অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ (Kolkata Knight Riders, সংক্ষেপে KKR) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতাক প্ৰতিনিধিত্ব কৰা এটা ক্ৰিকেট ফ্ৰেন্সাইজি। এই ফ্ৰেন্সাইজিৰ স্বত্বাধিকাৰী হ'ল বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট, অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ মেহতা গ্ৰুপ।

হালনাগাদ: ১৫ মে’ ২০২৫ ৫৭২ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কলকাতা নাইট ৰাইডাৰ্ছ (Kolkata Knight Riders, সংক্ষেপে KKR) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলিকতাক প্ৰতিনিধিত্ব কৰা এটা ক্ৰিকেট ফ্ৰেন্সাইজি। এই ফ্ৰেন্সাইজিৰ স্বত্বাধিকাৰী হ'ল বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট, অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ মেহতা গ্ৰুপ। গৌতম গম্ভীৰ বৰ্তমান এই দলৰ অধিনায়ক আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ট্ৰেভৰ বে'লিছ এই দলৰ প্ৰশিক্ষক। ৱাছিম আক্ৰাম দলটোৰ বলিং কনছালটেণ্ট আৰু মেণ্টৰ। সৌৰভ গাংগুলী প্ৰথম তিনিটা বৰ্ষৰ কাৰণে দলটোৰ আইকন খেলুৱৈ আছিল আৰু প্ৰথম আৰু তৃতীয় বৰ্ষত দলটোৰ নেতৃত্ব দিছিল। দ্বিতীয় বৰ্ষত নেতৃত্বৰ দায়িত্বত আছিল ব্ৰেণ্ডন মেককুলাম। ২০১২ চনত চেন্নাইত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত হৰুৱাই দলটোৱে প্ৰথমবাৰ আই পি এলৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।১ ২০১৪ চনত দ্বিতীয়বাৰৰ বাবে আই পি এল চেম্পিয়ন হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ২০২৪ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰিছিল।

দলটোৰ অফিচিয়েল থীমটো হ'ল কৰবো, লৰবো, জিতবো ৰে (কৰিম, যুঁজিম, জিকিম) আৰু অফিচিয়েল ৰং হ'ল পাৰ্প'ল আৰু সোণালী। ২০১১ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ ব্ৰাণ্ড মূল্য আছিল $৫৭.৫ নিযুত আৰু ই সকলো দলৰ ভিতৰত তৃতীয় স্থানত আছিল।২ চেলিব্ৰিটীৰ অধীনৰ দল হিচাপে দলটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা সত্বেও দলটোৱে ইতিমধ্যে বহু বিতৰ্কৰ সন্মুখীন সন্মুখীন হৈছে আৰু প্ৰথম তিনিটা বৰ্ষত দলটোৱে শোচনীয় প্ৰদৰ্শন আগবঢ়ায়।২ চতুৰ্থ বৰ্ষত অৱশ্যে দলটোৱে নিজৰ প্ৰদৰ্শন উন্নীত কৰি আই পি এল প্লে' অফ পৰ্যায় আৰু ২০১১ চেম্পিয়ন্‌ছ লীগ টুৱেণ্টি২০লৈ যোগ্যতা অৰ্জন কৰে। ২০১২ চনত তেওঁলোকে আই পি এলৰ বিজয়ীৰ সন্মান লাভ কৰে।১

দলটোৰ সৰ্বাধিক ৰাণ কৰোঁতা হ'ল গৌতম গম্ভীৰ,৩ আৰু সৰ্বাধিক ৱিকেট লওঁতা হ'ল লক্ষ্মীপতি বালাজি।৪ এছিয়াৰ বৃহত্তম ষ্টেডিয়ামবিলাকৰ মাজৰ এখন তথা ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়াম ইডেন গাৰ্ডেন ষ্টেডিয়াম, ছল্ট লে'ক ষ্টেডিয়াম আৰু ৰুংৰাডু মে' ডে' ষ্টেডিয়াম হৈছে দলটোৰ ঘৰুৱা খেলপথাৰ।৫

ফ্ৰেন্সাইজিৰ ইতিহাস

, জুহি চাওলা আৰু জয় মেহতা(বাওঁফালৰপৰা), ২০১২ চনত।]]

২০০৮ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ নামেৰে এখন টুৱেণ্টী২০ ক্ৰিকেট প্ৰতিযোগিতাৰ সৃষ্টি কৰে।৬ সেই বছৰৰে এপ্ৰিলৰপৰা জুনলৈকে চলা প্ৰাৰম্ভিক বৰ্ষৰ আই পি এলত আঠটা দলৰ অংশগ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। ২০ ফেব্ৰুৱাৰীত মুম্বাইত আঠখন ভিন্ন চহৰক প্ৰতিনিধিত্ব কৰা আঠটা দলৰ নিলাম অনুস্থিত হয়। বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্টে অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ লগ লাগি $৭৫.০৯ নিযুত (৩৫৭ কোটি) মূল্যত কলিকতাক প্ৰতিনিধিত্ব কৰিবলগা দলটো ক্ৰয় কৰে।৭ ভাৰতৰ জাতীয় দলৰ প্ৰাক্তন অধিনায়ক, পশ্চিমবংগ নিবাসী, দ্য বেংগল টাইগাৰ, দাদা, দ্য প্ৰিন্স অব কলকাতা আদি বিভিন্ন উপনামেৰে সন্মানিত সৌৰভ গাংগুলীক দলটোৰ আইকন খেলুৱৈ ঘোষণা কৰা হয়। তেওঁক দলটোৰ অধিনায়ক হিচাপেও মনোনীত কৰা হয়।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

২০০৮

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০০৮

প্ৰথম বৰ্ষৰ আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ আৰু ডেক্কান চাৰজাৰ্ছৰ বিৰুদ্ধে নিজৰ প্ৰথম দুইখন খেলতে বিজয় সাব্যস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছে সুন্দৰ আৰম্ভণি কৰে। উদ্বোধনী খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰাৰম্ভিক বেট্‌ছমেন ব্ৰেণ্ডন মেক্‌কুলামে ১৫৮ ৰাণৰ এটা ইনিংছ খেলে আৰু ইয়ে বৰ্তমানলৈ কোনো টুৱেণ্টি২০ খেলত কোনো বেট্‌ছমেনে সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ।৮ অৱশ্যে দলটোৱে ইয়াৰ পাছৰ চাৰিখন খেলত একেলেথাৰিয়ে পৰাজয়বৰণ কৰে। সৌৰভ গাংগুলী আৰু শ্বোৱেইব আখটাৰৰ সুন্দৰ প্ৰদৰ্শনেৰে দলটোৱে ইয়াৰ পাছৰ তিনিখন খেলত জয়লাভ কৰে যদিও দলটোৱে পুনৰ নিম্ন প্ৰদৰ্শন আগবঢ়াই তাৰ পিছৰ তিনিখন খেলত পৰাজিত হয়। ইয়াৰে এখন খেলত দলটো মুম্বাই ইণ্ডিয়ান্‌ছৰ বিৰুদ্ধে ৬৭ ৰাণত অল আউট হয় আৰু ২০০৮ বৰ্ষৰ আই পি এলৰ ই সৰ্বনিম্ন স্ক'ৰ। ৯ দিল্লী ডেৰডেভিল্‌ছৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে বাতিল হোৱাত দলটোৰ ছেমিফাইনেল খেলাৰ আশা নিৰ্বাপিত হয়।১০ নিজৰ অন্তিমখন খেলত দলটোৱে কিংছ XI পঞ্জাবৰ বিৰুদ্ধে জয়লাভ কৰে।

দল গঠন, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত গাংগুলীৱে টছত জিকি লোৱা বেটিঙৰ সিদ্ধান্ত, ইডেন গাৰ্ডেনত অনুস্থিত খেলসমূহত আমোদকৰ লগোৱা আদি ক্ষেত্ৰত দলটো বিতৰ্কৰ সন্মুখীন হয়।১১ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই শ্বাহৰুখ খানক খেল চলি থকা সময়ত দলটোৰ ড্ৰেছিং ৰুমত সোমোৱাত বাধা আৰোপ কৰে। তেওঁ পিছত এই বুলি বক্তব্য দিয়ে যে আই পি এলৰ বিষয়ববীয়াই আচৰণবিধিসমূহৰ স্পষ্টীকৰণ নকৰালৈকে তেওঁ আই পি এলৰ বাকী থকা খেলকেইখনত উপস্থিত নাথাকে।১২

এই বৰ্ষৰ আই পি এলত মুঠ ১৩ কোটি টকা লাভ কৰি কলকাতাই আৰ্থিকভাৱে সবাতোকৈ সফল আই পি এল ফ্ৰেন্সাইজি হিচাপে পৰিগণিত হয়।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ KKR beat CSK
  2. ↑ IPL victory puts KKR in the black
  3. ↑ Kolkata Knight Riders / Records / Twenty20 matches / Most runs. Stats. cricinfo.com
  4. ↑ Kolkata Knight Riders / Records / Twenty20 matches / Most wickets
  5. ↑ Rungrado May Day Stadium . worldstadiums.com (1 May 1989). Retrieved 4 September 2011
  6. ↑ Everything you wanted to know about the Indian Premier League. Cricinfo
  7. ↑ (9 February 2008). Shah Rukh Khan's Kolkata IPL team to be called Night Riders or Knight Riders. Cricinfo
  8. ↑ McCullum's record 158 leads rout. Cricinfo.com
  9. ↑ Mumbai Indians v Kolkata Knight Riders, IPL, Mumbai. Cricinfo.com
  10. ↑ (23 May 2008). All over for Knight Riders in 2008 – Post Kotla washout, even a win in last match won’t be enough. The Telegraph
  11. ↑ (21 May 2008). All is not well between SRK and Ganguly. The Economic Times
  12. ↑ (23 May 2008). SRK says he will boycott remaining matches of IPL. Ibnlive.com
  13. ↑ (30 April 2009). Shah Rukh plans to desert KKR for good. Zee News

সম্পৰ্কিত শ্ৰেণী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলকাতা নাইট ৰাইডাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৫০৮৬৩৮ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।