দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয়, গোপাল জালান প্ৰযোজিত এখন অসমৰ চলচ্চিত্ৰ। ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত বহুপঠিত "যৌতুক" নামৰ গল্প আৰু পিছলৈ আৱাহন থিয়েটাৰৰ বাবে লিখা "দীনবন্ধু" নাটকৰ ওপৰত ভিত্তি কৰি এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।১ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পীসকল আছিল তপন দাস, অৰুণ নাথ, প্ৰস্তুতি পৰাশৰ, গায়ত্ৰী মহন্ত, নিশিতা গোস্বামী আৰু জুবিন গাৰ্গ। ভাল ব্যৱসায় কৰাৰ উপৰিও ছবিখনে ২০০৪ চনৰ "অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা" (ৰজত কমল) লাভ কৰে২।
কাহিনীৰ সাৰাংশ
ছবিখনত তপন দাস এজন নিম্ন মধ্যবিত্ত শ্ৰেণীৰ চাকৰিয়াল "দীনবন্ধু"। কামত উপঢৌকন নোলোৱাৰ বাবে তেওঁৰ আয়ো সীমিত, কিন্তু তেওঁ সেইখিনিকে পৰিয়ালৰ সুখৰ বাবে খৰচ কৰিবলৈ বিচাৰে। অৰুণ নাথ তেওঁৰ বন্ধু। নিজৰ বিয়াৰ ক্ষেত্ৰত বাধ্যত পৰি তপন দাসে আয়তকৈ অধিক টকা খৰচ কৰি বিয়াখন ধুমধামেৰে পাতে। পিছলৈ পত্নী প্ৰস্তুতি পৰাশৰ নৰিয়াত পৰোঁতে টকা আৰু ভাল চিকিৎসাৰ অভাৱত মৃত্যু ঘটে। তপন দাসে বাধ্যত পৰি খৰচৰ জোৰা মাৰিবলৈ ব্যক্তিগত টিউচনো কৰিবলগীয়া হয়।
লাহে লাহে তেওঁৰ জীয়েকহঁতৰো বিয়াৰ বয়স হয়। শহুৰৰ ঘৰৰ দাবী মানি লৈ তেওঁ ডাঙৰ জী (গায়ত্ৰী মহন্ত)ৰ বিয়া ধুমাধামেৰে পাতে। কিন্তু সৰু জীয়েক (নিশিতা গোস্বামী)ৰ বিয়াৰ বাবে তেওঁৰ হাতত অলপো টকা নোহোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়। তেতিয়া তেওঁ কিদৰে জীৱনৰ আৰম্ভণিৰ পৰা ঘটনাসমূহ বৰ্ণাই কিদৰে নিজৰ আৰু বৰ জীয়েকৰ বিয়াই তেওঁৰ অৰ্থনৈতিক ভেঁটি থানবান কৰিলে সেই বিষয়ে এটা কাহিনী লিখে। সৰু জীয়েক নিশিতা গোস্বামীৰ বিয়াখন ভালকৈ পাতিব নোৱাৰাৰ আত্মগ্লানিত ভুগি তেওঁ পৰোক্ষভাৱে তাইক প্ৰেমিক বিপুল (জুবিন গাৰ্গ)ৰ লগত পলাই যাবলৈ উপদেশ দিয়ে। সকলোবোৰ বুজি তায়ো সেইমতেই ঘৰ এৰি যায়গৈ৩।
অভিনয় শিল্পী
সংগীত
ছবিখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতৰ কথা ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ আৰু সুৰ জুবিন গাৰ্গৰ। কণ্ঠ নিগৰাইছিল অনিন্দিতা পাল আৰু জুবিন গাৰ্গে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনবন্ধু (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৪৪৯৮২ (২৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।