অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাহাৰুল ইছলাম

বাহাৰুল ইছলাম (Baharul Islam) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু নাট পৰিচালক। বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

বাহাৰুল ইছলাম (Baharul Islam) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু নাট পৰিচালক। বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), হিন্দী ভাষা আৰু ইংৰাজী ভাষা ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে। চিগাল থিয়েটাৰ গোটৰ প্ৰতিষ্ঠাপক আৰু ইয়াৰ সৈতে বাহাৰুল ইছলাম জন্মলগ্নৰে পৰা ওতপ্ৰোতভাৱে জড়িত হৈ আছে, চিগাল থিয়েটাৰৰ বাবে তেখেতে ৩০খন বেছি নাটক ৰচনা কৰিছে।১ তেখেত বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাধাৰণ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে নতুন দিল্লীত অৱস্থিত সংগীত নাটক একাডেমী, থিয়েটাৰ উপদেষ্টা কমিটিৰ এজন সদস্য। ইছলামে বহুকেইখন নাটকৰ লগতে অনান্য কেইখনমান কিতাপও লিখি উলিয়াইছে। তেখেতে পৰিচালনা কৰা নাটকসমূহত প্ৰায়ে নিজেই সংগীত পৰিচালনা কৰে।

চমু জীৱনী

বাহাৰুল ইছলামৰ জন্ম ১৯৬৩ চনৰ ১০ অক্টোবৰ তাৰিখে ৰংজুলীত। পিতৃ আব্দুছ ছামাদ আৰু মাতৃ আজিজা খাতুন। দেউতাকৰ কৰ্মসূত্ৰে বাহাৰুল ইছলামে ৰংজুলীৰপৰা আহি লক্ষীপুৰত ক-মান শ্ৰেণীত নাম ভৰ্তি কৰে যদিও পাছত গুৱাহাটীত বাহাৰুল ইছলামৰ শিক্ষা জীৱন অতিবাহিত হয়। গুৱাহাটীৰ ভাস্কৰ বিদ্যাপীঠত শিক্ষাগ্ৰহণ কৰা বাহাৰুল ইছলামে ১৯৮৬ চনত আৰ্য বিদ্যাপীঠ কলেজৰপৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।২

১৯৮৭ চনত বাহাৰুল নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ হয়, আৰু ১৯৯০ চনত অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছতে তেখেত অসমলৈ উভতি আহে সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হয়। নাট্য বিদ্যালয়ত পঢ়ি থকা সময়তে কৰ্ণাটকৰ ভাগীৰথী-ৰ লগত বাহাৰুল ইছলামৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে, আৰু ১৯৯২ চনত দুয়ো বিবাহ পাশত আৱদ্ধ হয়। ভাগীৰথীও নাট্য আৰু সাংস্কৃতিক জগতখনত সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে।

বাহাৰুল ইছলামৰ প্ৰথম অভিনয় আছিল ১৯৭৮-৭৯ চনত জু-ৰোডৰ সৰ্বজনীন দুৰ্গা পূজা মণ্ডপত ক্ষীৰোদ চৌধুৰীৰ দ্বাৰা পৰিচালিত 'পানীমলাৰ বিয়া' নাটকত। সেই সময়ত তেওঁ আছিল অষ্টম শ্ৰেণীত ছাত্ৰ। ইয়াৰ পাছত নাট্যকাৰ কৰুণা ডেকাৰ তত্ত্বাৱধানত বাহাৰুল ইছলামৰ অভিনয় জীৱন প্ৰতিপালন হয়। সেই সময়ত প্ৰতিষ্ঠা হোৱা 'জ্যোতিৰূপা'-ৰ 'অপকেনদ্‌ৰীক' নাটকত কৰা অভিনয়ৰ যোগেদি বাহাৰুল ইছলামৰ নিয়মীয়া অভিনয় জীৱন আৰম্ভ হয়। বাহাৰুল ইছলামে পৰিচালনা কৰা প্ৰথমখন নাটক আছিল অমূল্য কাকতিৰ 'অংকুৰ'।২

অভিনীত অসমীয়া চলচ্চিত্ৰ

ছবি পৰিচালনা

  • আছেনে কোনোবা হিয়াত
  • ৰ'দৰ চিঠি
  • দ্যা ঢুলীয়া, পাপেট থিয়েটাৰ ইন আছাম (তথ্য চিত্ৰ, ১৯৯৮)
  • লোকসংস্কৃতি (তথ্যচিত্ৰ, ২০০৫)
  • ৰাণী গাইডালু (চুটি ছবি, ১৯৯৭)

প্ৰকাশিত কিতাপ

  • একান্ত মনেৰে
  • সীমাৰ সীপাৰে
  • বিয়ণ্ড দা অব্‌ভিয়াছ
  • খিৰিকী খুলিয়েই
  • কিছু কথা কিছু নাটক (২০১২)

পুৰস্কাৰ

  • বাদল সৰকাৰ ৰং ৰতন বঁটা, বিহাৰ চৰকাৰ, ২০১৫ (অসমীয়া থিয়েটাৰত নিজৰ অভিনৱ মৌলিক কৰ্মৰে ভাৰতীয় থিয়েটাৰ জগতলৈ যোগোৱা অৱদানৰ বাবে। )৩
  • বিষ্ণু বসু স্মৃতি সন্মান, ব্ৰাট্যাজন থিয়েটাৰ, ২০১২, কলিকতা।
  • নাট্যপ্ৰবৰ বঁটা ২০১১, শাৰদাকান্ত বৰদলৈ স্মৃতি কমিটি, নগাঁও।
  • মনোহৰ সিং স্মৃতি পুৰস্কাৰ ২০০৫, এন এচ ডি, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰ।
  • সংস্কৃতি সন্মান, একা এবং কয়েকজন প্ৰকাশণ, গুৱাহাটী।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ sangeetnatak.org/RabindraPranati2011/bahurul-isl
  2. ↑ প্ৰমোদ শৰ্মা, মাণিক ৰায়; পানীমলাৰ বিয়াৰ পৰা ৰ'দৰ চিঠিলৈ বাহাৰুল ইছলাম; বহুমুখ, আমাৰ অসম, ২৮ আগষ্ট, ২০১৩
  3. ↑ (২৬ জানুৱাৰী ২০১৫). Bihar Govt award for Baharul Islam. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতাঅসমৰ ব্যক্তিঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া চলচ্চিত্ৰৰ অভিনেতাৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহাৰুল ইছলাম” প্ৰবন্ধৰ সংশোধন ৫৩৩২২৯ (১৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।