জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক১। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি২ নামৰ দুখন বোলছবিও পৰিচালনা কৰে।৩৪৫৬৭
জন্ম আৰু বংশ পৰিচয়
১৯৬৪ চনৰ ২০ মে' তাৰিখে অসমৰ গোঁসাইগাঁৱত জয়ন্ত নাথৰ জন্ম হয়। জয়ন্ত নাথৰ পিতৃৰ নাম আছিল হেমকান্ত নাথ আৰু মাতৃৰ নাম আছিল হেমপ্ৰভা নাথ। দেউতাকৰ চাকৰিসূত্ৰে সঘনাই অসমৰ বিভিন্ন ঠাইত তেওঁলোক থাকিবলগীয়া হৈছিল। শেষত অসমৰ যোৰহাটত তেওঁলোক নিগাজীকৈ থাকিবলৈ লয় আৰু তাৰ পৰাই শিক্ষাজীৱন আৰম্ভ কৰে।৬
শিক্ষা
যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জয়ন্ত নাথে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। পিছলৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৬
ব্যক্তিগত জীৱন
১৯৯৮ চনৰ ১৮ জুন তাৰিখে শিৱসাগৰৰ জুৰি ৰাণী নাথৰ লগত জয়ন্ত নাথ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ দুই পুত্ৰৰ নাম হ'ল ক্ৰমে আকাশজ্যোতি নাথ আৰু অয়নজ্যোতি নাথ। ২০০৪ চনত তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰে আৰু ২০০৪ চনৰে ২৪ নৱেম্বৰত বৃক্ক সংৰোপণৰ জৰিয়তে তেওঁ আৰোগ্য হয়।৬
সংগীত
জয়ন্ত নাথে শৈশৱৰে পৰাই সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। ১৯৭৩ চনত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত যোৰহাটৰ বাহনাত অনুষ্ঠিত মইনা পাৰিজাতত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ স্বীকৃতি লাভ কৰে। "আকৌ যদি যাব লাগে শৰাইঘাটলৈ" নগেন বৰা ৰচিত, মৃদুল ভূঞাৰ সুৰাৰোপিত তথা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই কণ্ঠদান কৰা ১৯৮৫ চনৰ সেই যাউতিযুগীয়া গীতটো জয়ন্ত নাথৰ পৰিচালিত শ্ৰব্য কেছেট ‘শৰাইঘাটৰে। তদুপৰি "বুকু ভৰি", ‘আই মোৰ অসমী", "শিল্পী তুমি", "হাঁহিৰে চকুলো ঢাকি" ইত্যাদি তেওঁৰ জনপ্ৰিয় গীত। ভূপেন হাজৰিকা, আশা ভোশলে, কুমাৰ চানু, চনু নিগম, বিনোদ ৰাথোড়, অভিজিত, মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ, পুলক বেনাৰ্জী, ৰিদীপ দত্ত, শান্তা উজীৰ আদিৰ দৰে জনপ্ৰিয় গায়কৰ লগতো তেওঁ বিভিন্ন কেচেটত সংগীত পৰিচালনা কৰিছে। বিভিন্ন বোলছবিত সংগীত পৰিচালনা কৰাৰ উপৰিও বহুতো ভি চি ডি ছবিতো তেওঁ সংগীত পৰিচালনা কৰে। ড॰ ভূপেন হাজৰিকাৰ প্ৰথম গীত "কুসুম্বৰ পুত্ৰ"ৰ বাণীবন্ধনো তেওঁ সম্পন্ন কৰে।৮ ২০১৮ চনত টেলিস্ক'প ৰেকৰ্ডছে জয়ন্ত নাথৰ গীতসমূহ ডিজিটেল মাধ্যমত প্ৰকাশৰ দায়িত্ব লয় আৰু এলবাম আকাৰে প্ৰকাশ কৰে।৬
| বৰ্ষ | এলবাম | গান | দৈৰ্ঘ্য |
|---|---|---|---|
| ২০১৮ | বেষ্ট অৱ জয়ন্ত নাথ৯ | হাঁহিৰে চকুলো ঢাকি | ৩:৫৯ |
| পলাশ বনত | ৫:০৭ | ||
| যদি মোৰ গানৰ সুৰে | ৫:০৩ | ||
| আই মোৰ অসমী | ৫:১৭ | ||
| সুধা কণ্ঠ | ৫:৪৯ | ||
| ঘন ঘোৰ | ৫:৩৫ | ||
| জনতাৰ | ৪:২৫ | ||
| মোৰ ই কণ্ঠ | ৪:৩৬ | ||
| পালেহি | ৪:২২ | ||
| মোৰ জীৱনেৰে | ৪:১৭ | ||
| ২০১৯ | বুকু ভৰি১০ | বুকু ভৰি | ৩:৫৬ |
| অজানিতে মোক | ৪:১১ | ||
| জীৱন ভৰা | ৫:১৬ | ||
| প্ৰেম | ৫:৩৮ | ||
| তোমাৰ মৰমেৰে | ৪:৩৩ | ||
| মোৰ প্ৰেম | ৫:০ |
বোলছবি
প্ৰখ্য়াত চলচ্চিত্ৰ নিৰ্মাতা দাৰা আহমেদৰ তত্ত্বাৱধানত তেওঁ বোলছবিত কাম কৰিবলৈ অৰম্ভ কৰে। সহ-পৰিচালক হিচাপে ১২খন আৰু সংগীত পৰিচালক হিচাপে ৩খন অসমীয়া বোলছবিত তেওঁ কাম কৰে।৬
| বৰ্ষ | বোলছবি | ভূমিকা |
|---|---|---|
| ১৯৮৯ | ধ্ৰুৱতৰা | নেপথ্য গায়ক |
| ১৯৯০ | অগ্নিগড় | নেপথ্য গায়ক |
| ১৯৮৭ | প্ৰতিদান | সহ - পৰিচালক |
| ১৯৮৯ | বৰদৈচিলা | সহ - পৰিচালক |
| ১৯৯১ | যখিনী | সহ - পৰিচালক |
| ১৯৯৩ | ৰিস্কাৱালা১১ | সহ - পৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক |
| ১৯৯৫ | উৰ্বশী | সহ - পৰিচালক, নেপথ্য গায়ক |
| ১৯৮৮ | সংঘাত | সহ - পৰিচালক |
| ১৯৯৫ | দিল কে দাগ (অসম্পূৰ্ণ) | সংগীত পৰিচালক, নেপথ্য গায়ক |
| ২০০৪ | হৃদয় কঁপোৱা গান১২ | পৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক |
| ২০১৩ | কৰমা কে ৰাতি১৩ | পৰিচালক, সংগীত পৰিচালক, নেপথ্য গায়ক |
বঁটা
- সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা১৪
বাহ্যিক সংযোগ
- জয়ন্ত নাথৰ ফেচবুক পৃষ্ঠা
- জয়ন্ত নাথৰ টুইটাৰ একাউণ্ট
- জয়ন্ত নাথৰ ইনষ্টাগ্ৰাম একাউণ্ট
- জয়ন্ত নাথৰ ইউটিউব
তথ্যসূত্ৰ
- ↑ Sabha corrects state song. Telegraph India
- ↑ Bihu attraction social message on celluloid karma ke rati a film on tea community is packed with action and romance. Telegraph India
- ↑ Asomiya Pratidin
- ↑ The Dainik Janambhumi
- ↑ Amar Asom
- ↑ বিৰাজ বৰুৱা. (১১ ডিচেম্বৰ ২০১৮). আই মোক সজাই দে ৰণলৈ... আমাৰ অসম. পৃ. ১৬ পৃষ্ঠা
- ↑ Jayanta Nath
- ↑ ভূপেন হাজৰিকাকে ধৰি আশা ভোশলে, চনু নিগমৰ সংগীত পৰিচালক জয়ন্ত নাথ. Rupaliparda
- ↑ Release "Best of Jayanta Nath" by Jayanta Nath - MusicBrainz. MusicBrainz
- ↑ Release "Buku Bhori" by Jayanta Nath - MusicBrainz. MusicBrainz
- ↑ Rickshawala (1993). IMdb
- ↑ Hriday Kapowa Gaan. IMDb
- ↑ Karma Ke Rati. IMDb
- ↑ জয়ন্ত নাথলৈ সুধাকণ্ঠ বঁটা. NEFocus
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত নাথ” প্ৰবন্ধৰ সংশোধন ৪৪৯৫২৯ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।