তুমি মোৰ মাথোঁ মোৰ হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমৰ চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু এন. কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি। জুবিন গাৰ্গ আৰু জেৰিফা ৱাহিদে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাই এই চলচ্চিত্ৰখনত ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। ১
অভিনয়ত
- জুবিন গাৰ্গ
- জেৰিফা ৱাহিদ
- যতীন বৰা
- প্ৰস্তুতি পৰাশৰ
- নিপন গোস্বামী
- মৃদুলা বৰুৱা
- নিলয় গুপ্ত
- জংকী বৰঠাকুৰ
- পাৰ্থ গোস্বামী
- হিৰণ্য ডেকা
- পবিত্ৰ মাৰ্ঘেৰিটা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। এটি 'থীম' সংগীতেৰে সৈতে এলবামটিত মুঠ ১০টি গীত আছে। আটাইকেইটি গীতেই এতিয়াও জনপ্ৰিয়।
টোকাসমূহ
- ট্ৰেক ১০ হৈছে এটা বোনাচ ট্ৰেক আৰু ছবিখনত প্ৰদৰ্শিত হোৱা নাছিল কিন্তু হিয়া দিয়া নিয়া চলচ্চিত্ৰৰ পৰা লোৱা হৈছিল।
- ট্ৰেক ১১ হৈছে এটা 'লুকাই থকা ট্ৰেক আৰু ইয়াক চিডি আৰু কেছেট ট্ৰেকলিষ্টত তালিকাভুক্ত কৰা হোৱা নাই।
তথ্যসূত্ৰ
- ↑ (2015-04-03). Tumi Mur Mathu Mur – Full Assamese Movie. Magicalassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুমি মোৰ মাথোঁ মোৰ” প্ৰবন্ধৰ সংশোধন ৫৪৪৯৮৪ (২৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।