ফিল্মফেয়াৰ (Filmfare) হ’ল হিন্দী চলচ্চিত্ৰৰ (সততে বলীউড হিচাপে পৰিচিত) বিষয়ে এখন ইংৰাজী ভাষাৰ, টেবলয়ড আকাৰৰ আলোচনী। এই আলোচনীখন দ্য টাইম গ্ৰুপৰ দ্বাৰা প্ৰকাশিত হয়। ফিল্মফেয়াৰ ভাৰতৰ এক জনপ্ৰিয় বিনোদনধৰ্মী আলোচনী।
আলোচনী
]]
ফিল্মফেয়াৰ ভাৰতৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ আলোচনী আৰু লগতে ইয়াৰ বঁটা সমূহো।
প্ৰথমতে ই দ্য টাইম গ্ৰুপৰ এটা অংশ আছিল যিয়ে দ্য টাইমছ অৱ ইণ্ডিয়া, দ্য ইকনমিক টাইমছ,নৱভাৰত টাইমছ আৰু মহাৰাষ্ট্ৰ টাইমছো প্ৰকাশ কৰিছিল। ২০০৫ চনত ফিল্মফেয়াৰ আৰু অন্য কিছুমান প্ৰকাশন, বিশেষকৈ ফেমিনা, এক সহায়ক গোটত ভাগ হৈ যায়। ইয়াৰ নতুন মালিকগোষ্ঠী, ৱৰ্ল্ডৱাইড মিডিয়া আছিল দ্য টাইমছ গ্ৰুপ আৰু বিবিচি মেগাজিনছৰ মাজত এক ৫০:৫০ ব্যৱসায়।
ফিল্মফেয়াৰে দুই ধৰণৰ চলচ্চিত্ৰ বঁটাৰ প্ৰৱৰ্তন কৰিছে: হিন্দী ভাষাৰ চলচ্চিত্ৰৰ বাবে “ফিল্মফেয়াৰ এৱাৰ্ডছ” আৰু কানাডা,মালায়ালম,তামিল আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰৰ বাবে “ফিল্মফেয়াৰ এৱাৰ্ডছ ছাউথ”।
নিয়মীয়া শিতান
]]
নয়ন হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বা-বাতৰি; অভিনেতা-অভিনেত্ৰী সকলৰ শেহতীয়া কাজিয়াৰ খবৰ; চেলিব্ৰেটী সম্পৰ্কীয় কথা-বতৰা আৰু উৰাবাতৰি বিগ টিকেট আহিবলগীয়া আৰু চলি থকা ছবি সম্বন্ধীয় আলোচনা। বহুতো চিত্ৰ সম্বলিত চুটি প্ৰবন্ধ। ফেশ্বন প্লে তাৰকা সকলৰ সাজ সজ্জা সম্বন্ধীয় কথা বতৰা। ফোটো শ্বুটছ এটা বিষয়ৰে সৈতে বিখ্যাত ফটোগ্ৰাফাৰ সকলৰ আলোকচিত্ৰ শৃংখলা। ফিউচাৰ ষ্টক কোন নতুন অভিনেতা,সংগীতগ্য বা নিৰ্দেশকে তাৰকাৰ মৰ্যাদা পাব সৈ সম্বন্ধে গুণা-গঁঠা। জেনেৰেশ্যন নেক্সট কম বয়সীয়া তাৰকা সমূহৰ বিষয়ে তথ্য -পাতি।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিল্মফেয়াৰ” প্ৰবন্ধৰ সংশোধন ৫২৮৯৪৯ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।