মালৌ আলি (Malow ali) হৈছে অসমৰ যোৰহাট জিলাৰ এটা পথ। এই পথটো ১৭৯৫-১৮১৮ চনত আহোম স্বৰ্গদেউ চুক্লিংফাই নিৰ্মাণ কৰাইছিল। এই পথটোৱে জিলাখনৰ পশ্চিমৰ বহুতো গাঁৱক যোৰহাট নগৰৰ লগত সংযোগ কৰিছে।
নামৰ উৎপত্তি
মালৌ আলি নামটো মণিপুৰী শব্দ মঙ্গলুৰ পৰা উৎপত্তি হৈছে। এজন আহোম ৰজাই এগৰাকী মণিপুৰৰ ৰাজকুমাৰী বিয়া কৰাইছিল। সেই ৰাজকুমাৰীৰ লগত বহুতো মণিপুৰী লোক যোৰহাটলৈ আহিছিল। তেওঁলোকক মালৌ নামৰ ঠাইত থকাৰ সুবিধা কৰি দিয়া হৈছিল।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালৌ আলি” প্ৰবন্ধৰ সংশোধন ১৭৫০৩৮ (১৪ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।