আলিয়া ভাট (Alia Bhatt; জন্ম: ১৫ মাৰ্চ ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। তেখেত ভাৰতৰ লগতে ব্ৰিটেইনৰ নাগৰিকত্বৰ অধিকাৰী। আলিয়াৰ সৰহভাগ কৰ্ম হিন্দী ছবি জগতত আবদ্ধ। ২০১৯ বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ ভিতৰত অন্যতম আলিয়াই এতিয়ালৈকে চাৰিটা ফিল্মফেয়াৰ বঁটাৰ লগতে অনেক বঁটা-সন্মান আৰু স্বীকৃতি অৰ্জন কৰিছে। ২০১৭ চনত ফৰ্বছ-এছিয়াই যুগুত কৰা 'ফৰ্বছ থাৰ্টি আণ্ডাৰ থাৰ্টি'ৰ তালিকাত আলিয়া অন্তৰ্ভুক্ত হৈছে। ইয়াৰ লগতে ফৰ্বছ-ইণ্ডিয়াৰৰ এশগৰাকী চেলেব্ৰিটিৰ তালিকাতো আলিয়াৰ নাম সংযোজিত হৈছে।
বলিউডৰ খ্যাত ভাট পৰিয়ালত জন্মগ্ৰহণ কৰা আলিয়াই ছবিনিৰ্মাতা মহেশ ভাট আৰু অভিনেত্ৰী ছনি ৰাজদানৰ জীয়ৰী। ১৯৮৯ চনৰ থ্ৰিলাৰধৰ্মী ছবি 'সংঘৰ্ষ'ত প্ৰথমবাৰৰ বাবে আলিয়াই শিশু শিল্পী ৰূপে ভূমুকি মাৰে। কৰণ জোহৰৰ কিশোৰ-ড্ৰামা 'ষ্টুডেণ্ট অৱ দ্য ইয়েৰ' (২০১২) আছিল আলিয়াই শীৰ্ষ চৰিত্ৰত অভিনয় কৰা প্ৰথমখন ছবি। পৰৱৰ্তী পৰ্যায়ত আলিয়াই ধৰ্মা প্ৰযোজনা গোষ্ঠীৰ উদ্যোগত নিৰ্মিত হোৱা বহুকেইখন ছবি যেনে, 'টু ষ্টেটছ্' (২০১৪), 'হাম্পটি শৰ্মা কি দুলহনীয়া'(২০১৪), 'বদ্ৰীনাথ কি দুলহনীয়া'(২০১৭), 'ডিয়েৰ জিন্দেগী'(২০১৬)ত অভিনয় কৰে। ২০১৪ চনৰ অপহৰণমূলক ড্ৰামা ছবি 'হাইৱে'ৰ বাবে ফিল্মফেয়াৰৰ পৰা সমালোচনাৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। ইয়াৰ লগতে 'উড়তা পঞ্জাব', 'ৰাজী', 'গালী বয়'ৰ বাবে অইন তিনিটা ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
ছবিত অভিনয় কৰাৰ উপৰি, আলিয়া ভাটৰ বস্ত্ৰ আৰু হাতমোনাৰ নিজস্ব ব্যৱসায় আছে। সমান্তৰালভাৱে আলিয়াৰ 'CoExist' নামৰ পাৰিপাৰ্শ্বিক উদ্যোগ এটাৰো প্ৰতিষ্ঠাতা। ২০১৭ চনত প্ৰতিষ্ঠিত হোৱা এইটো অনুষ্ঠানে ৰাস্তাত থকা জন্তুৰ কল্যাণৰ হকে কাম কৰি আহিছে।১ ২০১৪ চনত কণ্ঠদান কৰা 'ছমজাৱা'কে ধৰি আলিয়াই এতিয়ালৈকে ছটাকৈ ছবিৰ গীতত কণ্ঠ নিগৰাইছে।২
প্ৰাৰম্ভিক জীৱন
লগতে চাওক: ভট্ট পৰিয়াল
১৯৯৩ চনৰ ১৫ মাৰ্চত আলিয়া ভাটৰ জন্ম হৈছিল।৩৪ জন্মস্থান আছিল বোম্বাই। পিতৃ আছিল বলিউডৰ যশস্বী ছবি-নিৰ্মাতা মহেশ ভাট আৰু মাতৃ আছিল অভিনেত্ৰী ছনি ৰাজদান। পিতৃ হৈছে গুজৰাটী জাত্যাংশৰ আৰু৫৬ আৰু মাতৃ হৈছে কাশ্মিৰী পণ্ডিত আৰু জাৰ্মান বংশদ্ভূত।৭৮৯১০ আলিয়াই ব্ৰিটেইনৰো নাগৰিকত্ব অৰ্জন কৰিছে। আলিয়াৰ জ্যেষ্ঠ ভগ্নীৰ নাম হৈছে শ্বাহীন।১১ আনহাতে পূজা ভাট আৰু ৰাহুল ভাট হৈছে আলিয়াৰ অৰ্ধ ভাই-ভগ্নী। অভিনেতা ইমৰাণ হাছমী আৰু পৰিচালক মোহিত ছুৰী হৈছে আলিয়াৰ পিতৃসম্বন্ধীয়। পৰিচালক মুকেশ ভাট হৈছে আলিয়াৰ খুড়ায়েক।১২ আলিয়াই যমনাবাই নাৰ্ছি স্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰে।১৩
তেনেই কম বয়সতে আলিয়াৰ মনত অভিনেত্ৰী হোৱাৰ বাসনা জাগ্ৰত হৈছিল। কিণ্ডাৰগাৰ্টেনত পঢ়ি থকাৰ সময়ত এটা কোৰাছত অভ্যাস কৰি থকাৰ সময়তে আলিয়াৰ প্ৰথমটো উপলব্ধি হৈছিল।১৪১৫ পৰৱৰ্তী কালত শ্যামক দাৱৰৰ নৃত্য প্ৰতিষ্ঠানত আলিয়াই নৃত্য-শিক্ষা ল'বলৈ আৰম্ভ কৰিছিল।১৪১৯৯৯ চনত পিতৃৰ দ্বাৰা পৰিচালিত ছবি 'সংঘৰ্ষ'ত মাত্ৰ পাঁচ বছৰ বয়সীয়া আলিয়াই এটি শিশুৰ চৰিত্ৰত অভিনয় কৰে। তেখেতে প্ৰীতি জিণ্টাৰ শৈশৱৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।১৬ নিজৰ অভিজ্ঞতাৰ বিষয়ে ক'বলৈ গৈ আলিয়াই মন্তব্য কৰে যে, “I don’t remember much of the shoot. I would go to the sets only for the food.”১৪
২০১২ চনত নিৰ্মিত হোৱা কৰণ জোহৰৰ ছবি 'ষ্টুডেণ্ট অৱ দ্য ইয়েৰ' আছিল আলিয়াৰ প্ৰথমখন ছবি। ছবিখনত আলিয়াই সিদ্ধাৰ্থ মলহোত্ৰা আৰু বৰুণ ধাৱানৰ সৈতে অভিনয় কৰিছিল।১৭ ছবিখনৰ বাবে ৫০০ গৰাকী ছোৱালীৰ সৈতে আলিয়াই অডিশ্যন দিছিল আৰু ১৬ কেজি ওজন কমোৱাৰ পাছত আলিয়াক চৰিত্ৰটোৰ বাব নিৰ্বাচিত কৰা হয়।১৫
তথ্যসূত্ৰ
- ↑ (25 July 2017). Alia Bhatt champions the welfare of street cats and dogs. The Times Of India
- ↑ (7 July 2014). Samjhawan (Unplugged by Alia Bhatt) (From "Humpty Sharma Ki Dulhania") - Single. iTunes (Apple Inc.)
- ↑ Sharma, Sarika. (15 March 2014). Alia Bhatt celebrates birthday shooting for 'Humpty Sharma Ki Dulhania'. The Indian Express
- ↑ Saxena, Kashika. (11 October 2013). I am sometimes retarded, sometimes composed: Alia Bhatt. The Times of India
- ↑ Gupta, Priya. (14 January 2013). I have great reverence for women: Mahesh Bhatt. The Times of India
- ↑ Varma, Lipika (13 April 2014). (13 April 2014). State of affairs: Arjun Kapoor and Alia Bhatt. Deccan Chronicle
- ↑ (23 November 2013). @PoojaB1972 @MaheshNBhatt @AdrianMLevy I'm half Kashmiri Pandit and Half German.also an atheist and have not imposed any faith on my kids
- ↑ Shedde, Meenakshi. (17 February 2014). Berlin diary: Alia Bhatt's family connection to the German city. Firstpost
- ↑ Dubey, Bharati (12 February 2014). (12 February 2014). Alia Bhatt's German roots. Mid-Day
- ↑ Dutta, Pradeep (30 January 2001). I'll voice the worries of Kashmiri Pandits'. Indian Express
- ↑ Sharma, Neha (2 May 2010). Another Bhatt on the block. Hindustan Times
- ↑ Anubha Sawhney. (18 January 2003). The Saraansh of Mahesh Bhatt's life. The Times of India
- ↑ Alia bhatt lesser Known facts. The Times of India
- ↑ Upadhyay, Karishma. (18 December 2014). Alia Bhatt: The little old star. Forbes
- ↑ Khilnani, Rohit. (17 September 2012). Alia Bhatt's silver screen debut. Rediff.com
- ↑ Joshi, Sonali; Varma, Lipika. (28 May 2012). Alia Bhatt's silver screen debut. India Today
- ↑ (31 December 2010). The new stars of Bollywood. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলিয়া ভাট” প্ৰবন্ধৰ সংশোধন ৬০৩১৮১ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।