প্ৰস্তুতি পৰাশৰ (Prastuti Porasor) অসমৰ চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী১ তেওঁ অসমীয়া ভাষাৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে।২
২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০০৮-০৯ বৰ্ষত মুনলাইট এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈও তেওঁ মনোনীত হৈছিল।
জন্ম আৰু শিক্ষা
প্ৰস্তুতি পৰাশৰৰ জন্ম হয় যোৰহাটৰ মালৌ আলিত।৩ পিতৃৰ নাম বিজয় চন্দ্ৰ শৰ্মা।৩ তেওঁ স্কুলীয়া শিক্ষা যোৰহাট বাল্য ভৱনত গ্ৰহণ কৰিছিল। তাৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।৩
অভিনয় জীৱন
প্ৰায় পাঁচ বছৰ বয়সতে বৰ্ণালী নামৰ দূৰদৰ্শনৰ ছিৰিয়েল এখনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।৪ প্ৰস্তুতি পৰাশৰে অভিনয় কৰা প্ৰথম বোলছবি খনৰ নাম হৈছে মহাৰথী।
বঁটা আৰু সন্মান
- ২০০১-০২ বৰ্ষত গুণ গুণ গানে গানেৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
- ২০০৮-০৯ বৰ্ষৰ মুনলাইট এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈ মনোনয়ন লাভ কৰিছিল।৫
চলচ্চিত্ৰপঞ্জী
বোলছবি
| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক |
|---|---|---|
| ১৯৯৯ | মহাৰথী | বাণী দাস |
| ২০০০ | তুমি মোৰ মাথোঁ মোৰ | জুবিন গাৰ্গ |
| ২০০০ | আছেনে কোনোবা হিয়াত | বাহাৰুল ইছলাম |
| ২০০১ | এই মৰম তোমাৰ বাবে | তৌফিক ৰহমান |
| ২০০২ | গুণ গুণ গানে গানে | বিদ্যুৎ চক্ৰৱৰ্তী |
| ২০০২ | প্ৰিয়া অ’ প্ৰিয়া | অঞ্জন কলিতা |
| ২০০২ | জখম | মুন্না আহমেদ |
| ২০০২ | প্ৰেম আৰু প্ৰেম | শম্ভু গুপ্তা |
| ২০০২ | জীৱন নদীৰ দুটি পাৰ | মুন্না আহমেদ |
| ২০০৩ | এয়াই জোনাকবিহীন জীৱন | মুন্না আহমেদ |
| ২০০৩ | জুমন সুমন | মহিবুল হক |
| ২০০৪ | হৃদয় কঁপোৱা গান | জয়ন্ত নাথ |
| ২০০৪ | বাৰুদ | মুনিন বৰুৱা |
| ২০০৪ | ৰং | মুনিন বৰুৱা |
| ২০০৪ | দীনবন্ধু | মুনিন বৰুৱা |
| ২০০৫ | চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ) | চন্দ্ৰ মুদৈ |
| ২০১১ | ৰামধেনু | মুনিন বৰুৱা |
| ২০১২ | মী এণ্ড মাই ছিষ্টাৰ | ৰাজেশ ভূঞা |
| ২০১৫ | অহেতুক | বাণী দাস |
| ২০১৫ | তেজ৬ | ভাস্কৰ উপাধ্যায় |
| ২০১৬ | দূৰদৰ্শন এটি যন্ত্ৰ | ৰাজেশ ভূঞা |
| ২০১৬ | পাগলী | ৰূপজ্যোতি বৰা |
| ২০১৭ | মৃগনাভি | হেমেন দাস |
| ২০২২ | গংগা | মণি সিনহা |
| ২০২৪ | প্ৰতিশ্ৰুতি | কিশোৰ তহবিলদাৰ |
দূৰদৰ্শন
প্ৰস্তুতি পৰাশৰে দূৰদৰ্শনৰ কেইবাখনো ছিৰিয়েলটো অভিনয় কৰিছে।৪
- বৰ্ণালী
- নিশাৰ নায়ক
- চক্ৰবেহু
- মহানগৰ
- মেজৰ চাহাব
- জোনাকত শিহৰণ
- বিন্দাছ
নাটক
প্ৰস্তুতি পৰাশৰে প্ৰায় ৩০-৩৫খন মান নাটকত অভিনয় কৰিছে।৪ ইয়াৰ উপৰিও তেওঁ ভ্ৰাম্যমাণ জগতৰ এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী। তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাটক হৈছে: ৰূপালীম, নিমাতী কইনা, আশংকাৰ দিন ৰাতি, সপোনৰ বৃন্দাবন, অষ্টৰাগ ইত্যাদি।৪
বাহ্যিক সংযোগ
- ৰূপালী পৰ্দাত প্ৰস্তুতি পৰাশৰৰ বিষয়ে
- প্ৰস্তুতি পৰাশৰৰ সম্পৰ্কীয় তথ্য আৰু ভিডিঅ’ আদি digplanet.com’ত
তথ্যসূত্ৰ
- ↑ Pre-Christmas cake festival under way. দ্য আছাম ট্ৰিবিউন
- ↑ (১ আগষ্ট, ২০১৮). সাক্ষাৎকাৰ: ‘মহাৰাণী’খ্যাত বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সৈতে এক অন্তৰংগ আলাপ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ প্ৰস্তুতি পৰাশৰৰ বিষয়ে
- ↑ প্ৰস্তুতি পৰাশৰৰ চলচ্চিত্ৰপঞ্জী
- ↑ Moonlight awards. দ্য আছাম ট্ৰিবিউন
- ↑ (16 September 2016). Assamese film Tez to be screened at Cannes. assamtribune.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰস্তুতি পৰাশৰ” প্ৰবন্ধৰ সংশোধন ৫২৫৬৪১ (২০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।