ছবি। আদিত্য চোপ্ৰাই নিৰ্মাণ কৰা ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল তাৰকা অভিনেতা শ্বাহৰুখ খানে। আকস্মিক স্ক্ৰীণ টেষ্টৰ বাবে অমান্তি হোৱা অনুষ্কাই পৰীক্ষাটোৰ বাবে এদিনৰ সময় লৈছিল।৬ স্ক্ৰীন টেষ্ট সফল হোৱাত তেওঁই য়শ ৰাজ ফিল্মছৰ লগত তিনিখন ছবিৰ এটা চুক্তিত চুক্তিবদ্ধ হয় আৰু টনি শাহনী নামৰ সদ্যবিবাহিতা যুৱতীগৰাকীৰ চৰিত্ৰটো পায়।৮ ছবিখনে বাণিজ্যিকভাৱে সফল প্ৰমাণিত হয় আৰু বৰ্ষটোৰ দ্বিতীয় সৰ্বোচ্চ উপাৰ্জনকাৰীৰ তালিকাত স্থানাভূক্ত হয়।৯ ছবিখনৰ বাবে অনুষ্কাই ফিল্মফেয়াৰৰ পৰা 'শ্ৰেষ্ঠ অভিনেত্ৰী' আৰু 'শ্ৰেষ্ঠ নৱাগতা'ৰ শিতানত দুটাকৈ মনোনয়ন লাভ কৰে।১০
তথ্যসূত্ৰ
- ↑ (1 May 2013). Anushka Sharma celebrates 25th birthday in Goa. Hindustan Times
- ↑ Gupta, Priya (18 December 2012). There is no system in the film industry: Anushka. The Times of India
- ↑ Joshi, Sonali (8 April 2012). Anushka Sharma buys three flats worth Rs.10 crore in Mumbai's posh area. India Today
- ↑ Anushka Sharma: Lesser known facts. The Times of India
- ↑ (18 January 2012). Just how educated are bollywood heroines. Rediff.com
- ↑ (11 March 2015). 10 facts about Anushka Sharma you didn't know. The Express Tribune
- ↑ Anushka Sharma's Biography. Koimoi
- ↑ Mohamed, Khalid. (13 December 2008). Review: Rab ne Bana di Jodi. Hindustan Times
- ↑ Box Office 2008. Box Office India
- ↑ (16 February 2009). Nominations for the 54th Filmfare Awards. Radio Sargam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুষ্কা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৭৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।