ফেন (Fan) হৈছে মনীষ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০১৬ চনৰ এখন হিন্দী ৰোমাঞ্চকৰ বোলছবি। শ্বাহৰুখ খান এই বোলছবিৰ মুখ্য অভিনেতা।১ এই ছবিৰ প্ৰযোজনা আদিত্য চোপ্ৰাৰ, য়শ ৰাজ ফিল্মছৰ বেনাৰত। এই ছবি এক অভিৰত অনুৰাগীৰ বিষয়ে, যি প্ৰায় তেওঁৰ দৰেই দৃশ্যমান এগৰাকী তাৰকাৰ অনুৰাগী।২ চাউণ্ডট্ৰেক আল্বাম আৰু অৰিজিনেল স্ক'ৰ ক্ৰমত বিশ্বাল-শ্বেখৰ আৰু এণ্ড্ৰিয়া গুৱেৰাৰ।৩ ছবিখনে ১৫ এপ্ৰিল ২০১৬ চনত মুক্তি লাভ কৰে।
চৰিত্ৰসমূহ
- আৰ্য়ন খান্না আৰু গৌৰৱ চন্দনাৰ চৰিত্ৰত শ্বাহৰুখ খান
- ৱালুচ্ছা ডে চুজাৰ৪৫ চৰিত্ৰত গৌৰী খান
- চান্যানী গুপ্তা, আৰ্য়ানৰ ব্যক্তিগত সহায়কৰ চৰিত্ৰত
- শ্ৰিয়া পিংগ'ৱানকাৰ নেহাৰ চৰিত্ৰত
- দীপিকা আমিন গৌৰৱৰ মাতৃৰ চৰিত্ৰত
- য়'গেন্দ্ৰ টিকু গৌৰৱৰ পিতৃৰ চৰিত্ৰত
- মেঘা গুপ্তা
- ইন্দ্ৰনীল ভট্টাচাৰ্য় আৰ্য়নৰ উকীলৰ চৰিত্ৰত
নিৰ্মাণ
বিকাশ
১৬ ডিচেম্বৰ ২০১৩ চনত যশ ৰাজ ফিল্মছে প্ৰকাশ কৰিলে যে তেওঁলোকে শ্বাহৰুখ খানক মুখ্য অভিনেতা হিচাপে লৈ, মনীষ শৰ্মাৰ পৰিচালনাত এখন ছবি নিৰ্মাণ কৰিব। ৬ ২৫ মাৰ্চ ২০১৪ চনত ঘোষণা কৰা হ'ল যে গ্ৰেগ কেনমে শ্বাহৰুখক চৰিত্ৰানুযায়ী সজাব। ৩ডি স্কেনিং কৰা হ'ল শ্বাহৰুখ খানৰ। বাতৰি পোৱা গ'ল যে শ্বাহৰুখে ১৭ বছৰীয়া ল'ৰাৰ অভিনয় কৰিব, পিচে শ্বাহৰুখ সেই বাতৰি অসত্য বুলি প্ৰকাশ কৰিলে।
চিত্ৰ গ্ৰহণ
জুলাই ২০১৪ চনত চিত্ৰ গ্ৰহণ মূল কাজ আৰম্ভ হয়। ছবিখন মুম্বাই, ক্ৰ'চিয়া, লণ্ডন আৰু দিল্লীত তোলা হ'ল।৭৮ এয়ে লণ্ডনৰ মেডেম টুচ'ত চিত্ৰিত প্ৰথম বোলছবি।৯ ৭ আগষ্ট ২০১৫ চনত ছবিখনৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰা হ'ল।১০১১
মুক্তি

ফেন ছবিখন ২০১৫ চনৰ আগ ভাগত মুক্ত হোৱাৰ কথা আছিল যদিও হেপ্পি নিউ য়েৰৰ শ্বুটিঙত খানে পোৱা আহাটৰ বাবে সেয়া নহ'ল। ২০১৫ চনৰ ১৪ আগষ্টলৰ দিন ধাৰ্য কৰা হ'ল। .২১২ পিচে জটিল দ্ৰৈশ্চিক প্ৰভাৱাদিৰ ব্যৱহাৰৰ বাবে সেই তাৰিখলৈকেও কাম সম্পূৰ্ণ নহ'ল। .১৩ অন্তত, ১৫ এপ্ৰিল ২০১৬ চনত এই ছবিয়ে মুক্তি লাভ কৰিলে। .১৪
বিপণন
২৩ অক্টোবৰ ২০১৫ চনত, নিজৰ প্ৰকাৰৰ প্ৰথম, শ্বাহৰুখৰ প্ৰকৃত অনুৰাগী বা 'ফেন'ৰ স্থিৰচিত্ৰৰ কলাজ সম্বলিত ল'গ' মুক্ত কৰা হয়। .১৫
বাহ্যিক সংযোগ
- Fan at Bollywood Hungama
তথ্যসূত্ৰ
- ↑ (26 January 2016). Fan15April. য়শ ৰাজ ফিল্মছ
- ↑ (25 March 2014). Shahrukh Khan begins work on "FAN". দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Kaushik, Tushar. (February 1, 2016). 'SRK Doesn't Sleep, He Works Non-Stop!'. The New Indian Express
- ↑ Meet Waluscha De Sousa, Shah Rukh Khan's new leading lady. hindustantimes.com
- ↑ Shah Rukh made me feel comfortable on ‘Fan’ set: Waluscha De Sousa. indianexpress.com/
- ↑ (16 December 2013). YRF’s next stars Shahrukh Khan in and as "FAN". য়শ ৰাজ ফিল্মছ
- ↑ (17 May 2014). Shah Rukh Khan relives his 'Fauji' days while shooting for upcoming film 'Fan'. Daily News and Analysis. Press Trust of India
- ↑ India. (2015-03-18). Shah Rukh Khan takes his movie ‘Fan’ to Croatia. The Indian Express
- ↑ (2015-04-02). Shah Rukh Khan Shoots Fan at Madame Tussauds. NDTVMovies.com
- ↑ (7 August 2015). Fan shooting wrapped up. Bollywood hungama
- ↑ (20 November 2015). Shah Rukh Khan didn't want 'Fan' journey to end. IANS. Times of India
- ↑ Shah Rukh Khan starrer Fan postponed owing to injury?. Daily Bhaskar
- ↑ (4 June 2015). Shah Rukh Khan's 'Fan' release pushed to 2016. Mid-day
- ↑ (9 July 2015). 2 POWERHOUSES. 1 SPECIAL TRIBUTE.. য়শ ৰাজ ফিল্মছ
- ↑ (23 October 2015). #FAN Power Unleashed Like Never Before!. য়শ ৰাজ ফিল্মছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেন (২০১৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮১৯৩৭ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।